পৃষ্ঠা:কথা-গীতা.djvu/১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


(৬) দ্বিতীয় সংস্কৰণ। এই কিতাপ প্ৰথম বাৰ প্ৰকাশ কৰোতে কেতিয়াও নেভাবিছিলো যে সি তিনি চাৰি মাহৰ ভিতৰতে বিক্ৰী হৈ যাব। তাৰ পাচৰ পৰা অনেক অসমীয়া আৰু বঙ্গালী ভদ্ৰলোেকে এই কিতাপৰ অনুসন্ধান কৰি আছে। কিতাপ নথকাত তেওঁবিলাকক দিব পৰা নাছিলোঁ। আগৰ বাৰত ৫• ০ কপি মাত্ৰ পোৱা গৈছিল, এই বাৰ ১০০০ কপি ছপপাৱা হৈছে। প্ৰথমবাৰ ছপা কবোৱাত বি বি বৰ্ণাশুদ্ধি দোষ আছিল তাক এইবাৰ শুদ্ধ কৰি দিয়া হৈছে। তথাপি বিদেশত ছপা হোৱাৰ বাবে ইয়াত যে বৰ্ণাশুকি দোষ নাই তাক ডাঠি কব নোৱাৰি। স্বৰ্গীয় ভোলানাথ বৰুৱা ডাঙ্গৰীয়াই এই সংস্কৰণ ছাপোৱাৰ গোটেই খিনি খৰচ দিবলৈ গাও তৈছিল আৰু তাৰ বাবে এশ টকা দিছিলো। কিন্তু দুৰ্ভাগ্যবশত তেখেতে অকালতে নৰ-নাট সামাৰিব লগীয়া হোৱাত তেখেতৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে, সকাল। ভগৱানব ইচ্ছা। তেখেতৰ আত্মাই যেন সদগতি লাভ কৰে এয়ে ঈশ্বৰৰ ওচৰত আমাৰ প্ৰাৰ্থনা। এই কিতাপৰ প্ৰথম সংস্কৰণ ৰাইজে যেনে মৰমৰ চকুৰে চাইছিল এই সংস্কৰণো যেন তেনে মৰমৰ চকুৰেই চাই এয়ে ৰাইজৰ ওচৰত আমাৰ গোহাৰি। ইতি- গুৱাহাটী।। হেমচন্দ্ৰ গোস্বামী ১৮৪৬ শক।।