অসম দেশৰ উজনি অঞ্চলত পিঙ্গলা নামে এখন গাঁও আছিল। সেই গাঁৱতে “বড়ওঝা” নামে পৰাশৰ বংশ পৰিচয়৷ গোত্ৰৰ এজন পণ্ডিত ব্ৰাহ্মণ আছিল। তেওঁৰ ঘাই নাম প্ৰিয়োত্তম আছিল। তেওঁ এজন বড় নামজলা পণ্ডিত আছিল আৰু অনেক ঠাইৰ পৰা ছাতৰ আহি তেওঁৰ ছাতৰশালীত পঢ়িছিল হি। তেওঁ বড় ডাঙ্গৰ পণ্ডিত আছিল বাবে তেওঁক সকলোৱে “বড়ওঝা” বুলিছিল:-
“আপুনি পণ্ডিত বহু শাস্ত্ৰক পঢ়াইলা।
সি কাৰণে তান নাম “বড়ওঝা” ভৈলা॥”
বড়ওঝাৰ এটি পুত্ৰ জন্মে আৰ পঢ়ি শুনি তেওঁ বড় পণ্ডিত হোৱাত, তেওঁ শ্ৰীচন্দভাৰতী বুলি খ্যাত হয়। শ্ৰীচন্দ্ৰভাৰতী তেওঁৰ নাম নহয়, উপাধি হে। আমাৰ সাহিত্যৰ বঘাসুৰ-বধ আদি কাব্য লিখোঁতাও শ্ৰীচন্দ্ৰভাৰতী বা অনন্ত কন্দলী আছিল। কোনেও আকৌ এই জনকে সেই জন বুলি যেন ভুল নকৰে। কোনো কাৰণত শ্ৰীচন্দ্ৰভাৰতীয়ে পিঙ্গলা গাঁও এৰি, কামৰূপৰ ভেড়াগ্ৰামলৈ উঠি আহে। এই ভেড়াগাঁও, বড়পেটা মহকুমাৰ বড়নগৰৰ ভিতৰত আছিল। আজিকালি ভেড়াগাঁৱৰ |৫ মাইলৰ ভিতৰতো জনপ্ৰাণী নাই; বেঁকী নৈৰ উৎপাতত তাৰ পৰা কেতিয়াবাই মানুহ-দুনুহ উঠি গৈছে। একালত যে ভেড়াগাঁও এখন ৰৰৈয়া গাওঁ আছিল, তাৰ সাখীস্বৰূপে সেই ঠাইত আজিকালি কেই জোপামান পুৰণি ডাঙ্গৰ গছ মাথোন ঠিয় দি আছে। এই ভেড়াগাঁৱত বসতি কৰাৰ কিছুকালৰ পাচত শ্ৰীচন্দ্ৰভাৰতীৰ এটি পুত্ৰ জন্ম হয়। কালক্ৰমে সেই লৰাই লিখা-পঢ়া শিকি এজন নামজলা ডাঙ্গৰ পণ্ডিত হয় আৰু তেওঁ কবিসৰস্বতী নামে খ্যাত হয়। কোনো কোনোৱে কয় যে তেওঁৰ আচল নাম পুৰুষোত্তম হে আছিল, কবিসৰস্বতী তেওৰ খিতাপ হে আছিল। সি যি কি নহওক কবিসৰস্বতী এজন অতি ধীৰ আৰু শান্ত প্ৰকৃতিৰ লোক আছিল আৰু এজন প্ৰসিদ্ধ বৈদান্তিক