পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯)

মন তুষ্টিৰ নিমিত্তে বৈকুণ্ঠৰ পট আঁকিবলৈ আৰম্ভ কৰিলে

 তেওঁ পোনতে “হিঙ্গুল হত্যাল তেতিক্ষণে আনিলন্ত। যত্ন কবি পট বৈকুণ্ঠক লিখিলন্ত॥ সাতো বৈকুণ্ঠৰ সাত লেখিলা ঈশ্বৰ। থানে থানে লিখিলন্ত দীঘী সৰোবৰ।”

 বৈকুণ্ঠৰ পটৰ সংবাদ পাই, ৰাজ্যৰ ডেকা, গাভৰু, বুঢ়া-বুঢ়ী দলে দলে আহি টেম্বুৱানি ভৰি পৰিল; সকলোৱে পট চাই পৰম আনন্দ লভিবলৈ ধৰিলে;৮ চিহ্ন যাত্ৰা ভাওনাকিন্তু লগতে বহুতে তাৰ বিৱৰণ শুনিবলৈ ইচ্ছা কৰাত শ্ৰীশঙ্কৰে চিহ্ণ যাত্ৰাৰ সৰু নাটিকা এখন ৰচনা কৰি “নটুৱা শিখায়া মুখা বন্ধ কৰি চৌ নিৰ্ম্মিলা।” পাচত এদিন ভাওনা আৰম্ভ কৰিলে—ৰামৰাম গুৰু সূত্ৰধাৰ হল—শঙ্কৰে নিজে নটা খোল একেলগে বজাই কৌতুক কৰিলে৷ তেওঁ বায়ু মণ্ডলীৰ ৰাগ দি নাট ধেমালি, ছোট ধেমালি, বৰ ধেমালিৰ বাজনা বজাই সকলোকে আন্দনত আত্মহাৰা কৰিলে। তাৰ পাচত শঙ্কৰে বিচিত্ৰ কাচোনে কাচি নানা অঙ্গী-ভঙ্গী কৰি নৃত্য কৰিবলৈ ধৰিলে। আন আন নটুৱা-বিলাকেও নাচিব ধৰিলে। সৰ্ব্বজয়ে গৰুড়ৰ মুখা পিন্ধি প্ৰবেশ কৰিলত শঙ্কৰে তাতে লাফ মাৰি উঠিল, গায়নসকলে গীত গাব ধৰিলে। সমজুৱাসকল ভাওনা চাই তন্ময় হল—“নাজানিলে সভাসদে কিবা ৰাত্ৰি দিন। দেখি বৈকুণ্ঠক যেন পাত ভৈল ক্ষীণ॥” তেতিয়া, “নাৰীগণ নজানয় কোনজন স্বামী।” “বালকে নিচিনে কোন জন মাৱ বাপ॥” আকৌ,