পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৪ )

 টেম্বুৱানি বা বটদ্ৰৱাৰ ওচৰেদি টেম্পৰাণী নামে এটা জান বৈছিল। এই জানেদি বাৰিষা পানী আহি তাৰ ওচৰৰ ১৩ ৰাধিকা শান্তীখেতিবাতি নষ্ট কৰিছিল; প্ৰজাবিলাকে এই জানটো বন্ধ কৰিবলৈ শিৰোমণি ভূঞা শ্ৰীশঙ্কৰক গোহাৰি জনালত তেওঁ “কপিলীৰ হন্তে চামধৰা, শিঙ্গৰিৰ হন্তে উত্তৰ সীমা” শিৰোমণি ভূঞাৰ ৰাজ্যৰ সকলোকে মতাই অনাই জান বান্ধিবলৈ যত্ন কৰালে; কিন্তু বহুত যত্ন কৰিও কৃতকাৰ্য্য নহ'ল।

 এই সময়ত ভূঞা আৰু ব্ৰাহ্মণসকল সমাজৰ শীৰ্ষস্থানত আছিল; দেশক অস্পৃশ্যতা পাপে বৰ বেচিকৈ আগুৰি ধৰিছিল। শ্ৰীশঙ্কৰ আছিল সাম্যমৈত্ৰীৰ দূত — “কুকুৰ গৰ্দ্ধভ শৃগালৰ আত্মৰাম” জানি সবাকো প্ৰণাম কৰা সাধক। তেওঁ সমাজৰ নিম্নস্তৰত পৰি থকা কৈৱৰ্ত্ত জাতিক ব্ৰাহ্মণ- ভূঞাৰ স্তৰলৈ নিবলৈ বুলি জান বান্ধিবলৈ “শান্তী কন্যা” বিচৰালে। ভূঞাসকলে দশোদিশে শান্তী বিচাৰিলে, কিন্তু উচ্চ জাতি বুলি গৌৰৱ কৰাসকলৰ ভিতৰৰপৰা কোনোৱেই নিজক “শান্তী” বুলি কবলৈ সাহ নকৰিলে। শেষত কৈৱৰ্ত্ত জাতীয় ৰাধিকা নামৰ তিৰোতা এগৰাকীয়ে নিজক “শান্তী” বুলি গুৰুৰ চৰণত আঠু লোৱাত তেওঁৰ হতুৱাই এপোলো মাটি জানত দিয়াই জানৰ সোঁত বন্ধ কৰালে; ৰাজ্যৰ ভূঞা আৰু ব্ৰাহ্মণসকল আচৰিত হল। সেই দিনাৰপৰাই ৰাধিকা দেৱী স্বামীৰ সৈতে শ্ৰীগুৰুৰ লগৰীয়া হল। এই