পৃষ্ঠা:কথা-গীতা.djvu/২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৴০

কাণ্ড হৈছে। প্ৰত্যেক কাণ্ডতে কৰ্ম্ম ভক্তি আৰু জ্ঞানৰ কথা থাকিলেও, আগৰ কাণ্ডত কৰ্ম্ম, মাজৰ কাণ্ডত ভক্তি আৰু শেহৰ কাণ্ডত জ্ঞানৰ বিষয়ে বিশেষকৈ কোৱা হৈছে। জ্ঞান আৰু কৰ্ম্মক বেলেগকৈ ধৰিবলৈ গলেহে তাৰ ভিতৰত বিৰোধ উপস্থিত হয় আৰু এই বিৰোধৰ পৰাই যত বাদবিতণ্ডাৰ সৃষ্টি। এই বিৰোধৰ সামঞ্জস্য স্থাপন কৰিবৰ নিমিত্তেই গীতাই কৰ্ম্ম আৰু জ্ঞানৰ মাজত ভক্তিক স্থাপন কৰিছে, যেনে কৰ্ম্ম+ভক্তি+জ্ঞান। ভক্তি শূন্য কৰ্ম্মই হৈছে সকাম কৰ্ম্ম আৰু ভক্তিযুক্ত কৰ্ম্মই হৈহে নিষ্কাম কৰ্ম; ভক্তশূন্য জ্ঞানৰ ফল অহঙ্কাৰ আৰু জ্ঞান শূন্য ভক্তিও অন্ধ-বিশ্বাস। যোগিনী তন্ত্ৰৰ এঠাইত মহাদেবে পাৰ্ব্বতীক কৈছে:—

“কৰ্ম্মণা লভতে ভক্তিংভক্ত্যা জ্ঞানমৃপালভেৎ।
জ্ঞনান্মুক্তিম্মতা তেবি সত্যং সত্যং ময়োচ্যতে॥”

সেই গুণেই গীতাই ভক্তক কৰ্ম্ম আৰু জ্ঞানৰ মাজত ৰাখি এটাই কেইটা মাৰ্গৰ সামঞ্জস্য স্থাপন কৰি জীৱৰ উপায় নিৰ্দ্দেশ কৰিছে।

 আমি ওপৰত ত্যাগৰ কথা কৈ আহিছো৷ গীতা কেনে ত্যাগ শিক্ষা দিছে তাক এবাৰ ভাবি চোৱা যাওক। ত্যাগ আয্য শিক্ষাৰ আদেশ আৰু আৰ্য্য নীতিৰ প্ৰধান অঙ্গক (ভাগশূন্য ত্যাগৰ একো অৰ্থগীতাৰ ত্যাগ। নাই। সেই গুণে ভোগৰ নিমিত্তে যত্নশীল নহৈ ত্যাগ মন্ত্ৰৰ অভ্যাস কৰিবলৈ যোৱা অসম্ভৱ৷ ত্যাগৰ শিক্ষা হব লাগিব ভোগৰ ভিতৰত। তোমাৰ যেনিবা একোৱেই নাই ত্যাগ কৰিবা কি? যি মানুহৰ ঘোড়াগাড়ী থাকোঁতেও থোজকাঢ়ি গৈছে, তেওঁ ত্যাগ অভ্যাস কৰিছে সঁচা কিন্তু যাৰ ঘোড়াগাড়ী নাই তেওঁ খোজকাঢ়ি নগৈ বা কি কৰিব। তেওঁ খোজকাঢ়ি যোৱাত ত্যাগৰ শিক্ষা কেনেকৈ হব। সেই গুণে সংসাৰত ভোগৰ নিমিত্তে চেষ্টিত হৈ ত্যাগ শিকিবলৈ অভ্যাস কৰাহে গীতাৰ অভিপ্ৰায় আৰু সেই