পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৫)

(সংস্কৃত), বৰগীত, ভক্তি প্ৰদীপ, অঙ্কীয়া নাট—কলিয় দমন, ৰামবিজয়, ৰুক্মিণী হৰণ, কেলি গোপাল, পৰিজাত হৰণ, পত্নী প্ৰসাদ আদি। শ্ৰীশঙ্কৰৰ সমসাময়িক ৰাম সৰস্বতী, অনন্ত কন্দলী আৰু ভট্টদেৱ আদিয়েও যেন ঠিক সেই সাঁচতেই গ্ৰন্থবোৰ ৰচনা কৰিছিল।[১]

শ্ৰীমন্ত শঙ্কৰে কোনো নতুন ধৰ্ম্ম প্ৰকাশ কৰা নাছিল—সনাতন হিন্দু ধৰ্ম্মৰ ভাগৱতৰ এক শৰণ ৰাজ ধৰ্ম্মকেই শ্ৰীমন্ত শঙ্কৰৰ ধৰ্মমত নতুন ৰহণ দি দেশত চলাইছিল। শ্ৰীশঙ্কৰে চৈতন্যময় সৰ্ব্বব্যাপী সূক্ষ্মৰূপ—এক নিৰঞ্জন নাৰায়ণৰ সেৱা দেশত প্ৰচাৰ কৰিছিল আৰু লগতে এই নিৰ্গুণ কৃষ্ণৰ গুণ প্ৰকাশ কৰিবলৈ নাৰায়ণৰ লীলাময় ৰূপ শঙ্খ-চক্ৰ-গদা-পদ্মধাৰী, বনমালী, চতুৰ্ভুজ শ্ৰীকৃষ্ণৰ উপাসনা দেশত চলাইছিল। শ্ৰীভগৱানৰ নাম-গুণ শ্ৰৱণ-কীৰ্ত্তনেৰে, “যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ” বোধ কৰি, নিস্কাম ভাবে একমাত্ৰ ভগৱানকেই একান্ত মনে ভজনা কৰিবলৈ সকলোকে উপদেশ দিছিল। সেব্য-সেৱক ভাৱৰ প্ৰাধান্য ৰাখি দাস্য ভাৱে হৰিক ভজনা কৰিবলৈ তেওঁ সকলোকে কৈছিল।

  1. সেই সময়ত কামৰূপ ৰাজ্যৰ ৰাজধানী কোচবেহাৰেই কামৰূপী ভাষা চৰ্চাৰ কেন্দ্ৰ আছিল। মহাৰাজ নৰনাৰায়ণৰ সভা-পণ্ডিতসকলে নানা সংস্কৃত আৰু কামৰূপীয় ভাষাৰগ্ৰন্থ ৰচনা কৰি কামৰূপীয় বা অসমীয়া ভাষাৰ ভেটি দৃঢ় কৰিছিল।