শ্ৰীমন্ত শঙ্কৰদেৱ

ৱিকিউৎসৰ পৰা
[ বেটুপাত ]

শ্ৰীমন্ত শঙ্কৰদেৱ

10xp

শ্ৰী হৰিনাৰায়ণ দত্তবৰুৱা সাহিত্যৰত্ন
নলবাৰী : অসম

[ প্ৰথম পৃষ্ঠা ]


মহাপুৰুষ

শ্ৰীমন্ত শঙ্কৰদেৱ

 

শ্ৰীহৰিনাৰায়ণ দত্তবৰুৱা সাহিত্যৰত্ন

[ প্ৰকাশন ] প্ৰকাশক :
শ্ৰীমুনীন্দ্ৰনাৰায়ণ দত্তবৰুৱ৷ এম-এ
দত্ত বৰুৱা
নলবাৰী : অসম

 

২য় সংস্কৰণ
১৯৫৫
মূল্য—॥০ অনা


 

উমা প্ৰেছ, নলবাৰীত—
শ্ৰীযোগেশচন্দ্ৰ গোস্বামীৰ
দ্বাৰা মুদ্ৰিত।

[  ]

মহাপুৰুষ

শ্ৰীমন্ত শঙ্কৰদেৱ

[ চমু জীৱন চৰিত ]

⸻:০:⸻

 আজিও যি মহাপুৰুষৰ নাম উত্তৰ-পূব ভাৰতৰ এমূৰৰপৰা আনমূৰলৈকে কোটি কোটি মানৱৰ আকুল প্ৰাণত ধ্বনিত

১ আৰম্ভণ

  হৈছে, আজি যাৰ গুণনাম গাৱেঁ গাৱেঁ আই

  মাতৃসকলে নানাসুৰে গাই আনন্দ কৰে আৰু বিশেষকৈ আলিপুখুৰী, গাংমৌ, বেলগুৰি, চিনপৰা, পাটবাউসী, বেহাৰ আদিৰ পৱিত্ৰ তৃণ, তৰু, চৰাই, চিৰকতি, পশুৱে আজিও যাৰ নাম স্মৰণত আনন্দাশ্ৰু বিসৰ্জ্জন কৰি আছে, আৰু যাৰ গুণ-কৰ্ম্ম ৰূপৰ মনোহৰ মূৰ্ত্তি ধ্যান কৰি আজিও ইমানবিলাক নাৰায়ণ মূৰ্ত্তি, কোটি কোটি ভক্তৰ পদৰেণুৰে পূত, সত্ৰ তীৰ্থবোৰত গোট খাই আনন্দ কৰে, তেওঁৰেই নাম লৈ জয় জয়তে “জয় গুৰু শঙ্কৰ” বুলি তেওঁৰে চমু জীৱন কথা আৰম্ভ কৰিলোঁ। [  ]  সনক সনাতন যোগীয়ে মহিমা নজনা, ত্ৰিজগতপতি অখিল ব্ৰহ্মাণ্ডৰ পালন কৰ্ত্তা যি দেৱাদিদেৱ, ব্ৰহ্মা, শিৱ, ইন্দ্ৰ আদিয়ে নিতে যাক সেৱা কৰে, চাৰি বেদত যাৰ চৰণ বিকাশিত, ত্ৰিভুৱন বন্দন দৈৱকীনন্দন যি হৰিয়ে ২ প্ৰণামকংসক বধ কৰিছিল, জগত কাৰণ আদিদেৱ নাৰায়ণেই শঙ্কৰ–ৰূপে অৱতীৰ্ণ বুলি যাক শ্ৰীশঙ্কৰৰ ছাঁৰ সদৃশ মহাপুৰুষ শ্ৰীমাধৱদেৱে ঘোষণা কৰি গৈছে, আমি আজি সেই আয়তলোচন, চন্দ্ৰবয়ন, গৌৰকলেৱৰ, দৰশিত সুন্দৰ, গহীন গম্ভীৰ, ধীৰমতি, সভাসদৰঞ্জন, সৰ্ব্বগুণাকৰ আমাৰ পৰম গুৰু, জগত গুৰু শ্ৰীমন্ত শঙ্কৰৰ চৰণত প্ৰণাম পোনতে জনালোঁ৷

 শ্ৰীমন্ত শঙ্কৰ আবিৰ্ভাৱ হয়— বৰ্ত্তমান নগাওঁ জিলাৰ আলিপুখুৰীত ১৩৭১ শকৰ আহিন মাহৰ শুক্লা দশমী তিথিত।

৩ শ্ৰীমন্ত শঙ্কৰৰ আবিৰ্ভাৱ আৰু
সেই সময়ৰ দেশৰ অৱস্থা

আবিৰ্ভাৱ হবৰ আজি ৫০০ বছৰৰো অতীত হৈ গল—কম দিন অতীত হোৱা নাই—প্ৰায় ষোল পুৰুষ আগতেই শ্ৰীমন্ত শঙ্কৰৰ এই দেশত আবিৰ্ভাৱ হৈছিল।

 প্ৰায় ৬ষ্ঠ শতিকাৰপৰা উত্তৰ ভাৰতত ভাগৱত ধৰ্ম্ম প্ৰচাৰিত হৈছিল আৰু পালবংশৰ ৰাজত্বৰ মাজ ভাগলৈকে আমাৰ ইয়াত বিষ্ণু আৰু শিৱ পূজা ঘাইকৈ চলিছিল। এই সময়ত এই দেশত বৌদ্ধমতাৱলম্বী লোকো থকাৰ প্ৰমাণ পোৱা যায়। কিন্তু একাদশ শতিকাৰ শেষ ভাগত দেশত শক্তি পূজাই প্ৰৱল হৈ উঠে। এই সময়ত চলা বৌদ্ধ মতত [  ] বিকৃততন্ত্ৰৰ মত সোমায় আৰু কিছুমান তান্ত্ৰিক বৌদ্ধ হৈ উঠে। বৌদ্ধদেৱী মহাপ্ৰতিচাৰাৰ পূজা বৌদ্ধৰ ভিতৰত চলিবলৈ ধৰে। ইয়াৰ উপৰি কিছুমান বৌদ্ধই, ভাগৱত শিক্ষা আংশিক পৰিমাণে লৈ পূৰ্ণধৰীয়া আদি সম্প্ৰদায় সৃষ্টি কৰে। এইবোৰকেই দেখি মহাপুৰুষ শ্ৰীমাধৱদেৱে লিখিছে—

অন্ন যোনি কিছু নকৰে বিচাৰ
জাতি কুল ভৈলা ভ্ৰষ্ট।
বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয়
বেদ পথ কৰি নষ্ট॥ (২৯৫, নামঘোষা)

 শ্ৰীশ্ৰীহৰিগুৰু চৰিত আহোম ৰজাৰ ওচৰত শ্ৰীশ্ৰীহৰিগুৰুৰ বিপক্ষে গোচৰ দিয়া সম্বন্ধে লিখিছে—

“কিবা মন্ত্ৰ কৰি মোহি আছে সৰ্ব্বজন।
টোপলীয়া ভাত নাখে—এহিসে কাৰণ॥”
(৭৭ দিবাকৰ দ্বিজ)

ৰামৰায় দ্বিজে শ্ৰীশ্ৰীদামোদৰ চৰিতত লিখিছে—

“ৰজত নাপিত ধোবা ক্ষত্ৰ বৈশ্য শূদ্ৰ।
ইত্যাদি জাতিৰ কিছু নাছিলন্ত ছিদ্ৰ॥
 X X  X
শিৱ দুৰ্গা গ্ৰামদেৱ পূজয় সতত।
হৰিভক্তি কৰন্তা নাহিকে ই ৰাজ্যত॥”

[  ] নাম-ঘোষাত আকৌ লিখিছে—

“শাস্ত্ৰৰ বিচাৰ  নাজানে ভকতি
 পৰমাৰ্থ অতি মূঢ়৷
হৰি কথা ছলে  কৰ্ণত কুমন্ত্ৰ
 কহয় কৰিয়া গূঢ়॥”২৯৭

 এই কালত দেশত ৰাষ্ট্ৰ-বিল্পৱো হৈছিল বহুতো; স্তম্ভ, পাল, খেন, ভূঞা, চুতিয়া, আহোম, কছাৰী, কোচ আদি বহুত ৰাজবংশৰ উত্থান-পতনৰ ফলত, আৰু ভাৰতৰ পশ্চিম ফালৰপৰা পাঠান-মোগলৰ হেঁচাত, পশ্চিম ভাৰতৰ বহুত মানুহ এই দেশলৈ আহিছিল, আৰু ইয়াৰ ফলত সামাজিক ৰীতি-নীতি, আৰু ধৰ্ম্মমতত নানা ঘাত-প্ৰতিঘাত হৈছিল।

 কিন্তু ইমান ৰাষ্ট্ৰ-বিল্পৱ আৰু ধৰ্ম্ম-বিল্পৱ হোৱা সত্বেও দেশত জ্ঞান চৰ্চ্চা বেচি কম হোৱা নাছিল। শ্ৰীমন্ত শঙ্কৰৰ ৪ জ্ঞান চৰ্চ্চা-ভগাৱত পাঠ পূৰ্ব্ব পুৰুষসকল নানা শাস্ত্ৰত পণ্ডিত আৰু সাধক আছিল। তেওঁৰ পিতামহৰ সমসাময়িক দৰঙ্গৰ ৰৌতাৰ সাগৰ কন্দলী, কপিলী-কোষৰ বাণী ঠাকুৰ, একোজনা বিখ্যাত ভাগৱতী পণ্ডিত আছিল।[১] শ্ৰীশঙ্কৰে, “পূৰ্ব্ব কবি অপ্ৰমাদী মাধৱ কন্দলী” বুলি উল্লেখ কৰা বৈষ্ণৱ মহাকবি জনাও, তেওঁৰ দুই তিনি পুৰুষৰ আগৰ– সম্ভৱতঃ “কদলী ৰাজ্যৰ” আছিল। বেদ বখনা বিজয়শঙ্কৰৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীও এই ৰাজ্যৰেই আছিল। মহাপুৰুষ মাধৱদেৱেও নাৰায়ণপুৰৰ ওচৰৰ পণ্ডিতৰ পৰা শ্ৰুতি-স্মৃতি আদি শাস্ত্ৰৰ জ্ঞান লাভ কৰিছিল। শ্ৰীশঙ্কৰৰ [  ] আন এজনা সঙ্গী, অনন্ত কন্দলীৰ পিতা ৰত্ন পাঠক এজনা সুপ্ৰসিদ্ধ ভাগৱতী পণ্ডিত আছিল। কন্দলীয়ে তন্ত্ৰীকুল-কমলৰ মধুকৰ দলৈৰ ভাগৱত প্ৰীতিৰ কথা বহুতো লিখি শেষত এইদৰে লিখিছে:—

“শ্লোক সংস্কৃতে আমি লিখিবাক ভাল জানি
তথাপি কৰিবো পদবন্ধ।
স্ত্ৰী শূদ্ৰ আদি যত জানোক পৰম তত্ত্ব
শ্ৰৱণত মিলয় আনন্দ।”
(১৭৮৫৭ শ্ৰীমদ্ভাগৱত)

 শ্ৰীমন্ত শঙ্কৰৰ সময়ত মহাৰাজ নৰনাৰায়ণৰ সভাত, পুৰুষোত্তম বিদ্যাবাগীশ, পীতাম্বৰ সিদ্ধান্তবাগীশ, কণ্ঠভূষণ আদি পণ্ডিতেৰে অলঙ্কৃত আছিল। গুৰু-চৰিতবোৰতো সৰস্বতী, কলাপ, কেশৰী, তৰ্কবিদ্যাপতি, আচাৰ্য, কন্দলী, মিত্ৰ, উপাধ্যায়, ভাৰতী, মিশ্ৰ, ভট্টাচাৰ্য্য, সাৰ্ব্বভৌম ভট্টাচাৰ্য্য আদি উপাধিৰ বহু পণ্ডিতৰ নাম দেখা যায়। এইবোৰৰপৰা প্ৰমাণ হয়—এই সময়ত, দেশৰ উচ্চ শ্ৰেণীৰ মাজত জ্ঞানৰ চৰ্চা আৰু মাজে মাজে ভাগৱতৰ আলোচনা আছিল। কিন্তু দেশত নানা অনাচাৰ আৰু ধৰ্ম্মৰ গ্লানি হোৱা দেখি, তেওঁলোকৰ বহুতে ভাগৱত-তত্ত্বৰ শাস্ত্ৰবোৰ নিজৰ ভিতৰতে আলোচনা কৰিছিল আৰু তাৰ ফলত জন সাধাৰণৰ মাজত পৰিবৰ্ত্তনৰ ভাব জাগি [  ] উঠিছিল।[২] এই সময়ত প্ৰায় গোটেই ভাৰতত আৰু ইউৰোপতো ধৰ্ম্মৰ গ্লানি হৈছিল; আৰু তাৰ ফলত ভাৰতৰ উত্তৰে হৰিব্যাস, দক্ষিণে ৰামানন্দ, পূবে শ্ৰীশঙ্কৰ আৰু চৈতন্যদেৱৰ আবিৰ্ভাৱ হয়। জাৰ্ম্মাণিতো মাৰ্টিন লুথাৰে উগ্ৰ কেথেলিক পোপৰ বিৰুদ্ধে থিয় দি গীৰ্জ্জাৰ কঠোৰ বান্ধোনৰপৰা মানুহক মুক্ত কৰে।

