ধনু-কাৰ হাতত লৈ হাবিয়ে বননিয়ে ঘুৰি ফুৰে; হাবিত সোমাই বঁটা চৰাই ধৰি ধেমালি কৰে– পহুপোৱালী ধৰি আনি ৰং কৰে। কোনো কোনো দিন তেওঁলোকে ভালুকো খেদে। এসময়ত শুই থকা ভালুক এটাৰ ওপৰত শ্ৰীশঙ্কৰ উঠি চৰি ফুৰা কথাও চৰিতত আছে। তেওঁলোকে সময়ে সময়ে মাল যুঁজ কৰে, হাউ খেলে, আৰু পানীত নাদুৰে। কোনো দিন নাদুৰোঁতে শ্ৰীশঙ্কৰে পানীৰপৰা শিহুপোৱালী ধৰি আনি ধেমালি কৰি এৰি দিয়ে। এদিন লগৰীয়াৰ লগত ভাদ মহীয়া ভৰপূৰ ব্ৰহ্মপুত্ৰত সাতোঁৰোঁতে তেওঁ নৈ পাৰ হৈ, পুনৰ সাতুৰি যাত্ৰা কৰা ঠাইলৈ ঘুৰি আহে সকলোকে আচৰিত কৰে। এই সময়তেই কোনোবা দেশৰ এজন মাল অহাত শ্ৰীশঙ্কৰে তেওঁক পৰাস্ত কৰি খেদি পঠায়।
এইমতে—“যেবে ক্ৰীড়া কৰি ফুৰে শ্ৰীমন্ত শঙ্কৰ।
দেখি বুঢ়ী আইৰ নসহে কলেৱৰ॥
হাক ডাক নুশুনে ক্ৰীড়ন্তে দিন যায়।
পণ্ডিতালিৰ চিন শঙ্কৰৰ দেখে নাই॥”
(ৰামচৰণ)
ইয়াকে দেখি বুঢ়ী মাকে এদিন—
“খেদি ধৰি মাৰি শঙ্কৰক ঘৰে আনি।
তামৰ কলস গাৱে ঢালিলন্ত পানী॥
তাৰ পাচত ভাত খাবলৈ দি—“নপঢ়স কিয় মোত কহ সাঁচে সাঁচে” বুলি পূৰ্ব্বপুৰুষৰ পণ্ডিতালিৰ কথা কৈ বুজনি