পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৩)

 শ্ৰীমন্ত শঙ্কৰদেৱ অলপ দিন পাটবাউসীত থাকি ধৰ্ম্মৰাজ্য চলোৱাৰ সকলো ব্যৱস্থা কৰি নিজ শক্তি ভক্তি শ্ৰীশ্ৰীমাধৱদেৱক ২৯ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ দিপুনৰ কোচবেহাৰলৈ যায়; যাওঁতে গণককুছিত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ লগত এৰাতি আছিল। কোচবেহাৰ পাই নগৰৰ ওচৰৰ কাকতকুটা নামৰ ঠাইত বাস কৰেগৈ। শ্ৰীশঙ্কৰ তাত প্ৰায় আঢ়ৈবছৰ কাল বাস কৰে। দেৱান চিলাৰায়ে শ্ৰীশঙ্কৰৰপৰা ধৰ্ম্ম গ্ৰহণ কৰিছিল; আৰু বৰ্ত্তমান ৰংপুৰ, জলপাইগুৰি আদিৰ বহুতে শ্ৰীশঙ্কৰৰ নিৰ্ম্মল ধৰ্ম্ম ধৰি কৃতাৰ্থ হৈছিল। মহাৰাজ নৰনাৰায়ণেও শ্ৰীশঙ্কৰৰপৰা ধৰ্ম্ম গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। কিন্তু এক শৰণ ধৰ্ম্মত ব্যভিচাৰ ঘটিব পাৰে বুলি শ্ৰীগুৰু ধৰ্ম্ম দিবলৈ মান্তি নহল। এই সময়তে প্ৰায় ছকুৰি বছৰ বয়সত ১৪৯১ শঁকত শ্ৰীমন্ত শঙ্কৰদেৱে ভক্তসকলৰ হৰিকীৰ্ত্তনৰ মাজত বৈকুণ্ঠ প্ৰয়াণ কৰে। এই সম্বন্ধে শ্ৰীশ্ৰীদামোদৰচৰিতত লিখিছেঃ—

“লোকক ভজাই কতো দিন আছন্ত তথাত।
পাচে ভাদ্ৰমাহা শুক্লপক্ষ দ্বিতীয়াত॥
স্নানি হৰি সেৱা কৰি প্ৰসঙ্গ কৰিলা।
ভকতসবক মিলাই আনন্দে বসিলা॥
ৰামানন্দ ঠাকুৰ তথাত আসিলন্ত।
দেখিয়া শঙ্কৰে পাচে বাক্য বুলিলন্ত॥”