 নানা ঘাত-প্ৰতিঘাতত অতিষ্ঠ হোৱা পূৰ্ব ভাৰতীয় সমাজে পৰিবৰ্ত্তনৰ আশা কৰি থাকোঁতেই, ভগৱৎ মূৰ্ত্তি স্বৰূপ শ্ৰীশঙ্কৰৰ আবিৰ্ভাৱ হয়, আৰু তেওঁৰ মধুৰ বীণাৰ ঝঙ্কাৰত দেশবাশীৰ অন্তৰ ভগৱমুখী হয়। শ্ৰীশঙ্কৰৰ নাম দহটা—ডেকাগিৰী, শঙ্কৰ, গদাধৰ, মহাপুৰুষ, আচাৰ্য্য, সন্ত, মহন্ত, আতা, গোমস্তা আৰু জগন্নাথ।

 শ্ৰীমন্ত শঙ্কৰৰ শৈশৱ কালতেই পিতৃ কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাতৃ সত্যসন্ধ্যা আইৰ লোকান্তৰ ঘটে। পিতৃ ৫ শিশুলীলাশিৰোমণি ভূঞাৰ কাম, পিতামহ জয়ন্ত আৰু মাধৱে চলায় আৰু পিতামহী খেৰস্তুতী আয়ে শ্ৰীশঙ্কৰক লালন পালন কৰে। শ্ৰীশঙ্কৰে বাৰ বছৰ বয়সলৈকে উমলি কটায়। তেওঁ লগৰীয়া ৰামৰাম গুৰু আদিৰ সৈতে [  ] ধনু-কাৰ হাতত লৈ হাবিয়ে বননিয়ে ঘুৰি ফুৰে; হাবিত সোমাই বঁটা চৰাই ধৰি ধেমালি কৰে– পহুপোৱালী ধৰি আনি ৰং কৰে। কোনো কোনো দিন তেওঁলোকে ভালুকো খেদে। এসময়ত শুই থকা ভালুক এটাৰ ওপৰত শ্ৰীশঙ্কৰ উঠি চৰি ফুৰা কথাও চৰিতত আছে। তেওঁলোকে সময়ে সময়ে মাল যুঁজ কৰে, হাউ খেলে, আৰু পানীত নাদুৰে। কোনো দিন নাদুৰোঁতে শ্ৰীশঙ্কৰে পানীৰপৰা শিহুপোৱালী ধৰি আনি ধেমালি কৰি এৰি দিয়ে। এদিন লগৰীয়াৰ লগত ভাদ মহীয়া ভৰপূৰ ব্ৰহ্মপুত্ৰত সাতোঁৰোঁতে তেওঁ নৈ পাৰ হৈ, পুনৰ সাতুৰি যাত্ৰা কৰা ঠাইলৈ ঘুৰি আহে সকলোকে আচৰিত কৰে। এই সময়তেই কোনোবা দেশৰ এজন মাল অহাত শ্ৰীশঙ্কৰে তেওঁক পৰাস্ত কৰি খেদি পঠায়।

এইমতে—“যেবে ক্ৰীড়া কৰি ফুৰে শ্ৰীমন্ত শঙ্কৰ।
 দেখি বুঢ়ী আইৰ নসহে কলেৱৰ॥
 হাক ডাক নুশুনে ক্ৰীড়ন্তে দিন যায়।
 পণ্ডিতালিৰ চিন শঙ্কৰৰ দেখে নাই॥”
 (ৰামচৰণ)

ইয়াকে দেখি বুঢ়ী মাকে এদিন—
 “খেদি ধৰি মাৰি শঙ্কৰক ঘৰে আনি।
 তামৰ কলস গাৱে ঢালিলন্ত পানী॥

 তাৰ পাচত ভাত খাবলৈ দি—“নপঢ়স কিয় মোত কহ সাঁচে সাঁচে” বুলি পূৰ্ব্বপুৰুষৰ পণ্ডিতালিৰ কথা কৈ বুজনি [  ] দিয়াত, শঙ্কৰে—“পঢ়িবোহোঁ শাস্ত্ৰচয় ছাত্ৰশালে থৈয়ো” বুলি উত্তৰ দিলত, পিতামহ জয়ন্ত, মাধৱ, হলায়ুধ তিনিও শ্ৰীশঙ্কৰক লৈ গৈ মহেন্দ্ৰ কন্দলীৰ পঢ়াশালিত থৈ আহে।

 শ্ৰীমন্ত শঙ্কৰে গুৰু গৃহত থাকি “পঢ়িলন্ত নিৰন্তৰে শাস্ত্ৰ সমস্তয়। অপ্ৰমাদী পণ্ডিত ভৈলন্ত মহাশয়॥” পঢ়াকালত৬ গুৰুগৃহত বাস শ্ৰীশঙ্কৰৰ গাত কিছুমান অমানুষিক শক্তি বিকাশ হলত গুৰু আচৰিত হয়। শ্ৰীশঙ্কৰ পাঁচ বছৰ গুৰু গৃহত থাকি গুৰুক দক্ষিণা দি ঘৰলৈ আহে।

 গুৰু গৃহৰপৰা আহি শ্ৰীশঙ্কৰে যোগ অভ্যাস কৰে। শ্ৰীশঙ্কৰে “শৰীৰৰ ছয় চক্ৰ চিন্তন্ত মনক কৰি নিয়ম।” তেওঁ যোগ অভ্যাস কৰোঁতে কুম্ভকত দুই চাৰিদিন পৰ্য্যন্ত বহি থকা হল আৰু কোনো

৭ যোগ অভ্যাস, ভাগৱত চৰ্চ্চা
আৰু বৈকুণ্ঠৰ পট অঙ্কন

কোনো দিন পানীৰ তলত দুই চাৰি পৰ থাকি অদৃশ্যও হোৱা হল। এইদৰে কিছুদিন যোগ কৰি থাকোঁতে “পাচে ভাগৱত শাস্ত্ৰক পাইলন্ত সবাতো কৰি উত্তম।” শ্ৰীশঙ্কৰে যোগ ত্যাগ কৰি পাচত ভাগৱত চৰ্চ্চাতে তন্ময় হৈ থকা হল আৰু মাজে সময়ে লোকক ব্যাখ্যা কৰি শুনোৱা হল। তাকে দেখি পিতামহ জয়ন্ত, মাধৱ আৰু বুঢ়াখাঁ আদি ভূঞা আৰু কৰ্ণপূৰ, চতুৰ্ভুজ পণ্ডিতসকলে “সমস্তে লোকৰ হৰিষ বিস্তৰ বৈকুণ্ঠ দিয়োক গঢ়ি” বুলি অনুৰোধ কৰিলে। হৰি ভকতৰ কল্পতৰু শ্ৰীমন্ত শঙ্কৰেও তেওঁলোকক [  ] মন তুষ্টিৰ নিমিত্তে বৈকুণ্ঠৰ পট আঁকিবলৈ আৰম্ভ কৰিলে

 তেওঁ পোনতে “হিঙ্গুল হত্যাল তেতিক্ষণে আনিলন্ত। যত্ন কবি পট বৈকুণ্ঠক লিখিলন্ত॥ সাতো বৈকুণ্ঠৰ সাত লেখিলা ঈশ্বৰ। থানে থানে লিখিলন্ত দীঘী সৰোবৰ।”

 বৈকুণ্ঠৰ পটৰ সংবাদ পাই, ৰাজ্যৰ ডেকা, গাভৰু, বুঢ়া-বুঢ়ী দলে দলে আহি টেম্বুৱানি ভৰি পৰিল; সকলোৱে পট চাই পৰম আনন্দ লভিবলৈ ধৰিলে;৮ চিহ্ন যাত্ৰা ভাওনাকিন্তু লগতে বহুতে তাৰ বিৱৰণ শুনিবলৈ ইচ্ছা কৰাত শ্ৰীশঙ্কৰে চিহ্ণ যাত্ৰাৰ সৰু নাটিকা এখন ৰচনা কৰি “নটুৱা শিখায়া মুখা বন্ধ কৰি চৌ নিৰ্ম্মিলা।” পাচত এদিন ভাওনা আৰম্ভ কৰিলে—ৰামৰাম গুৰু সূত্ৰধাৰ হল—শঙ্কৰে নিজে নটা খোল একেলগে বজাই কৌতুক কৰিলে৷ তেওঁ বায়ু মণ্ডলীৰ ৰাগ দি নাট ধেমালি, ছোট ধেমালি, বৰ ধেমালিৰ বাজনা বজাই সকলোকে আন্দনত আত্মহাৰা কৰিলে। তাৰ পাচত শঙ্কৰে বিচিত্ৰ কাচোনে কাচি নানা অঙ্গী-ভঙ্গী কৰি নৃত্য কৰিবলৈ ধৰিলে। আন আন নটুৱা-বিলাকেও নাচিব ধৰিলে। সৰ্ব্বজয়ে গৰুড়ৰ মুখা পিন্ধি প্ৰবেশ কৰিলত শঙ্কৰে তাতে লাফ মাৰি উঠিল, গায়নসকলে গীত গাব ধৰিলে। সমজুৱাসকল ভাওনা চাই তন্ময় হল—“নাজানিলে সভাসদে কিবা ৰাত্ৰি দিন। দেখি বৈকুণ্ঠক যেন পাত ভৈল ক্ষীণ॥” তেতিয়া, “নাৰীগণ নজানয় কোনজন স্বামী।” “বালকে নিচিনে কোন জন মাৱ বাপ॥” আকৌ, [ ১০ ] স্বামীয়ে নিচিনে এই মোৰ ভাৰ্য্যা বুলি॥” তাৰ পাচত সমজুৱাসকলে “তহিতো শঙ্কৰ দেখে অহিতো শঙ্কৰ।” এইদৰে দৰ্শকসকলৰ মন শ্ৰীশঙ্কৰে আকৰ্ষণ কৰাত বহুতে তেওঁৰপৰা ভগৱৎ ভক্তি পাবলৈ প্ৰাৰ্থনা কৰিলে।

 সমজুৱাসকলৰ প্ৰাৰ্থনা মতে—

৯ ভাগৱত ধৰ্ম্ম প্ৰকাশ
গোপী-উদ্ধৱ সংবাদ;

“পৰম কৃপালু  শ্ৰীশঙ্কৰে ভক্তিৰ
 লোকক কৰিয়া দয়া।
হৰিৰ নিৰ্ম্মল  ভকতি প্ৰকাশ
 কৰিলা শাস্ত্ৰক চায়া॥” (নামঘোষা)

শ্ৰীশঙ্কৰে ভক্তিৰ আন সকলো পথ এৰি মুক্তিৰ প্ৰতি উদাস হৈ, হৰি এক শৰণ সৰ্ব্বশ্ৰেষ্ঠ নামধৰ্ম্ম প্ৰকাশ কৰিবলৈ এক নিশাৰ ভিতৰতে “দশমৰ পুৰাণৰ শ্লোক পাচে পাই” উদ্ধৱ-সংবাদ ৰচনা কৰে আৰু তাকেই আগত থৈ “পণ্ডিত গহন বিপ্ৰ, বুঢ়াখাঁ ভূঞা, হৰিদাস বনিয়া” আদিক ভগৱন্তৰ চৰণত শৰণ লগালে। সমস্ত মন্ত্ৰৰ মূল বীজ চাৰি নাম তেওঁলোকক দিলে—গুৰু, দেৱ, নাম, ভক্তক চিনালে। “সমস্তে ধৰিলা দেৱ শঙ্কৰৰ মত।” এই নাম সঞ্জীৱনীৰ দৰে তেওঁলোকৰ হিয়াত প্ৰবেশ কৰিলত তেওঁলোকৰ সকলো ভয় দূৰ হল—তেওঁলোক সকলো বন্ধনৰপৰা মুক্ত হল—তেওঁলোকৰ আত্মানুভূতি জন্মিল—বিশ্বৰ সকলোৰে লগত সমভাব হল—হিংসা, দ্বেষ, হিয়াৰপৰা দূৰতো বিদূৰ হল। তেতিয়াৰপৰা শ্ৰীশঙ্কৰে “হৰি ভক্তি দান, দিয়া [ ১১ ] জগতক, তাৰিলা সংসাৰ সিন্ধু।” আৰু লগে লগে হৰি নভক্তিৰ জগত জুৰি হাট পাতিবলৈ ধৰিলে।

