পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৩)

ভিতৰে বৈঠক ঘৰ ৰাজমেল ঘৰ।
বাটঘৰ বাসাঘৰ কপাট দুৱাৰ॥
চতুৰ্দ্দিশে বেঢ়ি গড়খাইক দিলন্ত।
বাহিৰে ভিতৰে তাত কূপ কৰিলন্ত॥
আনো নানা প্ৰাৰম্ভৰ থান কৰিলন্ত।
তথাতে শৰঙ্কদেৱ ৰঙ্গে ৰহিলন্ত॥ (নীলকণ্ঠ)

পাটবাউসীত, কিছুকাল থাকোঁতেই, মহাৰাজ নৰনাৰায়ণে শ্ৰীশঙ্কৰৰ পৰিচয় পাই জোৰকৰি তেওঁক বাউসী পৰগণাৰ “গোমস্তা” পাতে। শ্ৰীশঙ্কৰে বাধ্য হৈ ধৰ্ম্মৰাজ্যৰ লগতে ৰাজ-বিষয় চলাব লগাত পৰে। পাচত বৃন্দাৱনী নামৰ শ্ৰীকৃষ্ণৰ বৃন্দাবন-লীলাৰ ফুল বাছি, এখন পাটৰ কাপোৰ নিজে আগতথাকি বোৱাই, ৰজাক উপঢৌকন দি হে ৰাজবিষয়ৰপৰা নিষ্কৃতি পায়। এই বিষয়টো পাচত নিজৰ বংশৰ ৰামাৰায়ৰ ওপৰত পৰে। এই সময়তেই শ্ৰীশ্ৰীদামোদৰদেৱ আহি শ্ৰীমন্ত শঙ্কৰৰ২২ শ্ৰীশ্ৰীদামোদৰ গুৰুৰ সঙ্গ লাভ লগ লাগে।[১] এইসম্বন্ধে শ্ৰীশ্ৰীদামোদৰ চৰিতত নীলকণ্ঠে লিখিছে—

“দামোদৰ শঙ্কৰৰ প্ৰীতি বাঢ়ি যায়।
যেন এক দেহ দুই ভিনভাৱ নাই॥”

  1. শ্ৰীমন্ত শঙ্কৰদেৱ উজনীৰপৰা ভটিয়াই অহাৰ পাচতেই বৰদোৱাৰ ওচৰৰ নলচাৰপৰা শ্ৰীদামোদৰদেৱ আৰু নাৰায়ণপুৰৰপৰা শ্ৰীহৰিদেৱ আদিয়েও ভটিয়াই আহি কামৰূপত বাস কৰেহি।