পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৮)

আলিঙ্গন কৰিবলৈ ধৰিলে। সকলোৰে অন্তৰত আত্ম-সন্মান জাগি উঠিল। কামৰূপ-অসম জাতীয় ভাৱত জাগ্ৰত হৈ উঠিল।

 শ্ৰীমন্ত শঙ্কৰ স্বয়ং আছিল—আদৰ্শ গৃহী৷ তেওঁৰ থকা ঘৰ ৰাজটোলৰ দৰে আছিল, দাস-দাসীও আছিল বহুতো। দাস-দাসীসকলে নানাবিধ শস্যৰ খেতি২৫ আদৰ্শ গৃহী শ্ৰীমন্ত শঙ্কৰ কৰিছিল। শ্ৰীমন্ত শঙ্কৰৰ ঘৰ সদায় আলহী, ভকত, দুখী-দৰিদ্ৰই ভৰি আছিল। চক্ৰপাণি নামৰ কায়স্থ পণ্ডিত এজনক ঘৰত ৰাখি গুৰুৱে নিজৰ লৰা-ছোৱালীৰ শিক্ষাৰ ব্যৱস্থাও শৃঙ্খলা ভাবে দিয়াইছিল ৰামানন্দ ঠাকুৰ ডাঙৰ হলত তেওঁক চিলাৰায় দেওৱানৰ লগত ৰাখি মজিন্দাৰী বিদ্যাও শিক্ষা দিয়াইছিল।

 শ্ৰীমন্ত শঙ্কৰে দুপৰীয়া ভোজনৰ পাচত শিৰোমণি ভূঞা দোপৰত বহাৰদৰে মেল-চ’ৰাত বহি দূৰ-দূৰান্তৰৰপৰা অহা লোকসকলক সাক্ষাৎ দিছিল। থানৰ ভকতসকলক কিবা দিহা পৰামৰ্শ দিবলগীয়া হলেও এই সময়তে দিছিল। এই সময়তেই কেতিয়াবা নিজৰ খেতি-খোলাৰো খবৰ লৈছিল৷ শ্ৰীশঙ্কৰে সামিষ আহাৰো ভোজন কৰিছিল। ভাওনাৰ সময়ত তেওঁ সকলো ভাওৰেই আৱশ্যকমতে অংশ গ্ৰহণ কৰিছিল।

২৬ সত্ৰ সভাৰ ব্যৱস্থা  শ্ৰীশঙ্কৰৰ স্থাপিত সত্ৰ বা থান পাটবাউসী গৃহী আৰু উদাসীন ভক্তসকলৰ দ্বাৰা গণ-তন্ত্ৰমতে চলিছিল। বেচিভাগ ভক্তে