পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২)

 সনক সনাতন যোগীয়ে মহিমা নজনা, ত্ৰিজগতপতি অখিল ব্ৰহ্মাণ্ডৰ পালন কৰ্ত্তা যি দেৱাদিদেৱ, ব্ৰহ্মা, শিৱ, ইন্দ্ৰ আদিয়ে নিতে যাক সেৱা কৰে, চাৰি বেদত যাৰ চৰণ বিকাশিত, ত্ৰিভুৱন বন্দন দৈৱকীনন্দন যি হৰিয়ে ২ প্ৰণামকংসক বধ কৰিছিল, জগত কাৰণ আদিদেৱ নাৰায়ণেই শঙ্কৰ–ৰূপে অৱতীৰ্ণ বুলি যাক শ্ৰীশঙ্কৰৰ ছাঁৰ সদৃশ মহাপুৰুষ শ্ৰীমাধৱদেৱে ঘোষণা কৰি গৈছে, আমি আজি সেই আয়তলোচন, চন্দ্ৰবয়ন, গৌৰকলেৱৰ, দৰশিত সুন্দৰ, গহীন গম্ভীৰ, ধীৰমতি, সভাসদৰঞ্জন, সৰ্ব্বগুণাকৰ আমাৰ পৰম গুৰু, জগত গুৰু শ্ৰীমন্ত শঙ্কৰৰ চৰণত প্ৰণাম পোনতে জনালোঁ৷

 শ্ৰীমন্ত শঙ্কৰ আবিৰ্ভাৱ হয়— বৰ্ত্তমান নগাওঁ জিলাৰ আলিপুখুৰীত ১৩৭১ শকৰ আহিন মাহৰ শুক্লা দশমী তিথিত।

৩ শ্ৰীমন্ত শঙ্কৰৰ আবিৰ্ভাৱ আৰু
সেই সময়ৰ দেশৰ অৱস্থা

আবিৰ্ভাৱ হবৰ আজি ৫০০ বছৰৰো অতীত হৈ গল—কম দিন অতীত হোৱা নাই—প্ৰায় ষোল পুৰুষ আগতেই শ্ৰীমন্ত শঙ্কৰৰ এই দেশত আবিৰ্ভাৱ হৈছিল।

 প্ৰায় ৬ষ্ঠ শতিকাৰপৰা উত্তৰ ভাৰতত ভাগৱত ধৰ্ম্ম প্ৰচাৰিত হৈছিল আৰু পালবংশৰ ৰাজত্বৰ মাজ ভাগলৈকে আমাৰ ইয়াত বিষ্ণু আৰু শিৱ পূজা ঘাইকৈ চলিছিল। এই সময়ত এই দেশত বৌদ্ধমতাৱলম্বী লোকো থকাৰ প্ৰমাণ পোৱা যায়। কিন্তু একাদশ শতিকাৰ শেষ ভাগত দেশত শক্তি পূজাই প্ৰৱল হৈ উঠে। এই সময়ত চলা বৌদ্ধ মতত