 হৰি নামৰ পেৰা ভাগৱত শাস্ত্ৰ সংস্কৃত ভাষাত আছিল; শ্ৰীমন্ত শঙ্কৰে ইয়াৰ সুমধুৰ পদ প্ৰাদেশিক ভাষাত গীতি ছন্দত কৰি দিলত, সকলোৱে সানন্দে নাম কীৰ্ত্তন কৰি আনন্দ কৰিবলৈ ধৰিলে।[৩] ইয়াৰ ফলত বৈকুণ্ঠ প্ৰকাশ কৰি থকা হৰিনামৰ প্ৰেমৰ নদী সংসাৰত বৈ যোৱাৰ দৰে হল। এই সময়ৰ পৰাই দেশৰ লোকৰ সৰহ ভাগেই বৰ্ণাশ্ৰম ধৰ্ম্ম—বিধিৰ কিঙ্কৰ নানা সাধন এৰি, বিধিৰ ঈশ্বৰ—ভাগৱত ধৰ্ম্ম ধৰি, ধৰ্ম্ম পথত স্বাধীন হয়; আৰু তাৰ ফলত তেওঁলোকে ব্যক্তি স্বাধীনতা লাভ কৰি নতুন উত্সাহে জীৱন নিৰ্ব্বাহ কৰিবলৈ ধৰে। শ্ৰীশঙ্কৰৰ সাহিত্যই সাম্য-মৈত্ৰী বাণী বুকত লৈ সাধু সনম্তৰপৰা গৰখীয়ালৈকে সকলো শ্ৰেণীৰ লোকৰ মুখে মুখে চলিবলৈ ধৰিলে।

 এই সময়ত আলীপুখুৰীৰ ওচৰত ৭টা বনৰীয়া হাতীয়ে খেতি নষ্ট কৰিছিল; ৰাইজে ডেকাগিৰীৰ আগত কলত তেওঁ অকলে গৈ একদঁতাল হাতী এটাৰ শুঁৰত ধৰি, “হেম্পচা [ ১২ ] মাৰিয়া পাচে তাক এৰি দিল। গিৰিসিত কৰি সিটো কুঞ্জৰ পৰিল॥”

 এই হাতীটো এইদৰে পৰা দেখি আন কেইটা হাতীও পলাই পত্ৰং দিলে। সেইদিনাৰপৰা হাতীকেইটাই খেতি নষ্ট কৰা নাছিল।

 আলিপুখুৰীত কিছুকাল থকাৰ পাচত ভূঞাসকলৰ ইচ্ছা অনুসৰি শ্ৰীমন্ত শঙ্কৰে আলিপুখুৰী ত্যাগ কৰি টেম্বুৱানিলৈ১০ বৰদোৱাত ৰাস আহি হাটি-বাটি পাতি বসতি কৰেহি। টেম্তুৱানিত উপৰিপুৰুষ চণ্ডীবৰ ভূঞাই জয় জয়তে বাস কৰিছিল। ভূঞাসকল ইয়ালৈ আহি, পুৰণি ভেটি বিচাৰি বিচাৰি পুনৰ বহিল। শ্ৰীশঙ্কৰে ইয়াত কীৰ্ত্তন ঘৰ সজায়, আৰু তাত ভেটি তোলোঁতে এখন চতুভুৰ্জ বিষ্ণুমূৰ্ত্তি লাভ কৰে। এই সময়ৰপৰা টেম্বুৱানিৰ সৰহ ভাগে আন দেৱ-দেৱীৰ পূজা ত্যাগ কৰি এই কীৰ্ত্তন ঘৰতে নিয়মিত ভাৱে হৰি কীৰ্ত্তন কৰিবলৈ ধৰেণ শ্ৰীশঙ্কৰে শ্ৰীমদ্ভাগৱতৰ অতি মনোহৰ সংস্কৰণ গীতিকাব্য কীৰ্ত্তন ঘোষাৰ পদ ৰচনা ইয়াতেই শেষ কৰে। কিছুদিন এইদৰে থকাত ভক্তৰ সংখ্যা বাঢ়ি উঠে, আৰু হাটী-বহা পাতি ভক্তসকল থাকিবলৈ ধৰে।

 এই সময়ত ইয়াৰ ভক্তসকলৰ খোৱাপানীৰ কষ্ট হয়। শ্ৰীশঙ্কৰৰ ওচৰত তেওঁলোকে নিবেদন কৰাত শ্ৰীগুৰুৱে ভক্ত- ১১ আকাশী গঙ্গাসকলক হবিষ্যান্ন গ্ৰহণ কৰি নিশা হৰি-কীৰ্ত্তন কৰিবলৈ আদেশ দিয়ে। শ্ৰীগুৰুৰ [ ১৩ ] কৃপাত, হৰি-কীৰ্ত্তন হৈ থাকোঁতেই শেষ ৰাতি এটা ভয়ঙ্কৰ শব্দ হয় আৰু তাৰ লগে লগে ওচৰৰ বটবৃক্ষ এজোপা পোট গৈ অৰ্দ্ধচন্দ্ৰাকৃতিৰ এটা কুণ্ড হয়। তেতিয়াৰপৰা এই ঠাইৰ নাম টেম্বুৱানি গুচি বটদ্ৰৱা বা বৰদোৱা হয় আৰু সেই কুণ্ডৰ নাম আকাশী গঙ্গা হয়। এই সময়ত শ্ৰীশঙ্কৰ গুৰুৰ বয়স একৈশ বছৰ ৷

 শ্ৰীশঙ্কৰে ধৰ্ম্ম চৰ্চ্চাতে একান্তমনে লগা দেখি বুঢ়ীমাক আৰু পিতামহসকলে সূৰ্য্যৱতী আইৰ লগত তেওঁৰ বিবাহ পাতে। শ্ৰীশঙ্কৰে বাধ্য হৈ এই সময়তেই ১২ দাৰ পৰিগ্ৰহ ১ম বাৰ দাৰ পৰিগ্ৰহ কৰিবলগীয়া হয়। ইয়াৰ পাচতেই পিতৃ কুসুম্বৰৰ শিৰোমণি ভূঞা বিষয়ো তেওঁৰ গাত পৰেহি। শ্ৰীশঙ্কৰে পৈত্ৰিক বিষয় বুলি তাকো অনাদৰ নকৰি গ্ৰহণ কৰিবলগীয়া হয়; কিন্তু, “শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ কল্পতৰু” হৈ পৰমগুৰু হিচাবে “নিৰ্গুণ কৃষ্ণৰ গুণ” শ্ৰৱণ-কীৰ্ত্তন ধৰ্ম্ম প্ৰচাৰতহে’ বেচিকৈ মন দিলে। শ্ৰীশঙ্কৰে দুপৰীয়া ভোজনৰ পাচত, দোপদোৰত বহি ৰাজ্যচৰ্চ্চা কৰে, আবেলি কেতিয়াবা গাওঁ পৰিদৰ্শন কৰে, আৰু বাকীখিনি সময় ধৰ্ম্ম চৰ্চ্চাতে কটায়। তেওঁ নিশা ভোজনৰ পাচত কীৰ্ত্তনঘৰৰ দুৱাৰ বন্ধ কৰি শাস্ত্ৰ ৰচনাত ডুব গৈ থকাও চৰিত্ৰত পোৱা যায়। এই সময়ত এদিন আবেলি গাওঁ ফুৰোঁতে বহুত মানুহক ঘাইল কৰা এটা দুষ্ট ষাড়ক মৰ্দ

কৰা কথাও চৰিতত উল্লেখ আছে।

[ ১৪ ]  টেম্বুৱানি বা বটদ্ৰৱাৰ ওচৰেদি টেম্পৰাণী নামে এটা জান বৈছিল। এই জানেদি বাৰিষা পানী আহি তাৰ ওচৰৰ ১৩ ৰাধিকা শান্তীখেতিবাতি নষ্ট কৰিছিল; প্ৰজাবিলাকে এই জানটো বন্ধ কৰিবলৈ শিৰোমণি ভূঞা শ্ৰীশঙ্কৰক গোহাৰি জনালত তেওঁ “কপিলীৰ হন্তে চামধৰা, শিঙ্গৰিৰ হন্তে উত্তৰ সীমা” শিৰোমণি ভূঞাৰ ৰাজ্যৰ সকলোকে মতাই অনাই জান বান্ধিবলৈ যত্ন কৰালে; কিন্তু বহুত যত্ন কৰিও কৃতকাৰ্য্য নহ'ল।

 এই সময়ত ভূঞা আৰু ব্ৰাহ্মণসকল সমাজৰ শীৰ্ষস্থানত আছিল; দেশক অস্পৃশ্যতা পাপে বৰ বেচিকৈ আগুৰি ধৰিছিল। শ্ৰীশঙ্কৰ আছিল সাম্যমৈত্ৰীৰ দূত — “কুকুৰ গৰ্দ্ধভ শৃগালৰ আত্মৰাম” জানি সবাকো প্ৰণাম কৰা সাধক। তেওঁ সমাজৰ নিম্নস্তৰত পৰি থকা কৈৱৰ্ত্ত জাতিক ব্ৰাহ্মণ- ভূঞাৰ স্তৰলৈ নিবলৈ বুলি জান বান্ধিবলৈ “শান্তী কন্যা” বিচৰালে। ভূঞাসকলে দশোদিশে শান্তী বিচাৰিলে, কিন্তু উচ্চ জাতি বুলি গৌৰৱ কৰাসকলৰ ভিতৰৰপৰা কোনোৱেই নিজক “শান্তী” বুলি কবলৈ সাহ নকৰিলে। শেষত কৈৱৰ্ত্ত জাতীয় ৰাধিকা নামৰ তিৰোতা এগৰাকীয়ে নিজক “শান্তী” বুলি গুৰুৰ চৰণত আঠু লোৱাত তেওঁৰ হতুৱাই এপোলো মাটি জানত দিয়াই জানৰ সোঁত বন্ধ কৰালে; ৰাজ্যৰ ভূঞা আৰু ব্ৰাহ্মণসকল আচৰিত হল। সেই দিনাৰপৰাই ৰাধিকা দেৱী স্বামীৰ সৈতে শ্ৰীগুৰুৰ লগৰীয়া হল। এই [ ১৫ ] জানে তেতিয়াৰ পৰা “শান্তী জান” নাম পায়। শ্ৰীশঙ্কৰে এইদৰে মানৱ মাত্ৰেই ভাই সম্বন্ধ স্থাপন কৰাইছিল। এইবোৰ ঘটনা আলৌকিক বুলি কিছুমানে ভাবিব পাৰে, কিন্তু সাধুৰ কৃপাত অসম্ভৱেই সম্ভৱ হয়। শ্ৰীশঙ্কৰৰ জীৱনত এই নিচিনা ঘটনা বহুতো।

 শ্ৰীমন্ত শঙ্কৰৰ মনু নামে এটী কন্যা জন্মে। কন্যাটী জন্মাৰ ৯মাহ পাচতেই প্ৰভুৰ ভাৰ্য্যা স্বৰ্গগামিনী হয়। মনুৰ ১৪ তীৰ্থ পৰ্য্যটন ৭ বছৰ বয়স হলত তেওঁক বিবাহ দি শ্ৰীশঙ্কৰ তীৰ্থ পৰ্য্যটনলৈ ওলায়। এই সময়ত তেওঁৰ বয়স প্ৰায় ৩৯ বছৰ। শ্ৰীমন্ত শঙ্কৰে ৰাম ৰাম গুৰু, কন্দলী, সৰ্ব্বজয়, বলৰাম, হৃষীকেশ, পৰমানন্দ আদি সোতৰ জন সঙ্গী লগত লৈ তীৰ্থ যাত্ৰা কৰিছিল। বটদ্ৰৱাৰপৰা তেওঁ নাৱেঁৰে পোন্ধৰ দিন গৈ সম্ভৱতঃ ৰংপুৰত নাও ছপাই তাৰপৰা পদব্ৰজে যাত্ৰা কৰে। এই যাত্ৰাত তেওঁ নানা লীলা কৰি মাজে সময়ে অমানুষিক কাম কৰি সঙ্গীসকলক আনন্দ দি গৈছিল।

