পৃষ্ঠা:কথা-গীতা.djvu/১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
(৩)

আৱশ্যক। আমাৰ দেশত প্ৰচলিত বৈষ্ণৱ ধৰ্ম্মৰ ভেটি হৈছে গীতা আৰু ভাগৱত। বোধ কৰো সকলোৱে স্বীকাৰ কৰিব যে আজিকালি ধৰ্ম্ম শিক্ষাৰ ব্যাঘাত হোৱাত, আমাৰ দেশত প্ৰচলিত বৈষ্ণৱ ধৰ্ম্মত অনেক আবৰ্জ্জনা গোট খাইছে; সেই আবৰ্জ্জনাবোৰ দূৰ কৰিবলৈ গীতাৰ পবিত্ৰ আৰু উদাৰ শিক্ষাৰ বিশেষ আৱশ্যক। অনেক মানুহৰ ধাৰণা যে গীতাৰ শিক্ষা বৰ্ত্তমান যুগৰ মানুহৰ জীৱনৰ উপযোগী নহয়। আন কথা কবৰ সকাম নাই, এখন বৈষ্ণৱধৰ্ম্ম প্ৰচাৰৰ কেন্দ্ৰস্বৰূপ প্ৰধান থানত, এজন উদাসীন উঠন ভকতৰ মুখত গীতাৰ বিষয়ে মতামত শুনি আমাৰ হহাঁকন্দাৰ মেল হৈছিল। বৰাগী হৈ যোৱাৰ ভয়ত হেনো অনেক উদাসীন ভকতে গীতা নপঢ়ে আৰু সেই ভয়তে হেনো আজিকালি অনেক উদাসীন সত্ৰত গীতা পাঠ কৰা নহয়। কথাতো সঁচা হলে ইয়াত কৈ আৰু কিবা ডাঙ্গৰ বেজাৰৰ কথা আছেনে! গীতাৰ শিক্ষা প্ৰচাৰৰ দ্বাৰায়ে এইবোৰ কুসংস্কাৰ দূৰ নকৰিলে আৰু কৰিবৰ আন উপায় নাই।

 এইবিলাক উদ্দেশ্য আগত লৈ আমি এই কিতাপখনি প্ৰকাশ কৰিলোঁ। কিতাপ খনিৰ পাঠ যিমান দূৰ পৰা যায় শুদ্ধ কৰিবৰ নিমিত্তে আমি তলত লিখা পুথি কেইখন ভালকৈ ৰিজাই এই সংস্কৰণ যুগুত কৰিছোঁ।

 (১) নগাঁৱৰ পুথি। এইখন এখন অতি পুৰণি সাঁচীপতীয়া পুথি। শ্ৰদ্ধাস্পদ বন্ধু শ্ৰীযুত ব্ৰহ্মকান্ত গোস্বামীয়ে এই পুথিখন সংগ্ৰহ কৰি দিছিল। এই পুথিখনত নকল কৰা শক নেথাকিলেও, তাৰ আখৰ আৰু লিখাৰ ঠাঁচ দেখি অনুমান কৰিব পাৰি যে এই পুথি অন্ততঃ ২৫০ বছৰৰ আগেয়েই লিখা হৈছিল। সাঁচীপাত বিলাকৰ সৰহ ভাগকে পোকে খাই থকাসৰকা কৰাত অনেক ঠাইত আখৰ পঢ়িব নোৱৰা হৈছে। এই পুথি কোনোবা সংস্কৃত নজনা মানুহে লিখা হব পায়; সেই