পৃষ্ঠা:কথা-গীতা.djvu/৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ২০ )

দুতয় ৰাজ্যৰ, ভকতি পন্থৰ,
 ভট্টদেৱ দণ্ডধাৰী।
যত মেধীগণ, আছে স্থানে স্থান,
 সমস্তৰে অধিকাৰী॥”

 ভট্টদেৱে যে মানুহৰ ওচৰত ইমান সম্মান আৰু প্ৰতিপত্তি লাভ কৰিছিল তাৰ কাৰণ আছিল, তেওঁৰ পাণ্ডিত্য৷ অসাধাৰণ পাণ্ডিত্য আৰু আদৰ্শ ধৰ্ম্মজীবন। তেওঁক সেইকালৰ মানুহে পাণ্ডিত্যৰ নিমিত্তে ব্যাসৰ সৈতে তুলনা কৰিছিল; আন কি দামোদৰ দেৱে তেওঁক কৈছিল :—

“শুনা কবিৰত্ন তুমি ব্যাস সমসৰ।
তুমি মোৰ বান্ধৱ অপৰ দামোদৰ॥”
“যাতে তুমি সম পণ্ডিত গহন,
  ইতো যে দেশত নাই।”

 তেওঁক সকলোৱে একবাক্যে আমাৰ দেশৰ সেইকালৰ এজন অদ্বিতীয় পণ্ডিত বুলি স্বীকাৰ কৰিছিল।

“পণ্ডিত গহন, প্ৰচণ্ড পৰম,
 যাক সম নাহি কেৱ ।
পদ পদাৰ্থত, জোৰন্তা নাহিক
 সাক্ষাতে যে ব্যাসদেৱ ॥
মহা সন্তধীৰ, গুণৰ মন্দিৰ,
 পণ্ডিতৰ শিৰোমণি॥”

 তেওঁৰ পাণ্ডিত্যৰ খ্যাতি যে আমাৰ দেশতে সীমাবদ্ধ আছিল তেনে নহয়; আন দেশৰ পণ্ডিতবিলাকেও তেওঁৰ ওচৰত বাদ কৰিবলৈ আহিছিল:—