পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৩৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৬)

 শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত গ্ৰন্থবোৰ তেওঁৰ মতবাদেই ভৰা। তলত তেওঁৰ মাত্ৰ চাৰিখন গ্ৰন্থৰ চাৰি আষাৰ কথা উল্লেখ কৰিলোঁ—

 ১।  সাম্যবাদ আৰু অহিংসা—

  “নীচত সাধুত যাৰ ভৈল এক জ্ঞান।
  তাকেসে পণ্ডিত বুলিয় সৰ্ব্বজন॥
  বিশেষত মনুষ্যগণত যিটো নৰে।
  বিষ্ণুবুদ্ধি ভাৱে সৰ্ব্বদায়ে মান্য কৰে॥
  ঈৰষা অসূয়া তিৰস্কাৰ অহঙ্কাৰ।
  সবে নষ্ট হোৱৈ তেবে তাৱক্ষণে তাৰ॥
(১৮২১ কীৰ্ত্তন)

 ২। ব্ৰহ্মজ্ঞান—

  বাহিৰে ভিতৰে জানা ইটো জগতৰ।
  পৰিপূৰ্ণ ৰূপে আছো পৰম ঈশ্বৰ॥
  জানি ইটো তত্ত্ব কথা থিৰ কৰি চিত।
  মোকেসে দেখিবা মাত্ৰ সমস্তে প্ৰণীত॥
(১৯৩৭৮ ভাগৱত )

 ৩। সাম্যভাৱ—

  ব্ৰাহ্মণ চণ্ডাল চোৰ দাতা ক্ৰূৰ শান্ত।
  সবাতে আমাক তুমি দেখিবা নিতান্ত॥
  তেজি লোভ গৰ্ব্ব মান হুয়া উপশাম।
  সমস্তকে দণ্ডৱতে কৰিবা প্ৰণাম॥
( ভক্তি ৰত্নাকৰ ভাষ্য )