নিজে খেতি কৰি খাইছিল। ইয়াত নানা বিষয়ৰ শিক্ষাৰো ৱ্যৱস্থা আছিল।
পাটবাউসী সত্ৰখন আছিল এখন পঢ়াশালি। ইয়াত নিৰক্ষৰ ভক্তসকলে আৰু ওচৰ কাষৰৰ লৰাবিলাকে লিখা-পঢ়া শিকিছিল। এই সত্ৰখণ আছিল—এটা ডাঙৰ পুথিভঁৰাল; ইয়াত সেই সময়ত উত্তৰ ভাৰতত পাব পৰা প্ৰায় সকলো গ্ৰন্থ সংগৃহীত হৈছিল আৰু উপযুক্ত ভক্তসকলে নিতৌ সেইবোৰ পাঠ কৰা আৰু সাৰ সংগ্ৰহ কৰা নিয়ম বান্ধি লৈছিল। এই সত্ৰখন আছিল—এখন ডাঙৰ শিল্পালয়; ইয়াত ভাওনাৰ সকলো মুখা, চৌ আদি সজা হৈছিল, নটুৱা আদিক মনোমোহা কৰি ৰজা হৈছিল। ই এখন আছিল চিত্ৰালয়—ইয়াত কীৰ্ত্তন ভাগৱত আদিৰ কথাৰ মাজে মাজে নানা ৰঙৰ চিত্ৰও অকোৱা হৈছিল। ইয়াৰ উপৰি নানা কাঠ, বাঁহ, বেতৰ কামো ভক্তসকলে আজৰি পৰত কৰিছিল। এই সত্ৰ আছিল এখন দাতব্য ওষধালয়। দ্ৰব্যগুণত অভিজ্ঞ ভক্তসকলে নানা ৰোগৰ ঔষধ তৈয়াৰ কৰিছিল আৰু ওচৰ কাষৰৰ মানুহক সময়মতে বিনামূল্যে ঔষধ দি সাহায্য কৰিছিল। সত্ৰত কেতিয়াবা কেতিয়াবা গাঁৱৰ বাদ-বিসম্বাদবোৰ মীমাংসা কৰোৱাই দিছিল। সত্ৰৰ এটা ভঁৰাল আছিল; দূৰৰ যাত্ৰীসকলে বা ওচৰৰ ভকতসকলে যি বয়-বস্তু দিছিল, তাক সেই ভঁৰালত ৰখা হৈছিল। কোনোৱে ধন দিলে তাকো শ্ৰীগুৰুৰ আদেশ মতে ভঁৰালীয়ে জমা ৰাখিছিল।