 চৰিত্ৰত আছে প্ৰথম দিন পদব্ৰজে গৈ শ্ৰীশঙ্কৰে সশিষ্যে এক পোহাৰীক লগ পায়, পোহাৰীয়ে আগ দিনা ৰাতি সপোনতে শ্ৰীশঙ্কৰক দেখা পাইছিল। তেওঁ শ্ৰীগুৰুক দেখিয়েই ১৪ পোহাৰী বুঢ়ীৰ শৰণ লাভআঠুকাঢ়ি পৰিল আৰু তেওঁৰ সমস্ত ধন-সোণ শ্ৰীশঙ্কৰৰ চৰণত অৰ্পণ কৰিলে। তাৰ পাচত “শঙ্কৰ শঙ্কৰ বুলি দিয়া দীৰ্ঘ উকি, [ ১৬ ] নামাতিয়া ৰৈল পাচে থমকি নিচুকি। শ্ৰীকৃষ্ণ শঙ্কৰ বুলি মেলিলেক মুখ, বৈকুণ্ঠপুৰত গৈয়া পাইলা মহাসুখ॥” পোহাৰীৰ গতি দেখি মহেন্দ্ৰ কন্দলী, সৰ্ব্বজয় আদিয়ে খল খল কৰি হাঁহিবলৈ ধৰিলে। শ্ৰীশঙ্কৰে বলৰাম, সৰ্ব্বজয় আদিক পঠাই খৰি কিনি অনালে আৰু শ্ৰীগুৰুৱে নিজ হাতে চিতা সাজি ভকতসকলৰ সৈতে হৰিধ্বনি কৰি পোহাৰী বুঢ়ীৰ শ সৎকাৰ কৰিলে। ইয়াৰ পাচত প্ৰভু শ্ৰীক্ষেত্ৰলৈ যাত্ৰা কৰে। এইদৰে তীৰ্থ পৰ্য্যটন কৰোঁতে প্ৰভূৱে বহুত ঠাইত বহুতো একান্ত ভকতক শৰণ দিবলগীয়া হৈছিল।

 শ্ৰীশঙ্কৰে যাত্ৰা কৰা দিনৰে পৰা দুমাহ একৈশ দিনৰদিনা গঙ্গা পাইছিল, তাৰ পাচত গয়া আৰু তাৰ পাচত শ্ৰীক্ষেত্ৰ পায়। শ্ৰীক্ষেত্ৰত কিছু দিন থাকি সীতাকুণ্ড, বৃন্দাবন, উত্তৰ বাহিনী গঙ্গা আৰু তাৰ পাচত বৰাহক্ষেত্ৰ পায়। এই সময়ত তেওঁৰ বয়স ৪০ বছৰ৷

 বৰাইক্ষেত্ৰৰপৰা প্ৰয়াগ, কাশী, তাৰ পাচত মথুৰা পায়। মথুৰাত প্ৰায় ছ মাহ বাস কৰে। ইয়াৰ পাচত প্ৰভুৱে পুষ্কৰ তীৰ্থ দৰ্শন কৰি দ্বাৰকা পায়। দ্বাৰকাত কেইমাহ মান থাকি পুনৰ বৃন্দাৱন আৰু গোকুল পায়হি। বৃন্দাবন আৰু গোকুলত প্ৰভু বহুদিন থাকে। শ্ৰীমন্ত শঙ্কৰৰ গোকুল লীলা ভক্তসকলৰ অতি প্ৰিয়।

 শ্ৰীশঙ্কৰে বাৰ বছৰ কাল ভাৰতবৰ্ষৰ নানা তীৰ্থ পৰ্য্যটন কৰি বটদ্ৰৱালৈ ঘূৰি আহে। প্ৰভুক পাই জ্ঞাতি, মিত্ৰ [ ১৭ ] আৰু প্ৰজাবৰ্গে পৰম আনন্দ পায়। জয়ন্ত-মাধৱ পিতামহ দুজনে, “তোমাৰ পিতৃৰ লোক

১৬ বটদ্ৰৱালৈ প্ৰত্যাবৰ্তন
আৰু পুনৰ দাৰ -পৰিগ্ৰহ

তোমাতে খাটোক বাপ, চৰ্চিয়োক পূৰ্ব বিষয়ক” বুলি শিৰোমণি ভূঞা বিষয় শোধায় দিয়ে। ইয়াৰ পাচত শ্ৰীমন্ত শঙ্কৰে, প্ৰজাসাধাৰণৰ অনুৰোধ এৰাব নোৱাৰি পুনৰ কালিন্দী আইক বিবাহ কৰে।
 শ্ৰীশঙ্কৰে কিছুদিন বৰদোৱাত ধৰ্ম্ম প্ৰচাৰ আৰু ভূঞালি কৰি থাকোঁতে, এসময়ত ভূঞা এজনে কিছুমান কছাৰীক ভোজ খাবলৈ নিমন্ত্ৰণ কৰি

১৭ শ্ৰীমন্ত শঙ্কৰৰ উজনীলৈ
গমন

আনি অপমান দিয়ে, তাতে তেওঁলোক ভূঞাসকলৰ শত্ৰু হৈ উঠে। কুসুম্বৰ ভূঞাৰ পাচত শিৰোমণি ভূঞা ৰাজ্যৰ শাসন-বান্ধো ঢিলা হৈ আহিছিল; কছাৰীসকলে সামান্য একোটা কথাতে ভূঞাসকলক আক্ৰমণ কৰা হৈছিল। এইবোৰ দেখি শ্ৰীশঙ্কৰে শাৰীৰিক বল প্ৰয়োগ-নীতিৰে নিজক ৰক্ষা কৰিবলৈ চেষ্টা নকৰি বটদ্ৰৱা ত্যাগ কৰাকেই স্থিৰ কৰে। সেই উদ্দেশ্যে শ্ৰীগুৰুৱে পোনতে ভক্তসকলক নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ কৰি উত্তৰলৈ পঠাই দিয়ে, পাচত নিজে কীৰ্ত্তন শাস্ত্ৰখন লৈ বটদ্ৰৱা ত্যাগ কৰে। কিন্তু দৈৱদুৰ্বিপাকত, কেইজনমান কছাৰী সৈন্যৰ হাতত পৰে। শ্ৰীশঙ্কৰে তেওঁলোকক ঠেলি পাৰ হৈ যায় আৰু ব্ৰহ্মপুত্ৰত পৰি কীৰ্ত্তন শাস্ত্ৰখন হাতত লৈ থিয় সাঁতোৰ দি নৈ পাৰ হৈ যায়।

[ ১৮ ]  শ্ৰীশঙ্কৰে সশিষ্যে পোনতে ভলুকাগুৰি, পাচত কোমোৰাকুটা আৰু তাৰ পাচত গাংমৌলৈ যায়, আৰু গাংমৌতেই শ্ৰীশঙ্কৰে ১৮ শ্ৰীশঙ্কৰৰ গাংমৌত বাস হাটি-বাটি পাতি চাৰে সাত বছৰ কাল বাস কৰে। ত্ৰিহুতৰ জগদীশ মিশ্ৰ নামৰ এজনা বিপ্ৰই জগন্নাথ মহাপ্ৰভুৰ ওচৰত ভাগৱত পাঠ কৰিবলৈ গৈ স্বপ্নাদেশ পাই শ্ৰীশঙ্কৰক বিচাৰি এই সময়তে গাংমৌ পায়হি; আৰু জগন্নাথৰ স্বপ্নাদেশৰ কথা শ্ৰীগুৰুত বিৱৰি কয়। শ্ৰীশঙ্কৰে বিপ্ৰৰ কথা শুনি কয়—

“গীত পদ কৰি মই আছোহোঁ পূৰ্ব্বত॥
তাত কৰি অৰ্থ কিবা বিলক্ষণ হয়।
শুনিবাক মোৰ মহা আনন্দ আছয়॥" ( ৰামচৰণ )

পাচদিনা ভাগৱত পাঠ আৰম্ভ হল—

“পৰম হৰিষ মনে পঢ়ে বিপ্ৰবৰ।
দোষণ সিদ্ধান্ত দেন্ত আপুনি শঙ্কৰ॥” ( ৰামচৰণ

এইদৰে কেইদিনমান ভাগৱত পাঠ কৰাৰ পাচত—

ভাগৱত পাঠ সাঙ্গ ভৈল মাত্ৰকত।
তেজিলন্ত প্ৰাণ দ্বিজে সেহি সময়ত॥
কৰাইলা শঙ্কৰদেৱে কাষ্ঠ সংস্কাৰ।” (দৈত্যাৰি )

 এই সময়ত উত্তৰ কূলৰ ভূঞাসকল দুৰ্ব্বল হৈ পৰিছিল;

এই সুবিধাতে উত্তৰৰ ভোটবিলাকে আহি দেশত উৎপীড়ন [ ১৯ ] কৰিছিল। শ্ৰীশঙ্কৰে এই কাৰণে গাংমৌত থাকিবলৈ অসুবিধা বোধ কৰি লোহিতেৰে উজাই মাজুলি সোমায় আৰু ধুঞাঁহাটা বা বেলগুৰিত বাস কৰিবলৈ লয়। অলপ দিন ইয়াত বাস কৰোঁতেই,

১৯ শ্ৰীশঙ্কৰৰ ধুঞাঁহাটাত বাস
আৰু শ্ৰীমাধৱদেৱৰ সঙ্গলাভ

গয়পাণি বা ৰামদাস আদি আহি শ্ৰীগুৰুৰ শিষ্যত্ব গ্ৰহণ কৰে। শ্ৰীমাধৱদেৱ পুৰুষে ৰামদাসৰপৰা শ্ৰীশঙ্কৰদেৱৰ সংবাদ পাই এদিন তৰ্ক কৰিম বুলি পোনতে শ্ৰীগুৰুৰ ওচৰলৈ আহে; কিন্তু দূৰৈৰপৰা শ্ৰীশঙ্কৰৰ “শৰীৰৰ কান্তি দেখি শিহৰিল গাৱ।” শ্ৰীমাধৱদেৱো অসাধাৰণ পণ্ডিত, তেওঁ বাহিৰত আচৰিত হোৱা ভাৱ নেদেখুৱাই শ্ৰীগুৰুৰ ওচৰত বহি “বেদৰ বিহিত কৰ্ম্ম লাগে কৰিবাক। নকৰিলে শাস্ত্ৰে দুৰাচাৰ বোলে তাক।” আদি প্ৰশ্ন কৰাত শ্ৰীমন্ত শঙ্কৰে সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিলত “শঙ্কৰৰ প্ৰৌঢ়ি বাণী শুনি মাধৱৰ। গুচিল সংশয় যত আছিল মনৰ॥ কৃতাঞ্জলি কৰি আসনৰ উঠিলন্ত। গুৰু মানি শঙ্কৰত শৰণ লৈলন্ত॥”[৪] শ্ৰীমাধৱদেৱে সেই দিনাৰপৰা সকলোকে ত্যাগ কৰি শ্ৰীগুৰুত আত্মসমৰ্পণ কৰিলে আৰু তেওঁৰ ছাঁৰ দৰে হল।

[ ২০ ]  ধূঞাঁহাটাত শ্ৰীমন্তশঙ্কৰ থকা কালতেই বংশীগোপালদেৱে বাল্যকালতে দৰ্শন লাভ কৰেহি।

 বেলগুৰিত শ্ৰীমন্ত শঙ্কৰদেৱে ওঠৰ বছৰ কাল বাস কৰি হৰিনাম ৰসেৰে উজনী অঞ্চল উটুৱাই দিয়ে। এই ঠাইত শ্ৰীশঙ্কৰৰ কীৰ্ত্তন-লীলা সম্বন্ধে দৈত্যাৰি ঠাকুৰে লিখিছে—

“স্বভাৱে কীৰ্ত্তনঘোষা পৰম সুন্দৰ।
এখনো মিলয় সুখ আনন্দ লোকৰ॥
তাতে আৰো ঈশ্বৰে আপুনি তাল ধৰি।
গাৱন্ত মহিমা তাৰ কোনে কৈবে পাৰি

 এদিন কীৰ্ত্তন-ঘোষাৰ “কংস বধৰ” পদ ৰামৰাম গুৰুৱে গাই থাকোতে আত্মবিস্মৃতি ঘটে—

ওহি পদ ৰামৰাম গুৰু গান্ত ৰঙ্গে
সমস্তলোকক প্ৰেমে পৰশি আছয়।
তান গাৱে চেতন গিয়ান নাহিকয়।
প্ৰেমানন্দ সমুদ্ৰত মজিলা সমূলি।
কান্ধত লৈলন্ত স্তম্ভ এক গোটা তুলি॥”

 কীৰ্ত্তন ঘৰৰ এই খুটাটো দুজন মানুহেহে কোনোমতে দাঙিব পাৰিছিল; তদুপৰি ইয়াক মাটিত পুতি ঘৰত লগোৱা আছিল; তেনে খুটাকো ৰামৰাম গুৰুৱে প্ৰেমত মত্ত হৈ—“কৌতুকে কান্ধত লৈয়া যান্ত লীলা কৰি। যেন হস্তী দত্ত কান্ধে লৈয়া ৰাম হবি।” আকৌ এদিন ৰামদাসে কীৰ্ত্তন-ঘোষাৰ “প্ৰহ্লাদ চৰিত্ৰ” পদ গাই থাকোঁতে, নিজক প্ৰহ্লাদ যেন বোধ কৰি, সকলোকে পাহৰে—
[ ২১ ]

ভক্তসকলে—“ঘনে ঘনে আনন্দে কৰয় হৰিধ্বনি।
 মাজ নিশা সভামাজে জালিলা অগনি॥
 দপ দপ কৰি অগ্নি জলন্তে আছয়।
 ৰামদাস আতৈ প্ৰেমযুক্ত আতিশয়।
 প্ৰেমে পৰশিছে নাহি গাৱত চেতন।
 অগনিত গৈয়া পৰিলন্ত তেতিক্ষণ॥

