পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩০)

এই ভঁৰালৰ জমাৰ পৰাই আলহী-অতিথি সোধা হৈছিল—কীৰ্ত্তন-ঘৰৰ তেল-বত্তিৰ খৰচ চলিছিল। সত্ৰৰ চাৰিওফালৰ গাৱঁলৈ ভাল আলিবাট, গাৱঁৰ মাজে মাজে খোৱা পানীৰ নাদ—পুখুৰী আদিও খন্দোৱাই লোৱাইছিল। এইদৰে সত্ৰখন যেনে স্বাৱলম্বী আছিল—ওচৰৰ গাওঁবোৰকো তেনে স্বাৱলম্বীকৈ গঢ়ি উঠিবলৈ দিহা পৰামৰ্শ দিছিল।

 পাটবাউসীত শ্ৰীমন্ত শঙ্কৰদেৱে ভক্তসকলক এইদৰে আধ্যাত্মিক ভাৱত উন্নত কৰাৰ লগতে নানা বিষয়ৰ শিক্ষাত শিক্ষিত কৰিছিল আৰু তাৰে কিছুমানক ধৰ্ম্মাচাৰ্য্য পাতি দূৰ-দূৰান্তৰ গাৱঁলৈ পঠাই এক শৰণ ধৰ্ম্ম প্ৰচাৰ কৰোৱাৰ লগতেগাওঁবোৰ উন্নত আৰু সংগঠিত কৰি তোলাৰ ব্যৱস্থা কৰিছিল। প্ৰচাৰক পঠাওঁতে প্ৰচাৰকজনৰ লগত ২।৪ জন পালি ভকতো পঠাইছিল; আৰু তেওঁলোকক সত্ৰৰ গায়ন-বায়নে কিছুদূৰ আগ বঢ়াই বিদায় দিছিল।

 দূৰৰ ভক্তসকল থকা গাওঁবোৰতো পাটবাউসী থানৰ সাঁচতে নামঘৰ, মণিকূট আদি সজোৱাইছিল, আৰু মেধি একোজন পাতি পাটবাউসীৰ আৰ্হিতে সত্ৰ সভা পাতিছিল; আৰু কীৰ্ত্তন ঘৰৰ জৰিয়তে গাওঁ সংগঠনৰ সকলো কাম গণতন্ত্ৰমতে কৰোৱাইছিল—ইয়াৰ ফলত দেশত হৰি-ভক্তিৰ লগতে স্বাৱলম্বন আৰু একতা ভাৱ জাগি উঠিছিল।

 শ্ৰীশঙ্কৰে প্ৰায় ৯০ বছৰ বয়সত ২য় বাৰ তীৰ্থ-যাত্ৰা ২৭ শ্ৰীমন্ত শঙ্কৰৰ ২য় বাৰ তীৰ্থ-যাত্ৰা কৰিবলৈ পাটবাউসীৰপৰা যাত্ৰা কৰে। এই বাৰৰ যাত্ৰাত