পাটবাউসী সত্ৰত বহাগ মাহৰ শুক্লা প্ৰতিপদ তিথিত দামোদৰ দেৱৰ বৈকুণ্ঠ যাত্ৰা উপলক্ষে বছৰি এটা দামোদৰ দেৱৰ তিথি৷ বড় ডাঙ্গৰ মহোৎসৱ হৈছিল। তাত প্ৰায় বছৰি কুড়ি হাজাৰ মানুহ গোট খাইছিল। ভট্টদেৱে এই উৎসৱৰ সকলো খৰচ নিজে কৰিছিল।
“মহোৎসৱ কালে, একস্থান হোৱে,
বিংশতি হাজাৰ নৰ ॥ ৯২৪
মেধী মহাজন, ব্ৰাহ্মণ সজ্জন,
সবে হোৱে একস্থান।
প্ৰভু ভট্টদেৱ, সমস্তকে দেস্ত,
চাৰিবিধ অন্ন পান ॥
ওজা পালী নট, নটুৱা বিয়াস,
ব্ৰাহ্মণ যতেক যান্ত।
দানে মানে সম- স্তকে সন্তোষিয়া,
বিদায় দিয়া পঠান্ত ॥”
মহোৎসৱ শেষ হবৰ দিনা ভট্টদেৱে তাত গোট খোৱা সকলো মেধীৰ মহলা লৈছিল। প্ৰতিজন মেধীকে ভাগৱতৰ ২৷৩ শ্লোক ব্যাখ্যা কৰিবলৈ দিছিল আৰু তেওঁবিলাকক যোগ্যতা অনুসাৰে অৰিহনা দি বিদায় দিছিল। সেই সময়ত অসম আৰু কোচবিহাৰত ধৰ্ম্ম সম্বন্ধে সকলো কথাতে সকলো মানুহে ভট্টদেৱৰ মতকে গ্ৰহণ কৰিছিল:-
“অসম ৰাজ্যৰ, পৰা বেহাৰৰ,
সীমা কৰি কামৰূপ।
ভট্টদেৱ আজ্ঞা, বাধন্তা নাহিকে,
যেন চক্ৰবৰ্ত্তী ভূপ। ৯২৮