পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২১)

ভক্তসকলে—“ঘনে ঘনে আনন্দে কৰয় হৰিধ্বনি।
 মাজ নিশা সভামাজে জালিলা অগনি॥
 দপ দপ কৰি অগ্নি জলন্তে আছয়।
 ৰামদাস আতৈ প্ৰেমযুক্ত আতিশয়।
 প্ৰেমে পৰশিছে নাহি গাৱত চেতন।
 অগনিত গৈয়া পৰিলন্ত তেতিক্ষণ॥

 ৰামদাস প্ৰেমোন্মাদত জলা জুইত জাপ দি পৰিল। দৰ্শক-মণ্ডলী আচৰিত হল আৰু বহুতে হায় হায় কৰিবলৈ ধৰিলে; কিন্তু শ্ৰীগুৰুৰ কৃপাত পাচদিনা ৰামদাসৰ গাত—“পানী ফোঁহা গোটা নাহি বিস্ময় মানিলা।”

 শ্ৰীমন্ত শঙ্কৰদেৱে আৰম্ভনতে থিয় নামৰহে প্ৰচলন কৰা যেন অনুমান হয়।২০ থিয় নামবৰ্তমানে আমাৰ দেশত যি ৰামায়ণ গোৱা ওজা-পালি আছে, ই মন্ত শ্ৰীশঙ্কৰৰো আগৰ প্ৰণালী।[১] সম্ভৱতঃ এই প্ৰণালীতেই কীৰ্ত্তন-ঘোষা পোনতে গোৱা হৈছিল, ইয়াৰ প্ৰমাণ যেনেঃ—

“ৰামৰাম গুৰু ৰামদাস ওজা দুই।
মাধৱে কীৰ্ত্তন কৰা ডাইনাপালি হুই ॥
গগন মণ্ডল চোৱে কীৰ্ত্তনৰ ধ্বনি।
আনন্দ সাগৰে লোকে মজে তাক শুনি॥

(দৈত্যাৰি)


  1. দুৰ্গাবড়ী আৰু শুকনাৰায়ণৰ পদ গোৱা প্ৰণালী শ্ৰীশঙ্কৰদেৱৰ আগৰেপৰা দেশত চলি আছিল বুলি কিছুমানে কয়।