পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৯)

কৰিছিল। শ্ৰীশঙ্কৰে এই কাৰণে গাংমৌত থাকিবলৈ অসুবিধা বোধ কৰি লোহিতেৰে উজাই মাজুলি সোমায় আৰু ধুঞাঁহাটা বা বেলগুৰিত বাস কৰিবলৈ লয়। অলপ দিন ইয়াত বাস কৰোঁতেই,

১৯ শ্ৰীশঙ্কৰৰ ধুঞাঁহাটাত বাস
আৰু শ্ৰীমাধৱদেৱৰ সঙ্গলাভ

গয়পাণি বা ৰামদাস আদি আহি শ্ৰীগুৰুৰ শিষ্যত্ব গ্ৰহণ কৰে। শ্ৰীমাধৱদেৱ পুৰুষে ৰামদাসৰপৰা শ্ৰীশঙ্কৰদেৱৰ সংবাদ পাই এদিন তৰ্ক কৰিম বুলি পোনতে শ্ৰীগুৰুৰ ওচৰলৈ আহে; কিন্তু দূৰৈৰপৰা শ্ৰীশঙ্কৰৰ “শৰীৰৰ কান্তি দেখি শিহৰিল গাৱ।” শ্ৰীমাধৱদেৱো অসাধাৰণ পণ্ডিত, তেওঁ বাহিৰত আচৰিত হোৱা ভাৱ নেদেখুৱাই শ্ৰীগুৰুৰ ওচৰত বহি “বেদৰ বিহিত কৰ্ম্ম লাগে কৰিবাক। নকৰিলে শাস্ত্ৰে দুৰাচাৰ বোলে তাক।” আদি প্ৰশ্ন কৰাত শ্ৰীমন্ত শঙ্কৰে সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিলত “শঙ্কৰৰ প্ৰৌঢ়ি বাণী শুনি মাধৱৰ। গুচিল সংশয় যত আছিল মনৰ॥ কৃতাঞ্জলি কৰি আসনৰ উঠিলন্ত। গুৰু মানি শঙ্কৰত শৰণ লৈলন্ত॥”[১] শ্ৰীমাধৱদেৱে সেই দিনাৰপৰা সকলোকে ত্যাগ কৰি শ্ৰীগুৰুত আত্মসমৰ্পণ কৰিলে আৰু তেওঁৰ ছাঁৰ দৰে হল।


  1. ৰামচৰণ ঠাকুৰৰ চৰিতত এই অধ্যায়ৰ কথা অতি চমু; এই অধ্যায়ৰ ভিতৰত বটদ্ৰৱাত জগন্নাথ মিশ্ৰৰ ভাগৱত পাঠ আৰু শ্ৰীমাধৱদেৱৰ আশ্ৰয় লাভৰ কথা লিখিছে। আন আন চৰিতৰ মতে মিশ্ৰই গুৰুক গাংমৌত পাইছিল আৰু শ্ৰীমাধৱদেৱে ধুঞাহাটাত শ্ৰীগুৰুৰ আশ্ৰয় লাভ কৰিছিল। শ্ৰীমাধৱদেৱে উত্তৰ কূলত নাৰায়ণপুৰৰ ওচৰতহে বাস কৰিছিল, তাৰপৰা বটদ্ৰৱা কেইবাদিনৰ বাট; কিন্তু ধুঞহাটা এপৰমান বেলিৰহে বাট।