পৃষ্ঠা:কথা-গীতা.djvu/১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
(২)

ছপা কৰি উলিয়াই নিজকে ধন্য মানে, অথচ তেনে কিতাপৰ পৰা আমাৰ সাহিত্যৰ যে কি উপকাৰ হয় তাক এবাৰো ভাবি নেচায়। এইবোৰ বড় আক্ষেপৰ কথা নহয়নে? সকলো অসমীয়া সাহিত্যসেৱকে কথাটো এবাৰ গমি চোৱা উচিত।

 এই পুথি ছপোৱাৰ আৰু এটা কাৰণে হৈছে অসমীয়া ৰাইজক দেখুওবা যে আমাৰ ভাষা আৰু সাহিত্য আগৰ দিনত কেনে চহকী আছিল। ভাৰতবৰ্ষৰ অতি কম দেশী ভাষাইহে পুৰণি গদ্য সাহিত্যৰ গৌৰৱ কৰিব পাৰে। আন কি আজিকালি সাহিত্য-সম্পদত অতি চহকী বঙ্গালী ভাষাতো ইংৰাজৰ আমোলত ১৮৮৩ খৃষ্টাব্দত ৺ৰামৰাম বসুএ লিখা প্ৰতাপাদিত্যই প্ৰথম গদ্যৰ কিতাপ। অথচ যি অসমীয়া ভাষাক এটা বেলেগ ভাষা বুলি প্ৰমাণ কৰিবলৈকে এশ বছৰ তুমুল যুদ্ধ কৰিব লগীয়া হৈছিল, সেই অসমীয়া ভাষাত ৩০০ বছৰৰ আগেয়ে গীতা ভাগৱতৰ নিচিনা গভীৰ দাৰ্শনিক তত্ত্বৰ গ্ৰন্থবিলাক সৰল আৰু সুললিত অসমীয়া গদ্যত ৰচিত হৈছিল ই অসমীয়া জাতিৰ আৰু ভাষাৰ পক্ষে কম সৌভাগ্য আৰু গৌৰৱৰ কথা নহয়।

 আৰু এটা কাৰণ হৈছে আমাৰ মানুহৰ মাজত গীতাৰ মহৎশিক্ষা প্ৰচাৰ কৰা। গীতা এখন জগৎবিখ্যাত দৰ্শন শাস্ত্ৰ। পৃথিবীৰ সকলো দেশৰ ডাঙ্গৰ ডাঙ্গৰ পণ্ডিতবিলাকে এই শাস্ত্ৰত মানুহৰ জীৱনৰ অতি জটিল সমস্যাবিলাকৰ সিদ্ধান্ত দেখি একে আষাৰে ইয়াক এখন অতি শ্ৰেষ্ঠ আৰু আদৰণীয় পুথি বুলি স্বীকাৰ কৰিছে আৰু সকলো সভ্য আৰু শিক্ষিত জাতিয়ে এই পুথিক নিজ নিজ দেশৰ ভাষাত অনুবাদ কৰি পঢ়ি তাত গভীৰ দাৰ্শনিক তত্ত্ববিলাকৰ সুন্দৰ মীমাংসা দেখি বিস্ময় মানিছে। আমাৰ পূৰ্ব্ব পুৰুষবিলাকেও ৩০০|৪০০ বছৰৰ আগেয়েই ভালকৈ বুজি ছিল যে গীতাৰ মহৎ শিক্ষা আমাৰ মানুহৰ মাজত প্ৰচাৰ কৰা বড়