পৃষ্ঠা:কথা-গীতা.djvu/৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ২৫ )

প্ৰায় ১৪৮০ শক হয়। দুই লেখৰ ভিতৰত যি ১০ বছৰৰ তাৰতম্য হয় তাক ধৰিব লগীয়া নহয়। তেওঁ জনশ্ৰুতি মতে চাৰি কুড়ি বছৰ জীয়াই আছিল। তেনেহলে তেওঁৰ মৃত্যু শক প্ৰায় ১৪৮০+৮০ = ১৫৬০ হয়। তেওঁ ১৫৪৩ শকত ভক্তিবিবেক শেষ কৰে আৰু ককায়েকৰ নাতিয়েক ৺ভানুদেৱ বিদ্যাবিশাৰদক পাটবাউসী সত্ৰৰ অধিকাৰ পতাৰ পাচতহে দেহ এড়ে, কাজেই তেওঁ চাৰি কুড়ি বছৰ জীয়াই থকা একো অসম্ভৱ নহয়।

 সামৰণিত কবলৈ বিশেষ একো নাই। ভট্টদেৱৰ এইখন এখন নিচেই ছুটি আৰু মুঠ জীবনী৷ ইয়াকে সামৰণি৷  বহলাই আলোচনা কৰিলে আমাৰ ভাষাত এখন মূল্যবান কিতাপ হব পাৰে।  অসমীয়া গদ্য সাহিত্যৰ সৃষ্টিকৰ্ত্তা ভট্টদেৱ এজন অসাধাৰণ মহাপুৰুষ আছিল। যি সময়ত ভাৰতবৰ্ষৰ প্ৰায় কোনো ঠাইতে মানুহে গদ্য ভাষাত গ্ৰন্থ ৰচনা নকৰিছিল, সেই সময়ত ভট্টদেৱে গীতা ভাগৱত আদি অনেক পুথি অসমীয়া গদ্যত লিখি অসমীয়া ভাষাৰ অশেষ উপকাৰ কৰি গল। তেওঁৰ সেই উপকাৰৰ ধাৰ অসমীয়া জাতিয়ে কেতিয়াও সুজিব নোৱাৰে। তেওঁ ১৪৮০ শকত অসমৰ সাহিত্য আকাশত উদয় হৈ প্ৰায় চাৰি কুড়ি বছৰ অসমত জ্ঞানৰ পোহৰ বিলাই ১৫৬০ শকত অস্ত গল। তেওঁ অস্ত গল হয় কিন্তু তেওঁৰ প্ৰতিভাৰ বিমল কিৰণে অসমীয়া ভাষা আৰু সাহিত্যক আজিও জিলিকাই ৰাখিছে আৰু যতদিন এই ভাষা আৰু সাহিত্য জগতত থাকিব ততদিন তেওঁৰ প্ৰতিভাৰ পোহৰতে সি জিলিকি থাকিব।