পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৯ )

কাকো ভয় নকৰে। অতীজৰ ভাৰতৰ বহু বৈষ্ণৱ ৰাজ্যত ইয়াৰ প্ৰমাণ পোৱা হৈছিল; আমাৰ ইয়াতো ভাগৱতী মোৱামৰীয়া সম্প্ৰদায়ে বা কি নকৰিছিল? মোৱামৰীয়াৰ সংহতিত প্ৰতাপী আহোম ৰাজ-সিংহাসন হেন্দোলিত হৈছিল। বৰ্ত্তমানেও অহিংস নীতিৰ সেৱক কংগ্ৰেছে ভাৰত যুক্তৰাষ্ট্ৰ কেনেদৰে সুপ্ৰতিষ্ঠিত কৰিব ধৰিছে, তাক সকলোৱে দেখিছে—

 গুৰুসকল, শ্ৰীমন্ত শঙ্কৰে ধৰ্ম্মৰ জৰিয়তে আমাক ভাষা আৰু সমাজ দিলে। তেওঁৰ বহুমুখী অসাধাৰণ প্ৰতিভা-জীৱনো কৰ্ম্ম বহুল। তেওঁৰ৩৪ উপসংহাৰ জীৱনচৰিত্ৰ অমিয় মাধুৰিৰে ভৰা। এই অসাধাৰণ মহাপুৰুষৰ জীৱনৰ কাৰ্য্যাৱলী বৰ্ণনা কৰা মানুহৰ পক্ষে সম্ভৱ নহয়। আমি ইয়াত চৰিত পুথিবোৰৰ দুই চাৰি আষাৰ কথাহে উল্লেখ কৰিলোঁ। চৰিত্ৰকাৰ-সকলৰ সেই বাণীবোৰো সজোৱাত, আমাৰ খাপ খাই নাযাব পাৰে, তদুপৰি আমি শ্ৰীগুৰুৰ চিত্ৰ ফুটাই তুলিবলৈ যত্ন কৰোঁতে, নানা ভুল-প্ৰমাদতে৷ পৰিব পাৰোঁ, সেই বাবে আপোনালোকৰ ওচৰত ক্ষমা খুজিলোঁ।

 গুৰুসকল, বৰ্ত্তমানে আমাৰ দেশে স্বাধীনতাৰ দুৱাৰদলিত ভৰি দিছে। এই শুভক্ষণত আমি একান্ত ভাৱে শ্ৰীশঙ্কৰৰ প্ৰদৰ্শিত এক শৰণ-ধৰ্ম্ম ধৰি, সকলোৱে আত্মচৈতন্য লাভ কৰোঁ আহক। আমাৰ ভিতৰৰ ভেদাভেদ দূৰ হওক; পৰস্পৰৰ ভিতৰত প্ৰাণে প্ৰাণে মিলোৱা ভ্ৰাতৃভাৱ স্থাপিত হওক; শ্ৰীগুৰুৰ পথ অনুসৰণ কৰি আমি জ্ঞানচৰ্চ্চা কৰি,