পৃষ্ঠা:কথা-গীতা.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৮ )

পুথিবিলাক ৰচনা কৰিছিল, সেই বিষয়ে অনেক প্ৰমাণ আছে। যেনে,

প্ৰভুৰ আজ্ঞায়ে  বাৰ কন্ধ ভাঙ্গি
 কথাৰূপ কৰিলন্ত।
গীতা ৰত্নাবলী,  কথাৰূপে তাকো,
 কৰিলন্ত বিৰচন ॥
স্ত্ৰী শূদ্ৰ শিশু সমস্তে বুঝয়
 পঢ়ন্তে নাহি দূষণ ॥ ৯২৭ —ৰা-ৰা।

আন এঠাইত আছে :-

প্ৰভু দামোদৰৰ আজ্ঞায়ে মহাশন্ত।
শ্লোক ভাঙ্গি ভাগৱত কথা কৰিলন্ত ॥
অবিৰোধে স্ত্ৰী শূদ্ৰ চাণ্ডালে পঢয় ।
সঙ্খেপিয়া কথাৰূপ কৈলা মহাশয়॥ ৯৪২ ৰা–ৰা।


 ইয়াত বাজেও ভট্টদেৱ লিখা পুথিবিলাকৰ ঠায়ে ঠায়ে তেওঁ সেই কথা গৌৰবেৰে উল্লেখ কৰিছে। কি এক অপূৰ্ব্ব মাহেন্দ্ৰ ক্ষণত, অসম দেশৰ ভাগ্য আকাশত এই মহাপুৰুষ দুজনৰ সংযোগ হৈছিল, যাৰ ফলত আজি অসমীয়া জাতিয়ে পৰম গৌৰবেৰে জগতত অসমীয়া গদ্য সাহিত্য সম্পদৰ ঘোষণা কৰিব পাৰিছে। ভট্টদেৱ তেওৰ সময়ৰ এজন বিখ্যাত সংস্কৃত পণ্ডিত আহিল, আৰু সেই সময়ত গ্ৰন্থ ৰচনা কৰিলে পদ্যত ৰচনা কৰাহে ৰীতি আছিল; এনেস্থলত ভট্টদেৱে যে গীতা ভাগৱত আদি গ্ৰন্থ অসমীয়া গদ্যত অনুবাদ কৰিলে, সি কেৱল দামোদৰ দেৱৰ বিশেষ অনুৰোধত। সেইগুণে অসমীয়া গদ্য সাহিত্যৰ সৃষ্টি কাৰ্য্যত ভট্টদেৱ যন্ত্ৰ মাথোন, দামোদৰ দেৱ হে যন্ত্ৰী। জগতত অসমীয়া ভাষা থাকে মানে, এই দুজন মহাপুৰুষৰ অক্ষয় কীৰ্ত্তি খিলঞ্জিয়া হৈ জলি থাকিব আৰু তেওঁবিলাকৰ শুভমিলনে, অসমীয়া সাহিত্য