পৃষ্ঠা:কথা-গীতা.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৫ )

সন্ন্যাসীৰ ভক্তি-ৰত্নাৱলীৰ অসমীয়া কথা কৰিছিল, কাজেই তেওঁ সেই পুথিৰ পৰা অনেক সহায় পাইছিল ভাবিব পাৰি কিন্তু ৰত্নাৱলীৰ লগত ভক্তিবিবেকৰ এক বিষয়ত বিশেষ অমিল ভক্তিবিবেক।দেখিবলৈ পোৱা যায়। বিষ্ণুপুৰিয়ে ৰত্নাৱলীত কেৱল ভাগৱতৰ পৰাহে শ্লোক উদ্ধাৰ কৰিছে কিন্তু ভট্টদেৱে ভক্তিবিবেকত ভাগৱতত বাহিৰেও অনেক পুৰাণৰ পৰা শ্লোক উদ্ধাৰ কৰিছে আৰু তাত বাজেও তেওঁ ৰুদ্ৰযামল, বিষ্ণুযামল, আদি শাস্ত্ৰৰ পৰাও প্ৰমাণ উদ্ধাৰ কৰিছে। এঠাইত ঋগ্বেদৰ পৰাও ঋক্‌ উদ্ধাৰ কৰা দেখা যায়। ভট্টদেৱে এই গ্ৰন্থ ১৫৪৩ শকত লিখে। তেওঁ পুথিৰ শেষত এই দৰে ভণিতা দিছে :—

শ্ৰীমদ্দামোদৰবৰ সদোমণ্ডপেসাধুযুষ্টে
তিষ্ঠন্ শ্ৰীকৃষ্ণদিষ্টাত্তদনুগতৰতৌ সৰ্ব্বশাস্ত্ৰাণুসাৰাৎ।
শ্ৰীমদ্ভক্তিববেকগ্ৰন্থমকৰোৎ শাকেষুগ্নিবেদেষুভিশ্চন্দ্ৰে
মাঘদিনে দিনেশদিবসে তেনৈবতুষ্যেদ্ধৰিঃ ॥ ভ, বি৷

 ভক্তিবিবেকত বাজে তেওঁ আৰু এখন সংস্কৃত পুথি লেখি থৈ গৈছে তাৰ নাম শৰণ সংগ্ৰহ৷ এইখনো এখন ভক্তি শাস্ত্ৰ আৰু তাত শৰণৰ উদ্দেশ্য, অৰ্থ আৰু প্ৰণালী বিশদৰূপে বৰ্ণনা শৰণ সংগ্ৰহ৷কৰা আছে।

 এই কেইখনত বাহিৰেও ভট্টদেৱে আৰু কেইবাখনো সৰু সৰু গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। তেওঁ বিষ্ণুপুৰি সন্ন্যাসীৰ ভক্তি-ৰত্নাৱলী অসমীয়া গদ্যত অনুবাদ কৰি গৈছে। সাত্বত তন্ত্ৰ বুলি আন আন গ্ৰন্থ৷ এখনি অতি উপাদেয় বৈষ্ণৱ ধৰ্ম্ম বিষয়ে সংস্কৃত পুথিৰো তেওঁ এখন অসমীয়া অনুবাদ কৰি থৈ গৈছে বুলি শুনা গৈছে। তাত বাজেও দামোদৰ-ব্যাখ্যান আদি আৰু কেইখনমান তেওঁ কৰা