শ্ৰীশঙ্কৰে সশিষ্যে পোনতে ভলুকাগুৰি, পাচত কোমোৰাকুটা আৰু তাৰ পাচত গাংমৌলৈ যায়, আৰু গাংমৌতেই শ্ৰীশঙ্কৰে ১৮ শ্ৰীশঙ্কৰৰ গাংমৌত বাস হাটি-বাটি পাতি চাৰে সাত বছৰ কাল বাস কৰে। ত্ৰিহুতৰ জগদীশ মিশ্ৰ নামৰ এজনা বিপ্ৰই জগন্নাথ মহাপ্ৰভুৰ ওচৰত ভাগৱত পাঠ কৰিবলৈ গৈ স্বপ্নাদেশ পাই শ্ৰীশঙ্কৰক বিচাৰি এই সময়তে গাংমৌ পায়হি; আৰু জগন্নাথৰ স্বপ্নাদেশৰ কথা শ্ৰীগুৰুত বিৱৰি কয়। শ্ৰীশঙ্কৰে বিপ্ৰৰ কথা শুনি কয়—
“গীত পদ কৰি মই আছোহোঁ পূৰ্ব্বত॥
তাত কৰি অৰ্থ কিবা বিলক্ষণ হয়।
শুনিবাক মোৰ মহা আনন্দ আছয়॥" ( ৰামচৰণ )
পাচদিনা ভাগৱত পাঠ আৰম্ভ হল—
“পৰম হৰিষ মনে পঢ়ে বিপ্ৰবৰ।
দোষণ সিদ্ধান্ত দেন্ত আপুনি শঙ্কৰ॥” ( ৰামচৰণ
এইদৰে কেইদিনমান ভাগৱত পাঠ কৰাৰ পাচত—
ভাগৱত পাঠ সাঙ্গ ভৈল মাত্ৰকত।
তেজিলন্ত প্ৰাণ দ্বিজে সেহি সময়ত॥
কৰাইলা শঙ্কৰদেৱে কাষ্ঠ সংস্কাৰ।” (দৈত্যাৰি )
এই সময়ত উত্তৰ কূলৰ ভূঞাসকল দুৰ্ব্বল হৈ পৰিছিল; এই সুবিধাতে উত্তৰৰ ভোটবিলাকে আহি দেশত উৎপীড়ন