 ৰামদাস প্ৰেমোন্মাদত জলা জুইত জাপ দি পৰিল। দৰ্শক-মণ্ডলী আচৰিত হল আৰু বহুতে হায় হায় কৰিবলৈ ধৰিলে; কিন্তু শ্ৰীগুৰুৰ কৃপাত পাচদিনা ৰামদাসৰ গাত—“পানী ফোঁহা গোটা নাহি বিস্ময় মানিলা।”

 শ্ৰীমন্ত শঙ্কৰদেৱে আৰম্ভনতে থিয় নামৰহে প্ৰচলন কৰা যেন অনুমান হয়।২০ থিয় নামবৰ্তমানে আমাৰ দেশত যি ৰামায়ণ গোৱা ওজা-পালি আছে, ই মন্ত শ্ৰীশঙ্কৰৰো আগৰ প্ৰণালী।[৫] সম্ভৱতঃ এই প্ৰণালীতেই কীৰ্ত্তন-ঘোষা পোনতে গোৱা হৈছিল, ইয়াৰ প্ৰমাণ যেনেঃ—

“ৰামৰাম গুৰু ৰামদাস ওজা দুই।
মাধৱে কীৰ্ত্তন কৰা ডাইনাপালি হুই ॥
গগন মণ্ডল চোৱে কীৰ্ত্তনৰ ধ্বনি।
আনন্দ সাগৰে লোকে মজে তাক শুনি॥

(দৈত্যাৰি)

[ ২২ ]  শাৰীপাতি বহি নাম ধৰা প্ৰণালী পাচত হয়। আমাৰ বৰ্ত্তমান থিয় নাম শ্ৰীশঙ্কৰৰ আৰম্ভন নামৰ অৱশেষ।

 এই সময়ত কামৰূপ-কমতাত কোচৰজা প্ৰৱল হৈ উঠিছিল। কোচৰজাই উত্তৰকূলৰ নাৰায়ণপুৰলৈ দেশ অধিকাৰ কৰে। ধূঞাঁহাটা মাজুলীৰ ভিতৰত হলেও আহোম ৰজাৰ প্ৰভাৱৰ ভিতৰত আছিল। কোচ ৰজাৰ২১ শ্ৰীশঙ্কৰৰ পাটবাউসী আগমন বিজয় দেখি আহোম ৰজাৰ শ্ৰীশঙ্কৰৰ ওপৰত সন্দেহ হয়, আৰু হাতী-গড় ৰখা চেলু লৈ তেওঁক ভক্তসকলৰ সৈতে ধৰি আনিবলৈ দূত পঠায়[৬]। তাকে দেখি শ্ৰীশঙ্কৰ সশিষ্যে ভটিয়াই গৈ কামৰূপ ৰাজ্যত সোমায়৷ শ্ৰীগুৰুৰ জোঁৱাই হৰি ভূঞা আহোম ৰজাৰ হাতত কটা যায়। শ্ৰীশঙ্কৰে কাপলাত ছমাহ থাকে, তাৰ পাচত পুৰণি বাউসী পৰগণাৰ পৱিত্ৰভূমি চূণপোৰাত[৭] কিছুদিন বাস কৰে৷ ইয়াতেই পৰম ভক্ত ভৱানন্দ বা নাৰায়ণ ঠাকুৰে প্ৰভুৰ সঙ্গ লাভ কৰে। চিনপৰাৰপৰা গণককুছি আৰু কুমাৰকুছিত কিছুদিন থাকি পাটবাউসীলৈ গৈ হাটি-বাটি পাতি বাস কৰে। পাটবাউসীৰ টোল সম্বন্ধে শ্ৰীশ্ৰীদামোদৰ চৰিত লিখিছে—

“কীৰ্ত্তন মন্দিৰ আৰো গৃহক নিৰ্ম্মিলা।
শয়ন ভোজন গৃহ সবাকো বান্ধিলা॥

[ ২৩ ]

ভিতৰে বৈঠক ঘৰ ৰাজমেল ঘৰ।
বাটঘৰ বাসাঘৰ কপাট দুৱাৰ॥
চতুৰ্দ্দিশে বেঢ়ি গড়খাইক দিলন্ত।
বাহিৰে ভিতৰে তাত কূপ কৰিলন্ত॥
আনো নানা প্ৰাৰম্ভৰ থান কৰিলন্ত।
তথাতে শৰঙ্কদেৱ ৰঙ্গে ৰহিলন্ত॥ (নীলকণ্ঠ)

পাটবাউসীত, কিছুকাল থাকোঁতেই, মহাৰাজ নৰনাৰায়ণে শ্ৰীশঙ্কৰৰ পৰিচয় পাই জোৰকৰি তেওঁক বাউসী পৰগণাৰ “গোমস্তা” পাতে। শ্ৰীশঙ্কৰে বাধ্য হৈ ধৰ্ম্মৰাজ্যৰ লগতে ৰাজ-বিষয় চলাব লগাত পৰে। পাচত বৃন্দাৱনী নামৰ শ্ৰীকৃষ্ণৰ বৃন্দাবন-লীলাৰ ফুল বাছি, এখন পাটৰ কাপোৰ নিজে আগতথাকি বোৱাই, ৰজাক উপঢৌকন দি হে ৰাজবিষয়ৰপৰা নিষ্কৃতি পায়। এই বিষয়টো পাচত নিজৰ বংশৰ ৰামাৰায়ৰ ওপৰত পৰে। এই সময়তেই শ্ৰীশ্ৰীদামোদৰদেৱ আহি শ্ৰীমন্ত শঙ্কৰৰ২২ শ্ৰীশ্ৰীদামোদৰ গুৰুৰ সঙ্গ লাভ লগ লাগে।[৮] এইসম্বন্ধে শ্ৰীশ্ৰীদামোদৰ চৰিতত নীলকণ্ঠে লিখিছে—

“দামোদৰ শঙ্কৰৰ প্ৰীতি বাঢ়ি যায়।
যেন এক দেহ দুই ভিনভাৱ নাই॥”

[ ২৪ ] শ্ৰীমন্ত শঙ্কৰদেৱৰ আজ্ঞাঃ—

“বৈকুণ্ঠ সমান সিটো পাটবাউসী ভৈলা।
শঙ্কৰ মাধৱ দামোদৰ তিনি ৰৈলা॥
দামোদৰে ভাগৱত কহিয়া থাকন্ত৷
এক দিনা শঙ্কৰে পাচে তাঙ্ক বুলিলন্ত॥
ব্ৰাহ্মণ সজ্জন লোক যতেক আছয়।
ভজায়ো সবাকে তুমি নাহিকে সংশয়।

(২৭১ নীলকণ্ঠ)

ৰামচৰণ ঠাকুৰে এই সম্বন্ধে শঙ্কৰ চৰিতত লিখিছেঃ—

“গুৰু বোলে আত কিছু নকৰা সন্দেহ।
মোৰ দামোদৰে ভিন্ন নাহি মাত্ৰ লেশ॥”
(৩০৩৫)

শ্ৰীশ্ৰীদামোদৰ চৰিতত নীলকণ্ঠে শ্ৰীশঙ্কৰৰ হতুৱাই কোৱাইছে—

দামোদৰ পাৱে লোক ভজিবে অপাৰ।
যত মেধি ভক্ত হুইবে সকলে আমাৰ॥”৩১৫

এই জনা গ্ৰন্থকাৰে গুৰু বন্দনা কৰোঁতে লিখিছেঃ—

“শঙ্কৰ মাধৱ দামোদৰ একে কায়।
তিনিও মূৰ্ত্তিৰ একো ভিন পৰ নাই॥”

 শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰয়াণ কৰা সময়ত ভক্তসকলক উপদেশ দিওঁতে—ৰামানন্দ ঠাকুৰক কৈছেঃ— [ ২৫ ]

“দামোদৰ গোসাঁইক যে ভেদ নকৰিবা।
মোকে হেন মানি তান্ত পীৰিতি ৰাখিবা॥”
(৪৩৪ নীলকণ্ঠ)

 শ্ৰীশঙ্কৰদেৱ, শ্ৰীমাধৱদেৱ, শ্ৰীদামোদৰদেৱ আদিয়ে কিছুমান দিন পাটবাউসীত হৰিকীৰ্ত্তন২৩ শ্ৰীশ্ৰীহৰিদেৱৰ সঙ্গ লাভ কৰি থাকোঁতে শ্ৰীহৰিগুৰু আহি শ্ৰীশঙ্কৰৰ সঙ্গ লাভ কৰেহি।

 এই সম্বন্ধে শ্ৰীশ্ৰীহৰিদেৱ চৰিতত লিখিছেঃ—

শ্ৰীশঙ্কৰ নামে আসি অৱতাৰ হৈব।
জ্ঞান ভক্তি উপদেশে লোক নিস্তাৰিব।
লোক তৰিবাক।হেতু পৃথিবীক আসি।
হৰিদেৱ ব্ৰাহ্মণত কহিব প্ৰকাশি॥”

 শ্ৰীহৰিগুৰু পাটবাউসীৰপৰা এপৰ বাট দূৰ মানেৰিত আছিল। তেওঁ তাৰপৰাই দোকমোকালিতে যাত্ৰা কৰি পাটবাউসীত শ্ৰীশঙ্কৰৰ লগত পুৱাৰ প্ৰসঙ্গত যোগ দিছিল। এই সম্বন্ধে শ্ৰীশ্ৰীহৰিদেৱ চৰ্তিত লিখিছেঃ—

“মানেৰিৰ পৰা  এহিসে কাৰণে
 আনন্দ কৰিয়া যান্ত।
শঙ্কৰক আদি  কৰিয়া যতেক
 শুনে ৰঙ্গে ভাগৱত॥

[ ২৬ ]

পৰেকৰ পন্থ  লীলায়ে চলন্ত
 আত অদভুত নাই।
পৰম ঈশ্বৰ  অংশে ভৈল জাত
 জানা আক সমুদায়
এহিমতে হৰি  নাম গুণ ধৰি
 উলটি পুনু আসন্ত।
শঙ্কৰক আদি  কৰিয়া সকলে
 বিস্ময় মনে মানন্ত॥” (দ্বিজ দিবাকৰ )

 এসময়ত শ্ৰীশঙ্কৰ আৰু শ্ৰীদামোদৰদেৱে কিছুমান ভক্ত লগত লৈ গৈ মানেৰিত উপস্থিত হয় আৰু তাত হৰি-কীৰ্ত্তন যাত্ৰা-মহোৎসৱ কৰি শ্ৰহৰিগুৰুৰ মান বঢ়ায়; তেতিয়াৰপৰা এই ঠাইৰ নাম মানেৰি হয় বুলি শ্ৰীশ্ৰীহৰিগুৰু চৰিতত উল্লেখ আছে—

“উদাৰ গোবিন্দে কহে শুনা থানেশ্বৰ।
মানেৰিক পাইলা পাচে শঙ্কৰ-দামোদৰ॥
সাত দিন সাত ৰাত্ৰি যাত্ৰা আৰম্ভিলা॥
যাত্ৰা সাঙ্গ কৰি পাচে প্ৰসাদ ভুঞ্জিলা॥

× × ×


আমিও সকলে আসি কৰিলোহো মান।
আজি ধৰি নাম ভৈল মানেৰিৰ স্থান॥
( দ্বিজ দিবাকৰ )

[ ২৭ ]  শ্ৰীশঙ্কৰে পাটবাউসীত অহৰ্নিশে, নিৰ্গুণ কৃষ্ণৰ গুণ প্ৰকাশৰ অৰ্থে তেওঁৰ সঙ্গীসকলৰ সৈতে হৰি নাম শ্ৰৱণ-কীৰ্ত্তন কৰি সকলোকে আনন্দত আত্মহাৰা কৰিবলৈ ধৰিলে। পাটবাসী শ্ৰীকৃষ্ণৰ ২য় বৃন্দাবন হল; হৰিনাম ৰস গোবিন্দৰ প্ৰেম অমৃতৰ নদী উজনী-ভাটীলৈ বব ধৰিলে। শ্ৰীশ্ৰীমাধৱদেৱ, শ্ৰীশ্ৰীদামোদৰদেৱ, শ্ৰীশ্ৰীহৰিদেৱ আৰু শ্ৰীশ্ৰীনাৰায়ণ ঠাকুৰে হৰি নামৰ ফল চাৰি পুৰুষাৰ্থৰ পতাকা লৈ হৰি-ভক্তি দান কৰি সকলোকে সংসাৰ-সিন্ধুৰপৰা উদ্ধাৰৰ ব্যৱ কৰিব ধৰিলে।  এই সময়ত চান্দচা নামে এজন হৃষ্ট-পুষ্ট বলী অহঙ্কাৰী মুছলমান দৰ্জীৰ ওপৰত শ্ৰীশঙ্কৰৰ কৃপা দৃষ্টি পৰাত তেওঁ

