পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩১)

ৰামৰাম গুৰু, শ্ৰীমাধৱদেৱ, শ্ৰীশ্ৰীহৰিদেৱ, শ্ৰী শ্ৰীদামোদৰদেৱ, ৰামৰায় আদি ছকুৰিজন সঙ্গী লৈছিল আৰু বাটত য'তেই আছিল সেই খনেই একোখন সত্ৰৰদৰে হৈ উঠিছিল। পাটবাউসীত থাকোঁতে শ্ৰীমন্ত শঙ্কৰৰ পৰা আলাপত প্ৰায়েই বৃন্দাবনৰ কথা ওলাইছিল। সেই কাৰণে এইবাৰৰ যাত্ৰাত শ্ৰীশঙ্কৰে বৃন্দাবন পালে কেনেবাকৈ পূৰ্বদেশ পাহৰিব পাৰে বুলি সন্দেহ কৰি, বৃন্দাবনলৈ যোৱাত বাধা জন্মাবলৈ আই মাতৃয়ে শ্ৰীশ্ৰীমাধৱদেৱক খাটনি ধৰিছিল। শ্ৰীশ্ৰীমাধৱদেৱেও আই মাতৃৰ কথা এৰাব নোৱাৰি শ্ৰীশঙ্কৰ বৃন্দাবনলৈ যাব খোজোঁতে বাধা দি কলেঃ—

“তুমি সৰ্ব্বসাক্ষী বীজ জগতৰ ধাম।
দৈৱকী নন্দন তুমি সেই আত্মৰাম॥

কদাচিতে আমি নাযাইবোহো বৃন্দাবন।
নিশ্চয় কৰিয়া কৈলো তোমাত বচন॥” (ৰামচৰণ)

 শ্ৰীমন্ত শঙ্কৰে তেতিয়া বৃন্দাবনলৈ যোৱা স্থগিত কৰি গঙ্গা, নৱদ্বীপ, কবিৰাৰ মঠ, মহানদী আৰু শ্ৰীক্ষেত্ৰ দৰ্শন কৰি পাটবাউসীলৈ ঘূৰি আহে।

 শ্ৰীগুৰু ঘূৰি আহি পাটবাউসী পালত কামৰূপ ৰাজ্য আনন্দত উথলি উঠিল। গোটেই ৰাজ্যতেই আগতকৈয়ো বেচিকৈ২৮ মহাৰাজ নৰনাৰায়ণৰ কোপ দৃষ্টি হৰি-কীৰ্ত্তনৰ ধ্বনি উঠিবলৈ ধৰিলে। শ্ৰীশঙ্কৰে আগতকৈয়ো ঘনাই যাত্ৰা-মহোৎসৱ কৰি লোকসকলৰ মন হৰি-কীৰ্ত্তনলৈ