সমললৈ যাওক

পৃষ্ঠা:কথা-গীতা.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিলাকৰ ভিতৰত নিহিত আছে, ভাৰতবৰ্ষৰ পণ্ডিতবিলাকে গীতাক সেই সকলো উপনিষদৰ সাৰ পদাৰ্থ বুলি স্বীকাৰ কৰিছে।

সৰ্ব্বোপনিষদো গাবো দোগ্ধা গোপালনন্দনঃ।
পাৰ্থোবৎসঃ সুধীৰ্ভোক্তা দুগ্ধং গীতামৃতং মহৎ॥

গীতা সকলো আৰ্য্য জ্ঞানৰ আকৰ বাবেই আগৰ কালৰ ঋষিসকলে একবাক্যে স্বীকাৰ কৰিছিল, যে ভগৱানৰ মুখপদ্মৰ পৰা বাজ হোৱা গীতা ভালকৈ পঢ়িলে বহু শাস্ত্ৰ পঢ়াৰ কোনো আৱশ্যক নাই।

গীতা সুগীতা কৰ্ত্তব্যা কিমন্যৈঃ শাস্ত্ৰ বিস্তৰৈঃ।
যা স্বয়ং পদ্মনাভস্য মুখপদ্মবিনিসৃতা॥

ভট্টদেবেও গ্ৰন্থৰ সূচনাত সেই কথাকে সমৰ্থন কৰি লিখিছে :–“পুৰুষে গীতাক মাত্ৰ শ্ৰবণ কীৰ্ত্তন স্মৰণ কৰিব, আন শাস্ত্ৰ বিস্তৰত কি প্ৰয়োজন, যি গীতা ভগৱন্তৰ মুখপদ্মত ব্যক্ত হুয়া আছা।” ভগৱান শ্ৰীকৃষ্ণে নিজে কৈছে “গীতা মে হৃদয়োপাৰ্থ।” শ্ৰীকৃষ্ণ হৈছে ভাৰতবৰ্ষৰ আত্মস্বৰূপ আৰু হিন্দু জাতিৰ সৰ্বস্ব ধন। সেই কৃষ্ণৰে হৃদয় হৈছে কি নে গীতা!

 গীতাৰ ওচৰত ভাৰতবৰ্ষ যে কিমান ঋণী তাক কৈ শেষ কৰিব নোৱাৰি। যেতিয়া বৌদ্ধ ধৰ্ম্মৰ প্ৰাদুৰ্ভাবৰ সময়ত গোটেই খন ভাৰতবৰ্ষ প্ৰায় বৌদ্ধ ভাবাপন্ন হৈ উঠিছিল আৰু গীতাৰ ওচৰত ভাৰত ঋণা।যেতিয়া বৌদ্ধ ধৰ্মৰ খুন্দাত ভাৰতৰ আৰ্য্যধৰ্ম্ম মৃতকল্প হৈ উঠিছিল, তেতিয়া ভগৱান শঙ্কৰাচাৰ্য্যে প্ৰধানকৈ গীতাৰ সহায়তে, ভাৰতভূমিত আৰ্য ধৰ্মৰ পুনৰ প্ৰতিষ্ঠা কৰে। গীতা সনাতন ধৰ্মৰ মৃত সঞ্জীবনী মন্ত্ৰ। যেতিয়া ইউৰোপীয় জাতিবিলাকে প্ৰথমতে ভাৰতবৰ্ষত প্ৰাধান্য লাভ কৰে তেতিয়া তেওঁবিলাকৰ মনত এই দেশৰ হিন্দু জাতি সম্বন্ধে অনেক কুসংস্কাৰ আছিল। তেওঁবিলাকে ভাৰতবৰ্ষৰ আৰ্য জাতিটোক