২৪ মুছলমান চান্দচা আৰু
গাৰো গোবিন্দৰ আশ্ৰয় লাভ

সৌম্য মূৰ্ত্তি শ্ৰীগুৰুৰ আশ্ৰয় লাভ কৰে। গাৰো জাতীয় গোবিন্দ নামৰ

এজনেও শ্ৰীশঙ্কৰৰ ধৰ্ম ধৰি তেওঁৰ সঙ্গত থকা হয়। এইদৰে শ্ৰীশঙ্কৰে হিন্দু-মুছলমান-পাহাৰী সকলো জাতিৰ মাজত হৰিনাম বিলাই প্ৰায় গোটেই উত্তৰ-পূব ভাৰতক একসূত্ৰত বান্ধি সাম্য-মৈত্ৰীৰ বীণাৰ ঝঙ্কাৰ তুলি ঘোষণা কৰিলে—“নাহি ভকতিত জাতি আচাৰ বিচাৰ।” আৰু প্ৰচাৰ কৰিলে—“সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি।” এই শিক্ষাৰ ফলতেই প্ৰভুৰ সেৱকসকলৰ ভিতৰৰপৰা অস্পৃশ্যতা মহাপাপ দূৰতো বিদূৰ হল—মানৱ মাত্ৰেই ভাই আৰু নাৰায়ণ মূৰ্ত্তি বুলি পৰস্পৰে পৰস্পৰক [ ২৮ ] আলিঙ্গন কৰিবলৈ ধৰিলে। সকলোৰে অন্তৰত আত্ম-সন্মান জাগি উঠিল। কামৰূপ-অসম জাতীয় ভাৱত জাগ্ৰত হৈ উঠিল।

 শ্ৰীমন্ত শঙ্কৰ স্বয়ং আছিল—আদৰ্শ গৃহী৷ তেওঁৰ থকা ঘৰ ৰাজটোলৰ দৰে আছিল, দাস-দাসীও আছিল বহুতো। দাস-দাসীসকলে নানাবিধ শস্যৰ খেতি২৫ আদৰ্শ গৃহী শ্ৰীমন্ত শঙ্কৰ কৰিছিল। শ্ৰীমন্ত শঙ্কৰৰ ঘৰ সদায় আলহী, ভকত, দুখী-দৰিদ্ৰই ভৰি আছিল। চক্ৰপাণি নামৰ কায়স্থ পণ্ডিত এজনক ঘৰত ৰাখি গুৰুৱে নিজৰ লৰা-ছোৱালীৰ শিক্ষাৰ ব্যৱস্থাও শৃঙ্খলা ভাবে দিয়াইছিল ৰামানন্দ ঠাকুৰ ডাঙৰ হলত তেওঁক চিলাৰায় দেওৱানৰ লগত ৰাখি মজিন্দাৰী বিদ্যাও শিক্ষা দিয়াইছিল।

 শ্ৰীমন্ত শঙ্কৰে দুপৰীয়া ভোজনৰ পাচত শিৰোমণি ভূঞা দোপৰত বহাৰদৰে মেল-চ’ৰাত বহি দূৰ-দূৰান্তৰৰপৰা অহা লোকসকলক সাক্ষাৎ দিছিল। থানৰ ভকতসকলক কিবা দিহা পৰামৰ্শ দিবলগীয়া হলেও এই সময়তে দিছিল। এই সময়তেই কেতিয়াবা নিজৰ খেতি-খোলাৰো খবৰ লৈছিল৷ শ্ৰীশঙ্কৰে সামিষ আহাৰো ভোজন কৰিছিল। ভাওনাৰ সময়ত তেওঁ সকলো ভাওৰেই আৱশ্যকমতে অংশ গ্ৰহণ কৰিছিল।

২৬ সত্ৰ সভাৰ ব্যৱস্থা  শ্ৰীশঙ্কৰৰ স্থাপিত সত্ৰ বা থান পাটবাউসী গৃহী আৰু উদাসীন ভক্তসকলৰ দ্বাৰা গণ-তন্ত্ৰমতে চলিছিল। বেচিভাগ ভক্তে [ ২৯ ] নিজে খেতি কৰি খাইছিল। ইয়াত নানা বিষয়ৰ শিক্ষাৰো ৱ্যৱস্থা আছিল।

 পাটবাউসী সত্ৰখন আছিল এখন পঢ়াশালি। ইয়াত নিৰক্ষৰ ভক্তসকলে আৰু ওচৰ কাষৰৰ লৰাবিলাকে লিখা-পঢ়া শিকিছিল। এই সত্ৰখণ আছিল—এটা ডাঙৰ পুথিভঁৰাল; ইয়াত সেই সময়ত উত্তৰ ভাৰতত পাব পৰা প্ৰায় সকলো গ্ৰন্থ সংগৃহীত হৈছিল আৰু উপযুক্ত ভক্তসকলে নিতৌ সেইবোৰ পাঠ কৰা আৰু সাৰ সংগ্ৰহ কৰা নিয়ম বান্ধি লৈছিল। এই সত্ৰখন আছিল—এখন ডাঙৰ শিল্পালয়; ইয়াত ভাওনাৰ সকলো মুখা, চৌ আদি সজা হৈছিল, নটুৱা আদিক মনোমোহা কৰি ৰজা হৈছিল। ই এখন আছিল চিত্ৰালয়—ইয়াত কীৰ্ত্তন ভাগৱত আদিৰ কথাৰ মাজে মাজে নানা ৰঙৰ চিত্ৰও অকোৱা হৈছিল। ইয়াৰ উপৰি নানা কাঠ, বাঁহ, বেতৰ কামো ভক্তসকলে আজৰি পৰত কৰিছিল। এই সত্ৰ আছিল এখন দাতব্য ওষধালয়। দ্ৰব্যগুণত অভিজ্ঞ ভক্তসকলে নানা ৰোগৰ ঔষধ তৈয়াৰ কৰিছিল আৰু ওচৰ কাষৰৰ মানুহক সময়মতে বিনামূল্যে ঔষধ দি সাহায্য কৰিছিল। সত্ৰত কেতিয়াবা কেতিয়াবা গাঁৱৰ বাদ-বিসম্বাদবোৰ মীমাংসা কৰোৱাই দিছিল। সত্ৰৰ এটা ভঁৰাল আছিল; দূৰৰ যাত্ৰীসকলে বা ওচৰৰ ভকতসকলে যি বয়-বস্তু দিছিল, তাক সেই ভঁৰালত ৰখা হৈছিল। কোনোৱে ধন দিলে তাকো শ্ৰীগুৰুৰ আদেশ মতে ভঁৰালীয়ে জমা ৰাখিছিল। [ ৩০ ] এই ভঁৰালৰ জমাৰ পৰাই আলহী-অতিথি সোধা হৈছিল—কীৰ্ত্তন-ঘৰৰ তেল-বত্তিৰ খৰচ চলিছিল। সত্ৰৰ চাৰিওফালৰ গাৱঁলৈ ভাল আলিবাট, গাৱঁৰ মাজে মাজে খোৱা পানীৰ নাদ—পুখুৰী আদিও খন্দোৱাই লোৱাইছিল। এইদৰে সত্ৰখন যেনে স্বাৱলম্বী আছিল—ওচৰৰ গাওঁবোৰকো তেনে স্বাৱলম্বীকৈ গঢ়ি উঠিবলৈ দিহা পৰামৰ্শ দিছিল।

 পাটবাউসীত শ্ৰীমন্ত শঙ্কৰদেৱে ভক্তসকলক এইদৰে আধ্যাত্মিক ভাৱত উন্নত কৰাৰ লগতে নানা বিষয়ৰ শিক্ষাত শিক্ষিত কৰিছিল আৰু তাৰে কিছুমানক ধৰ্ম্মাচাৰ্য্য পাতি দূৰ-দূৰান্তৰ গাৱঁলৈ পঠাই এক শৰণ ধৰ্ম্ম প্ৰচাৰ কৰোৱাৰ লগতেগাওঁবোৰ উন্নত আৰু সংগঠিত কৰি তোলাৰ ব্যৱস্থা কৰিছিল। প্ৰচাৰক পঠাওঁতে প্ৰচাৰকজনৰ লগত ২।৪ জন পালি ভকতো পঠাইছিল; আৰু তেওঁলোকক সত্ৰৰ গায়ন-বায়নে কিছুদূৰ আগ বঢ়াই বিদায় দিছিল।

 দূৰৰ ভক্তসকল থকা গাওঁবোৰতো পাটবাউসী থানৰ সাঁচতে নামঘৰ, মণিকূট আদি সজোৱাইছিল, আৰু মেধি একোজন পাতি পাটবাউসীৰ আৰ্হিতে সত্ৰ সভা পাতিছিল; আৰু কীৰ্ত্তন ঘৰৰ জৰিয়তে গাওঁ সংগঠনৰ সকলো কাম গণতন্ত্ৰমতে কৰোৱাইছিল—ইয়াৰ ফলত দেশত হৰি-ভক্তিৰ লগতে স্বাৱলম্বন আৰু একতা ভাৱ জাগি উঠিছিল।

 শ্ৰীশঙ্কৰে প্ৰায় ৯০ বছৰ বয়সত ২য় বাৰ তীৰ্থ-যাত্ৰা ২৭ শ্ৰীমন্ত শঙ্কৰৰ ২য় বাৰ তীৰ্থ-যাত্ৰা কৰিবলৈ পাটবাউসীৰপৰা যাত্ৰা কৰে। এই বাৰৰ যাত্ৰাত [ ৩১ ] ৰামৰাম গুৰু, শ্ৰীমাধৱদেৱ, শ্ৰীশ্ৰীহৰিদেৱ, শ্ৰী শ্ৰীদামোদৰদেৱ, ৰামৰায় আদি ছকুৰিজন সঙ্গী লৈছিল আৰু বাটত য'তেই আছিল সেই খনেই একোখন সত্ৰৰদৰে হৈ উঠিছিল। পাটবাউসীত থাকোঁতে শ্ৰীমন্ত শঙ্কৰৰ পৰা আলাপত প্ৰায়েই বৃন্দাবনৰ কথা ওলাইছিল। সেই কাৰণে এইবাৰৰ যাত্ৰাত শ্ৰীশঙ্কৰে বৃন্দাবন পালে কেনেবাকৈ পূৰ্বদেশ পাহৰিব পাৰে বুলি সন্দেহ কৰি, বৃন্দাবনলৈ যোৱাত বাধা জন্মাবলৈ আই মাতৃয়ে শ্ৰীশ্ৰীমাধৱদেৱক খাটনি ধৰিছিল। শ্ৰীশ্ৰীমাধৱদেৱেও আই মাতৃৰ কথা এৰাব নোৱাৰি শ্ৰীশঙ্কৰ বৃন্দাবনলৈ যাব খোজোঁতে বাধা দি কলেঃ—

“তুমি সৰ্ব্বসাক্ষী বীজ জগতৰ ধাম।
দৈৱকী নন্দন তুমি সেই আত্মৰাম॥

কদাচিতে আমি নাযাইবোহো বৃন্দাবন।
নিশ্চয় কৰিয়া কৈলো তোমাত বচন॥” (ৰামচৰণ)

 শ্ৰীমন্ত শঙ্কৰে তেতিয়া বৃন্দাবনলৈ যোৱা স্থগিত কৰি গঙ্গা, নৱদ্বীপ, কবিৰাৰ মঠ, মহানদী আৰু শ্ৰীক্ষেত্ৰ দৰ্শন কৰি পাটবাউসীলৈ ঘূৰি আহে।

