পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১০)

স্বামীয়ে নিচিনে এই মোৰ ভাৰ্য্যা বুলি॥” তাৰ পাচত সমজুৱাসকলে “তহিতো শঙ্কৰ দেখে অহিতো শঙ্কৰ।” এইদৰে দৰ্শকসকলৰ মন শ্ৰীশঙ্কৰে আকৰ্ষণ কৰাত বহুতে তেওঁৰপৰা ভগৱৎ ভক্তি পাবলৈ প্ৰাৰ্থনা কৰিলে।

 সমজুৱাসকলৰ প্ৰাৰ্থনা মতে—

৯ ভাগৱত ধৰ্ম্ম প্ৰকাশ
গোপী-উদ্ধৱ সংবাদ;

“পৰম কৃপালু  শ্ৰীশঙ্কৰে ভক্তিৰ
 লোকক কৰিয়া দয়া।
হৰিৰ নিৰ্ম্মল  ভকতি প্ৰকাশ
 কৰিলা শাস্ত্ৰক চায়া॥” (নামঘোষা)

শ্ৰীশঙ্কৰে ভক্তিৰ আন সকলো পথ এৰি মুক্তিৰ প্ৰতি উদাস হৈ, হৰি এক শৰণ সৰ্ব্বশ্ৰেষ্ঠ নামধৰ্ম্ম প্ৰকাশ কৰিবলৈ এক নিশাৰ ভিতৰতে “দশমৰ পুৰাণৰ শ্লোক পাচে পাই” উদ্ধৱ-সংবাদ ৰচনা কৰে আৰু তাকেই আগত থৈ “পণ্ডিত গহন বিপ্ৰ, বুঢ়াখাঁ ভূঞা, হৰিদাস বনিয়া” আদিক ভগৱন্তৰ চৰণত শৰণ লগালে। সমস্ত মন্ত্ৰৰ মূল বীজ চাৰি নাম তেওঁলোকক দিলে—গুৰু, দেৱ, নাম, ভক্তক চিনালে। “সমস্তে ধৰিলা দেৱ শঙ্কৰৰ মত।” এই নাম সঞ্জীৱনীৰ দৰে তেওঁলোকৰ হিয়াত প্ৰবেশ কৰিলত তেওঁলোকৰ সকলো ভয় দূৰ হল—তেওঁলোক সকলো বন্ধনৰপৰা মুক্ত হল—তেওঁলোকৰ আত্মানুভূতি জন্মিল—বিশ্বৰ সকলোৰে লগত সমভাব হল—হিংসা, দ্বেষ, হিয়াৰপৰা দূৰতো বিদূৰ হল। তেতিয়াৰপৰা শ্ৰীশঙ্কৰে “হৰি ভক্তি দান, দিয়া