পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২)

মাৰিয়া পাচে তাক এৰি দিল। গিৰিসিত কৰি সিটো কুঞ্জৰ পৰিল॥”

 এই হাতীটো এইদৰে পৰা দেখি আন কেইটা হাতীও পলাই পত্ৰং দিলে। সেইদিনাৰপৰা হাতীকেইটাই খেতি নষ্ট কৰা নাছিল।

 আলিপুখুৰীত কিছুকাল থকাৰ পাচত ভূঞাসকলৰ ইচ্ছা অনুসৰি শ্ৰীমন্ত শঙ্কৰে আলিপুখুৰী ত্যাগ কৰি টেম্বুৱানিলৈ১০ বৰদোৱাত ৰাস আহি হাটি-বাটি পাতি বসতি কৰেহি। টেম্তুৱানিত উপৰিপুৰুষ চণ্ডীবৰ ভূঞাই জয় জয়তে বাস কৰিছিল। ভূঞাসকল ইয়ালৈ আহি, পুৰণি ভেটি বিচাৰি বিচাৰি পুনৰ বহিল। শ্ৰীশঙ্কৰে ইয়াত কীৰ্ত্তন ঘৰ সজায়, আৰু তাত ভেটি তোলোঁতে এখন চতুভুৰ্জ বিষ্ণুমূৰ্ত্তি লাভ কৰে। এই সময়ৰপৰা টেম্বুৱানিৰ সৰহ ভাগে আন দেৱ-দেৱীৰ পূজা ত্যাগ কৰি এই কীৰ্ত্তন ঘৰতে নিয়মিত ভাৱে হৰি কীৰ্ত্তন কৰিবলৈ ধৰেণ শ্ৰীশঙ্কৰে শ্ৰীমদ্ভাগৱতৰ অতি মনোহৰ সংস্কৰণ গীতিকাব্য কীৰ্ত্তন ঘোষাৰ পদ ৰচনা ইয়াতেই শেষ কৰে। কিছুদিন এইদৰে থকাত ভক্তৰ সংখ্যা বাঢ়ি উঠে, আৰু হাটী-বহা পাতি ভক্তসকল থাকিবলৈ ধৰে।

 এই সময়ত ইয়াৰ ভক্তসকলৰ খোৱাপানীৰ কষ্ট হয়। শ্ৰীশঙ্কৰৰ ওচৰত তেওঁলোকে নিবেদন কৰাত শ্ৰীগুৰুৱে ভক্ত- ১১ আকাশী গঙ্গাসকলক হবিষ্যান্ন গ্ৰহণ কৰি নিশা হৰি-কীৰ্ত্তন কৰিবলৈ আদেশ দিয়ে। শ্ৰীগুৰুৰ