 শ্ৰীগুৰু ঘূৰি আহি পাটবাউসী পালত কামৰূপ ৰাজ্য আনন্দত উথলি উঠিল। গোটেই ৰাজ্যতেই আগতকৈয়ো বেচিকৈ২৮ মহাৰাজ নৰনাৰায়ণৰ কোপ দৃষ্টি হৰি-কীৰ্ত্তনৰ ধ্বনি উঠিবলৈ ধৰিলে। শ্ৰীশঙ্কৰে আগতকৈয়ো ঘনাই যাত্ৰা-মহোৎসৱ কৰি লোকসকলৰ মন হৰি-কীৰ্ত্তনলৈ [ ৩২ ] আকৰ্ষণ কৰিবলৈ ধৰিলে৷ শ্ৰীমন্ত শঙ্কৰৰ প্ৰভাৱ দেশত আগতকৈয়ো বাঢ়ি উঠিল, তাকে দেখি কিছুমান বিৰুদ্ধবাদীয়ে হিন্দু-ধৰ্ম্মত শঙ্কৰে নানা ব্যভিচাৰ ঘটোৱা বুলি ৰজাত নানা ভাৱে খল লগালে। বহুতো গণ্য-মান্য বিৰুদ্ধবাদীৰ কথা বজাই এৰাব নোৱাৰি শ্ৰীশঙ্কৰক ধৰি নিবলৈ গৰমলি পঠালে। ৰজাৰ সহোদৰ দেৱান চিলাৰায়ে শ্ৰীশঙ্কৰক ভালদৰে জানিছিল। সেই কাৰণে ৰজাই গৰমালি পঠোৱা সংবাদ পাই তলে তলে পাটবাউসীলৈ দূত পঠাই শ্ৰীগুৰুক কোচবেহাৰলৈ পলুৱাই নিয়ালে৷ দেৱানে শ্ৰীমন্ত শঙ্কৰৰ গুণ-গৰিমাৰ কথা ৰজাৰ আগত বহলাই কলে আৰু এদিন ৰজাৰ ওচৰত নি উপস্থিত কৰিলে৷ ৰাজসভাত শ্ৰীমন্ত শঙ্কৰৰ কাৰ্য্যাৱলীৰ বিচাৰ হ’ল। শ্ৰীশঙ্কৰৰ লগত পণ্ডিতসকলৰ বাদ হল; বাদত শ্ৰীশঙ্কৰে বেদ বখানি পণ্ডিতসকলৰ গৰ্ব্ব চুৰ কৰিলে। শ্ৰীশঙ্কৰৰ সন্মান কমতাত চৰি গল। শ্ৰীমন্ত শঙ্কৰে এই সময়তেই বিখ্যাত গুণমালা পুথি ৰচনা কৰি ভুৰুকাত ভৰাই ৰজাক উপহাৰ দিয়ে। ৰজাই গুণমালাৰ ভিতৰত দশম স্কন্ধ ভাগৱতৰ নাৰ সংগ্ৰহ দেখি আচৰিত হয়। এইদৰে ৰজাই শ্ৰীমন্ত শঙ্কৰৰ পাণ্ডিত্যত মোহ যায়; আৰু এদিন এটা মূল্যৱান পোছাক ঐশঙ্কৰক বঁটা দিয়ে। বঁটা পাই শ্ৰীশঙ্কৰ বিমোৰত পৰে; পাচত ৰাজ-সভাৰপৰা বহালৈ যাওঁতে তোৰচাৰ ঘাটৈক পোছাকটো দিহে শান্তিলাভ কৰে। ইয়াৰ পাচত শ্ৰীশঙ্কৰ পাটবাউসীলৈ ঘূৰি আহে। [ ৩৩ ]  শ্ৰীমন্ত শঙ্কৰদেৱ অলপ দিন পাটবাউসীত থাকি ধৰ্ম্মৰাজ্য চলোৱাৰ সকলো ব্যৱস্থা কৰি নিজ শক্তি ভক্তি শ্ৰীশ্ৰীমাধৱদেৱক ২৯ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ দিপুনৰ কোচবেহাৰলৈ যায়; যাওঁতে গণককুছিত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ লগত এৰাতি আছিল। কোচবেহাৰ পাই নগৰৰ ওচৰৰ কাকতকুটা নামৰ ঠাইত বাস কৰেগৈ। শ্ৰীশঙ্কৰ তাত প্ৰায় আঢ়ৈবছৰ কাল বাস কৰে। দেৱান চিলাৰায়ে শ্ৰীশঙ্কৰৰপৰা ধৰ্ম্ম গ্ৰহণ কৰিছিল; আৰু বৰ্ত্তমান ৰংপুৰ, জলপাইগুৰি আদিৰ বহুতে শ্ৰীশঙ্কৰৰ নিৰ্ম্মল ধৰ্ম্ম ধৰি কৃতাৰ্থ হৈছিল। মহাৰাজ নৰনাৰায়ণেও শ্ৰীশঙ্কৰৰপৰা ধৰ্ম্ম গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। কিন্তু এক শৰণ ধৰ্ম্মত ব্যভিচাৰ ঘটিব পাৰে বুলি শ্ৰীগুৰু ধৰ্ম্ম দিবলৈ মান্তি নহল। এই সময়তে প্ৰায় ছকুৰি বছৰ বয়সত ১৪৯১ শঁকত শ্ৰীমন্ত শঙ্কৰদেৱে ভক্তসকলৰ হৰিকীৰ্ত্তনৰ মাজত বৈকুণ্ঠ প্ৰয়াণ কৰে। এই সম্বন্ধে শ্ৰীশ্ৰীদামোদৰচৰিতত লিখিছেঃ—

“লোকক ভজাই কতো দিন আছন্ত তথাত।
পাচে ভাদ্ৰমাহা শুক্লপক্ষ দ্বিতীয়াত॥
স্নানি হৰি সেৱা কৰি প্ৰসঙ্গ কৰিলা।
ভকতসবক মিলাই আনন্দে বসিলা॥
ৰামানন্দ ঠাকুৰ তথাত আসিলন্ত।
দেখিয়া শঙ্কৰে পাচে বাক্য বুলিলন্ত॥”
 

[ ৩৪ ]  এইদৰে পুত্ৰ ৰামানন্দ, আৰু শিষ্য, প্ৰশিষ্য সকলোকে উপদেশ দি—

“উত্তৰক মুখে কৃষ্ণ-ৰূপক ধিয়াই।
ছাৰিলন্ত দেহ ৰাম-কৃষ্ণ নাম গাই॥
ভকতে চৌপাশে হৰিধ্বনি কৰিলন্ত৷
ৰত্নময় বিমানে শঙ্কৰ চলিলন্ত॥
দিব্য চতুৰ্ভুজ ৰূপে কৰন্ত প্ৰকাশ।
নানাবিধ বাদ্যচয় বাজয় চৌপাশ॥”৪৪৭

 শ্ৰীমন্ত শঙ্কৰদেৱে নিজৰ প্ৰচাৰিত মত সুপ্ৰতিষ্ঠিত কৰিবলৈ ঠায়ে ঠায়ে নানা গ্ৰন্থ ৰচনা কৰে; সকলোতকৈ পাটবাউসীতে শ্ৰীমন্ত শঙ্কৰৰ অমূল্য গ্ৰন্থবোৰ বেচিকৈ গ্ৰন্থ ৰচনা কৰিছিল। শ্ৰীশঙ্কৰৰ উদ্দেশ্য আছিল বোধকৰোঁ গোটেই উত্তৰ-পূব ভাৰতত তেওঁৰ মত প্ৰচাৰ কৰা; সেই কাৰণে তেওঁৰ অঙ্কীয়া নাটবোৰ মৈথিলী শব্দবহুল বুলি অনুমান হয়। আন গ্ৰন্থবোৰৰ ভাষাও প্ৰায় গঙ্গালৈকে সকলোৱে বুজিব পৰা। তেওঁৰ ৰচিত গ্ৰন্থ এতিয়ালৈকে তলত লিখা কেইখন পোৱা হৈছে—

 কীৰ্ত্তনঘোষা, ভাগৱত [ ১ম, ২য়, ৩য় (অনাদি পাতন), অজামিল উপাখ্যান (৬ষ্ঠ), প্ৰহ্লাদ চৰিত (৭ম), অমৃত মথন, বলিছলন (৮ম), হৰিশ্চন্দ্ৰ উপাখ্যান, আদ্য দশম, কুৰুক্ষেত্ৰ ( শেষ দশম ), ১১ শ আৰু ১২ স্কন্ধ ] নিমিনৱসিদ্ধ, ৰামায়ণ ( উত্তৰাকাণ্ড ), ৰুক্মিণী হৰণ (কাব্য), ভক্তি ৰত্নাকৰ [ ৩৫ ] (সংস্কৃত), বৰগীত, ভক্তি প্ৰদীপ, অঙ্কীয়া নাট—কলিয় দমন, ৰামবিজয়, ৰুক্মিণী হৰণ, কেলি গোপাল, পৰিজাত হৰণ, পত্নী প্ৰসাদ আদি। শ্ৰীশঙ্কৰৰ সমসাময়িক ৰাম সৰস্বতী, অনন্ত কন্দলী আৰু ভট্টদেৱ আদিয়েও যেন ঠিক সেই সাঁচতেই গ্ৰন্থবোৰ ৰচনা কৰিছিল।[৯]

শ্ৰীমন্ত শঙ্কৰে কোনো নতুন ধৰ্ম্ম প্ৰকাশ কৰা নাছিল—সনাতন হিন্দু ধৰ্ম্মৰ ভাগৱতৰ এক শৰণ ৰাজ ধৰ্ম্মকেই শ্ৰীমন্ত শঙ্কৰৰ ধৰ্মমত নতুন ৰহণ দি দেশত চলাইছিল। শ্ৰীশঙ্কৰে চৈতন্যময় সৰ্ব্বব্যাপী সূক্ষ্মৰূপ—এক নিৰঞ্জন নাৰায়ণৰ সেৱা দেশত প্ৰচাৰ কৰিছিল আৰু লগতে এই নিৰ্গুণ কৃষ্ণৰ গুণ প্ৰকাশ কৰিবলৈ নাৰায়ণৰ লীলাময় ৰূপ শঙ্খ-চক্ৰ-গদা-পদ্মধাৰী, বনমালী, চতুৰ্ভুজ শ্ৰীকৃষ্ণৰ উপাসনা দেশত চলাইছিল। শ্ৰীভগৱানৰ নাম-গুণ শ্ৰৱণ-কীৰ্ত্তনেৰে, “যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ” বোধ কৰি, নিস্কাম ভাবে একমাত্ৰ ভগৱানকেই একান্ত মনে ভজনা কৰিবলৈ সকলোকে উপদেশ দিছিল। সেব্য-সেৱক ভাৱৰ প্ৰাধান্য ৰাখি দাস্য ভাৱে হৰিক ভজনা কৰিবলৈ তেওঁ সকলোকে কৈছিল।

[ ৩৬ ]  শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত গ্ৰন্থবোৰ তেওঁৰ মতবাদেই ভৰা। তলত তেওঁৰ মাত্ৰ চাৰিখন গ্ৰন্থৰ চাৰি আষাৰ কথা উল্লেখ কৰিলোঁ—

 ১।  সাম্যবাদ আৰু অহিংসা—

  “নীচত সাধুত যাৰ ভৈল এক জ্ঞান।
  তাকেসে পণ্ডিত বুলিয় সৰ্ব্বজন॥
  বিশেষত মনুষ্যগণত যিটো নৰে।
  বিষ্ণুবুদ্ধি ভাৱে সৰ্ব্বদায়ে মান্য কৰে॥
  ঈৰষা অসূয়া তিৰস্কাৰ অহঙ্কাৰ।
  সবে নষ্ট হোৱৈ তেবে তাৱক্ষণে তাৰ॥
(১৮২১ কীৰ্ত্তন)

 ২। ব্ৰহ্মজ্ঞান—

  বাহিৰে ভিতৰে জানা ইটো জগতৰ।
  পৰিপূৰ্ণ ৰূপে আছো পৰম ঈশ্বৰ॥
  জানি ইটো তত্ত্ব কথা থিৰ কৰি চিত।
  মোকেসে দেখিবা মাত্ৰ সমস্তে প্ৰণীত॥
(১৯৩৭৮ ভাগৱত )

 ৩। সাম্যভাৱ—

  ব্ৰাহ্মণ চণ্ডাল চোৰ দাতা ক্ৰূৰ শান্ত।
  সবাতে আমাক তুমি দেখিবা নিতান্ত॥
  তেজি লোভ গৰ্ব্ব মান হুয়া উপশাম।
  সমস্তকে দণ্ডৱতে কৰিবা প্ৰণাম॥
( ভক্তি ৰত্নাকৰ ভাষ্য )

[ ৩৭ ] ৪।  ঈশ্বৰ জ্ঞান—.

