পৃষ্ঠা:কথা-গীতা.djvu/৪৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


| ( ১৭)। পৰীক্ষিত নাৰায়ণ আৰু লক্ষ্মীনাৰায়ণৰ মাজত যুজ লাগে আৰু সেই যুজত লক্ষ্মীনাৰায়ণ হাৰি দিল্লীৰ মছলমান পাংচাৰ শৰণাগত হয়। আকবৰনামা মতে লক্ষ্মীনাৰায়ণে ১৫১৬ ইংৰাজী চনত বা ১৫১৮ শকত মছলমান পাচাৰ শৰণাগত হয়। সেই আপাহতে দিল্লীৰ পাচাই যুত জিকি পৰীক্ষিতক ধৰাই নি তেওঁৰ পেল দখল কৰে। দামোদৰ দেৱ তেতিয়া কোচবিহাৰত। দামোদৰ দেৱে এই কথা শুনি কলে :- “শুনি দামোদৰ দেৱে বুলি বচন। পৰীক্ষিত ৰাজ্যত অছয় যতজন। ৭৫৩ ইদানীক সবে আল্লা খোদাই বোলক।” ৰা-ৰা। ইয়াৰ পৰাও দেখা যায় যে দামোদৰ দেৱ কোচবিহাৰত ১৫১৮ কলৈকে জীবিত আছিল। সেইগুণে আমি ১৫২০ শককে দামোদৰ দেৱ স্বগী হোৱা শক বুলি স্থিৰ কৰিছোঁ। তেনেহলে ১৫২ কৰ 'হাগ মাহৰ শুক্লা প্ৰতিপদ তিথিত তেখেতে দেহ এৰে আৰু তাৰ অলপ আগতে অৰ্থাৎ ১৫১৯ শকত ভট্টদেৱক পাটবাউসী সত্ৰৰ অধিকাৰ পদত বৰণ কৰে। তেওঁৰ ভতিজাক কৃষ্ণদেৱক অধিকাৰ ভাৰ নিদিয়া দেখি তেওঁ খং কৰি পাটবাউসী এৰি পোমৰা সত্ৰ স্থাপন কৰি থাকিল গৈ। ভট্টদেৱৰ বংশই ১৫১৯ শকৰে পৰা আজিলৈকে পাটবাউসীত অধিকাৰ হৈ আহিছে; ওপৰত দিয়া পুৰুষ-নামাৰ পৰাই তাক ভালকৈ বুজা যায়। অধিকাৰ হৈ পাটবাউসী সত্ৰৰ গৌৰৱ আগৰ ৰেই আটুট ৰাখি ভট্টদেৱ অনেক বছৰ সেই ঠাইতে আছিল। দামোদৰ দেৱৰ দিনত পাটবাউসী সত্ৰৰ ভকতবিলাক “অসঙ্গ” অৰ্থাৎ উদাসীন আছিল। ভট্টদেৱে কোনো কোনো ভকতৰ চিত্ত বিচলিত হোৱা যেন দেখি, এনেকুৱা গাৰ বন্ধেৰে কৰা ব্ৰহ্মচৰ্য্যহীন উদাসীন প্ৰথাৰ ফল শেষত অতি বষম হব বুলি ভাবি, ভকতবিলাকক আশ্ৰমী হবলৈ আদেশ কৰিলে-