ধূঞাঁহাটাত শ্ৰীমন্তশঙ্কৰ থকা কালতেই বংশীগোপালদেৱে বাল্যকালতে দৰ্শন লাভ কৰেহি।
বেলগুৰিত শ্ৰীমন্ত শঙ্কৰদেৱে ওঠৰ বছৰ কাল বাস কৰি হৰিনাম ৰসেৰে উজনী অঞ্চল উটুৱাই দিয়ে। এই ঠাইত শ্ৰীশঙ্কৰৰ কীৰ্ত্তন-লীলা সম্বন্ধে দৈত্যাৰি ঠাকুৰে লিখিছে—
“স্বভাৱে কীৰ্ত্তনঘোষা পৰম সুন্দৰ।
এখনো মিলয় সুখ আনন্দ লোকৰ॥
তাতে আৰো ঈশ্বৰে আপুনি তাল ধৰি।
গাৱন্ত মহিমা তাৰ কোনে কৈবে পাৰি॥
এদিন কীৰ্ত্তন-ঘোষাৰ “কংস বধৰ” পদ ৰামৰাম গুৰুৱে গাই থাকোতে আত্মবিস্মৃতি ঘটে—
“ওহি পদ ৰামৰাম গুৰু গান্ত ৰঙ্গে॥
সমস্তলোকক প্ৰেমে পৰশি আছয়।
তান গাৱে চেতন গিয়ান নাহিকয়।
প্ৰেমানন্দ সমুদ্ৰত মজিলা সমূলি।
কান্ধত লৈলন্ত স্তম্ভ এক গোটা তুলি॥”
কীৰ্ত্তন ঘৰৰ এই খুটাটো দুজন মানুহেহে কোনোমতে দাঙিব পাৰিছিল; তদুপৰি ইয়াক মাটিত পুতি ঘৰত লগোৱা আছিল; তেনে খুটাকো ৰামৰাম গুৰুৱে প্ৰেমত মত্ত হৈ—“কৌতুকে কান্ধত লৈয়া যান্ত লীলা কৰি। যেন হস্তী দত্ত কান্ধে লৈয়া ৰাম হবি।” আকৌ এদিন ৰামদাসে কীৰ্ত্তন-ঘোষাৰ “প্ৰহ্লাদ চৰিত্ৰ” পদ গাই থাকোঁতে, নিজক প্ৰহ্লাদ যেন বোধ কৰি, সকলোকে পাহৰে—