  সমস্ত ভূতৰে হৃদয়ত আছো আমি
  পৰম সুহৃদ মহেশ্বৰ অন্তৰ্য্যামী॥
  হেন বুদ্ধি কৰি সৰ্ব্বদায়ে জানা মোক।
  এতেকে তৰিবা সংসাৰৰ দুখ শোক॥

( ১৪৮ ভক্তি প্ৰদীপ)

 শ্ৰীমন্ত শঙ্কৰদেৱৰ এই উপদেশবোৰ উপলব্ধি কৰিবলৈ নিত্য-প্ৰসঙ্গ কৰা আৰু মাজে সময়ে ভাওনা কৰা নিয়ম বান্ধি দিছিল। তেওঁ প্ৰচাৰ কৰা উপদেশবোৰ, তেওঁ নিজে পালন কৰি আৰু সেৱকসকলৰ হতুৱাই পালন কৰোৱাই জনসাধাৰণক আৰ্হি দেখুৱাইছিল।

 সকলো ধৰ্ম্মৰেই কিছুমান আচাৰ আছে—আচাৰেহে ধৰ্ম্মক ৰক্ষা কৰে। শ্ৰীশঙ্কৰৰ প্ৰচাৰিত সনাতন ভাগৱতী ধৰ্ম্মৰো কিছুমান পালিবলগীয়া আচাৰ আছে। ৩২ আচাৰ এই আচাৰবোৰে স্বাস্থ্যৰক্ষা কৰাৰ উপৰিও মানুহক সংযমী কৰি আত্ম-চিন্তাত সহায় কৰে। কিন্তু আচাৰেই ধৰ্ম্ম নহয়—পৰৱৰ্ত্তী কালত আমাৰ বহুতে আচাৰকে ধৰ্ম্ম হিচাবে লোৱাত আমি বহুতৰো হাঁহিয়াতৰ পাত্ৰ হৈছোঁহক। ধ্যান, ধাৰণা আৰু নিত্য-প্ৰসঙ্গ কৰা মহাপুৰুষীয়াসকলৰ নিত্য কৰ্ত্তব্য। সত্ৰবোৰত নিত্য প্ৰসঙ্গ সমষ্টিভাৱেই কৰাৰ নিয়ম। এই নাম কীৰ্ত্তনৰ ৰাগ আৰু তাল আছে। ইয়াক ৰক্ষা কৰিবলৈ ভক্তসকলে তাল আৰু চাপৰি মাৰে। সকলোৱে তাল [ ৩৮ ] ৰাখি যেতিয়া ঠিক একে সময়তেই ঘোষা গাব ধৰে, তাত এক গুৰু গম্ভীৰ ধ্বনি হয়।

 শ্ৰীমন্ত শঙ্কৰৰ গীতবোৰ বেলেগ বেলেগ সময়ৰ বাবে বিভিন্ন ৰাগত ৰচিত হৈছিল। পদ পুথিবোৰো বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ৰাগত পাঠ কৰা হয়। এই ৰাগবোৰৰ চৰ্চ্চা শ্ৰীশঙ্কৰে পোনতে এই দেশতে কৰিছিল। ১ম বাৰ তীৰ্থ- যাত্ৰাৰপৰা ঘূৰি অহাৰ পাচত বোধকৰোঁ আৰু কিছুমান ৰাগ ইয়ালৈ আমদানি হৈছিল। ৰাগত অভিজ্ঞসকলে ইয়াৰ শক্তিৰ কথা ভালদৰে জানে।

 শ্ৰীশঙ্কৰে ধৰ্ম্মাচাৰ্য্য পতা ক্ৰিয়াক “ধোপদিয়া” বা “নিৰ্ম্মালি দিয়া” নাম দিছিল; ই এক প্ৰকাৰ ৰাজ-অভিষেকৰ দৰে। কাকো ধৰ্ম্মাচাৰ্য্য পাতিব লগা হলে, সমূহ ভক্তসকলৰ মাজত শীৰ্ষস্থানীয় গুৰুসকলে নিৰ্ম্মালি, শাস্ত্ৰ আৰু বস্ত্ৰ দি :শুদ্ধ-সত্য- ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ আদেশ দিয়ে। এই ক্ৰিয়াত নিজ সম্প্ৰদায়ৰ ব্ৰাহ্মণ ধৰ্ম্মাচাৰ্য্যকো ব্ৰাহ্মণেতৰ ধৰ্ম্মচাৰ্য্যে নিৰ্ম্মালি দি অধিকাৰ পাতে। এই দস্তুৰ এতিয়ালৈকে উজনীত দেখিবলৈ পোৱা যায়।

 গুৰুচৰিত সম্বন্ধে কবলগীয়া কথা ইয়াতে আমাৰ শেষ হল। কেৱল বৈষ্ণৱ ধৰ্ম্ম সম্বন্ধে এষাৰ মাত্ৰ ইয়াতে উল্লেখ ৩৩ বৈষ্ণৱ ধৰ্ম্মৰ শক্তি কৰিলোঁ। কিছুমানে ভাগৱতী বা বৈষ্ণৱ ধৰ্ম্মক দুৰ্ব্বলৰ ধৰ্ম্ম বুলি কব খোজে; আচলতে কিন্তু—প্ৰকৃত বৈষ্ণৱসকলে বিষ্ণুচক্ৰৰ মহিমাত [ ৩৯ ] কাকো ভয় নকৰে। অতীজৰ ভাৰতৰ বহু বৈষ্ণৱ ৰাজ্যত ইয়াৰ প্ৰমাণ পোৱা হৈছিল; আমাৰ ইয়াতো ভাগৱতী মোৱামৰীয়া সম্প্ৰদায়ে বা কি নকৰিছিল? মোৱামৰীয়াৰ সংহতিত প্ৰতাপী আহোম ৰাজ-সিংহাসন হেন্দোলিত হৈছিল। বৰ্ত্তমানেও অহিংস নীতিৰ সেৱক কংগ্ৰেছে ভাৰত যুক্তৰাষ্ট্ৰ কেনেদৰে সুপ্ৰতিষ্ঠিত কৰিব ধৰিছে, তাক সকলোৱে দেখিছে—

 গুৰুসকল, শ্ৰীমন্ত শঙ্কৰে ধৰ্ম্মৰ জৰিয়তে আমাক ভাষা আৰু সমাজ দিলে। তেওঁৰ বহুমুখী অসাধাৰণ প্ৰতিভা-জীৱনো কৰ্ম্ম বহুল। তেওঁৰ৩৪ উপসংহাৰ জীৱনচৰিত্ৰ অমিয় মাধুৰিৰে ভৰা। এই অসাধাৰণ মহাপুৰুষৰ জীৱনৰ কাৰ্য্যাৱলী বৰ্ণনা কৰা মানুহৰ পক্ষে সম্ভৱ নহয়। আমি ইয়াত চৰিত পুথিবোৰৰ দুই চাৰি আষাৰ কথাহে উল্লেখ কৰিলোঁ। চৰিত্ৰকাৰ-সকলৰ সেই বাণীবোৰো সজোৱাত, আমাৰ খাপ খাই নাযাব পাৰে, তদুপৰি আমি শ্ৰীগুৰুৰ চিত্ৰ ফুটাই তুলিবলৈ যত্ন কৰোঁতে, নানা ভুল-প্ৰমাদতে৷ পৰিব পাৰোঁ, সেই বাবে আপোনালোকৰ ওচৰত ক্ষমা খুজিলোঁ।

 গুৰুসকল, বৰ্ত্তমানে আমাৰ দেশে স্বাধীনতাৰ দুৱাৰদলিত ভৰি দিছে। এই শুভক্ষণত আমি একান্ত ভাৱে শ্ৰীশঙ্কৰৰ প্ৰদৰ্শিত এক শৰণ-ধৰ্ম্ম ধৰি, সকলোৱে আত্মচৈতন্য লাভ কৰোঁ আহক। আমাৰ ভিতৰৰ ভেদাভেদ দূৰ হওক; পৰস্পৰৰ ভিতৰত প্ৰাণে প্ৰাণে মিলোৱা ভ্ৰাতৃভাৱ স্থাপিত হওক; শ্ৰীগুৰুৰ পথ অনুসৰণ কৰি আমি জ্ঞানচৰ্চ্চা কৰি, [ ৪০ ] জ্ঞান-বিজ্ঞানেৰে নিজক অলঙ্কৃত কৰোঁ আহক; আৰু গুৰুৰ শিক্ষামতে হিয়াত হৰিক লৈ হাতে কাম কৰি কৃষি-শিল্প বাণিজ্যেৰে নিজ জন্মভূমিক পৃথিবীত চিনাকি দিওঁ আহক। গুৰুসকল,আজি শ্ৰীমন্ত শঙ্কৰ নাই— কিন্তু তেওঁৰ প্ৰত্যেক গ্ৰন্থৰ প্ৰতি স্তম্ভত আছে— তেওঁৰ প্ৰেমৰ বাতৰি, অহিংসাৰ বাণী, সত্যৰ সংবাদ, কৰ্ত্তব্য-সাধনৰ জ্বলন্ত পথৰ সন্ধান। তেওঁ যিদৰে মানুহ মাত্ৰেই ভাই বুলি সাৱটি ধৰি সত্যক বুকত লৈ ৰজা, প্ৰজা সকলোতে সত্যৰ বিজয় ঘোষণা কৰিছিল—হিংসা-দ্বেষক দৈত্য-দানৱ বুলি দেশৰপৰা নিকাল কৰিছিল আৰু নিজতকৈ দেশবাসীৰ ঐহিক-পাৰত্ৰিক সুখ-সুবিধাৰ ব্যৱস্থা কৰাৰ অৰ্থেহে চেষ্টা কৰিছিল, আমি যদি তেওঁৰ প্ৰদৰ্শিত এই নীতিবোৰ ধৰি চলিবলৈ চেষ্টা কৰোঁ, তেন্তে তেওঁ আমাৰ সকলোৰে হৃদয়ে হৃদয়ে আজি জিলিকি উঠিব।

 আহক গুৰুসকল, “কেশৱ-চৰণ-সৰোৰুহ-কিঙ্কৰ” জাতিৰ পিতা শঙ্কৰত শৰণ লৈ প্ৰাৰ্থনা কৰোঁ—তেওঁৰ অমূল্য বাণীবোৰৰ সুলভ সংস্কৰণ জগতৰ নানা ভাষাত প্ৰচাৰ হওক, তেওঁৰ প্ৰচাৰিত মতবাদত পৰা মলিবোৰ অচিৰে দূৰ হওক—সাম্য-মৈত্ৰীৰ ভাৱ জগতত পুনৰ জিলিকি উঠক। “জয় গুৰু শঙ্কৰ”।


 মন্তব্যআমাৰ সংগৃহীত ৰচনাৰ মাজে মাজে অনুল্লিখিত চৰিত পুথিৰ এশাৰী দুশাৰী পদ দিয়া হৈছে, সেইবোৰ ৰামচৰণ ঠাকুৰৰ ‘‘গুৰু চৰিত”ৰ পৰা সংগ্ৰহ কৰা।

—:( সমাপ্ত ):—


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )

 
  1. শ্ৰীমদ্ভাগৱতৰ পাতনি।
  2. পৰম অমূল্য ৰত্ন  হৰি নামৰ পেৰা
     আতি গুপ্ত স্বৰূপে আছিল।
    লোকক কৃপায়ে হৰি  শঙ্কৰ স্বৰূপে আসি
     মুদ ভাঙ্গি সমস্তকে দিল॥১৭০ (নামঘোষা)

  3. হৰিনাম প্ৰেমৰসে  অমৃত নিৰিক বান্ধি
     গুপ্ত কুৰি থৈলা দেৱগণে।
    দয়ালু শঙ্কৰে পাই  তুলি মুদ ভাঙ্গি দিলা
     সুখে পান কৰা সৰ্ব্বজনে॥১০১ (নামঘোষা)

  4. ৰামচৰণ ঠাকুৰৰ চৰিতত এই অধ্যায়ৰ কথা অতি চমু; এই অধ্যায়ৰ ভিতৰত বটদ্ৰৱাত জগন্নাথ মিশ্ৰৰ ভাগৱত পাঠ আৰু শ্ৰীমাধৱদেৱৰ আশ্ৰয় লাভৰ কথা লিখিছে। আন আন চৰিতৰ মতে মিশ্ৰই গুৰুক গাংমৌত পাইছিল আৰু শ্ৰীমাধৱদেৱে ধুঞাহাটাত শ্ৰীগুৰুৰ আশ্ৰয় লাভ কৰিছিল। শ্ৰীমাধৱদেৱে উত্তৰ কূলত নাৰায়ণপুৰৰ ওচৰতহে বাস কৰিছিল, তাৰপৰা বটদ্ৰৱা কেইবাদিনৰ বাট; কিন্তু ধুঞহাটা এপৰমান বেলিৰহে বাট।
  5. দুৰ্গাবড়ী আৰু শুকনাৰায়ণৰ পদ গোৱা প্ৰণালী শ্ৰীশঙ্কৰদেৱৰ আগৰেপৰা দেশত চলি আছিল বুলি কিছুমানে কয়।
  6. “আহোমৰ হাতীধৰা লাগিলেক তথা” ( ২৫০১ ৰাম চৰণ )
  7. কিছুমানে ইয়াক চিনপৰৰা বোলে। দৈত্যাৰি ঠাকুৰৰ মতে শ্ৰীগুৰু আহি ‘পালান্দিত’ থাকে, ‘চূণপোৰা’ নাম নাই।
  8. শ্ৰীমন্ত শঙ্কৰদেৱ উজনীৰপৰা ভটিয়াই অহাৰ পাচতেই বৰদোৱাৰ ওচৰৰ নলচাৰপৰা শ্ৰীদামোদৰদেৱ আৰু নাৰায়ণপুৰৰপৰা শ্ৰীহৰিদেৱ আদিয়েও ভটিয়াই আহি কামৰূপত বাস কৰেহি।
  9. সেই সময়ত কামৰূপ ৰাজ্যৰ ৰাজধানী কোচবেহাৰেই কামৰূপী ভাষা চৰ্চাৰ কেন্দ্ৰ আছিল। মহাৰাজ নৰনাৰায়ণৰ সভা-পণ্ডিতসকলে নানা সংস্কৃত আৰু কামৰূপীয় ভাষাৰগ্ৰন্থ ৰচনা কৰি কামৰূপীয় বা অসমীয়া ভাষাৰ ভেটি দৃঢ় কৰিছিল।