পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪)

নাম-ঘোষাত আকৌ লিখিছে—

“শাস্ত্ৰৰ বিচাৰ  নাজানে ভকতি
 পৰমাৰ্থ অতি মূঢ়৷
হৰি কথা ছলে  কৰ্ণত কুমন্ত্ৰ
 কহয় কৰিয়া গূঢ়॥”২৯৭

 এই কালত দেশত ৰাষ্ট্ৰ-বিল্পৱো হৈছিল বহুতো; স্তম্ভ, পাল, খেন, ভূঞা, চুতিয়া, আহোম, কছাৰী, কোচ আদি বহুত ৰাজবংশৰ উত্থান-পতনৰ ফলত, আৰু ভাৰতৰ পশ্চিম ফালৰপৰা পাঠান-মোগলৰ হেঁচাত, পশ্চিম ভাৰতৰ বহুত মানুহ এই দেশলৈ আহিছিল, আৰু ইয়াৰ ফলত সামাজিক ৰীতি-নীতি, আৰু ধৰ্ম্মমতত নানা ঘাত-প্ৰতিঘাত হৈছিল।

 কিন্তু ইমান ৰাষ্ট্ৰ-বিল্পৱ আৰু ধৰ্ম্ম-বিল্পৱ হোৱা সত্বেও দেশত জ্ঞান চৰ্চ্চা বেচি কম হোৱা নাছিল। শ্ৰীমন্ত শঙ্কৰৰ ৪ জ্ঞান চৰ্চ্চা-ভগাৱত পাঠ পূৰ্ব্ব পুৰুষসকল নানা শাস্ত্ৰত পণ্ডিত আৰু সাধক আছিল। তেওঁৰ পিতামহৰ সমসাময়িক দৰঙ্গৰ ৰৌতাৰ সাগৰ কন্দলী, কপিলী-কোষৰ বাণী ঠাকুৰ, একোজনা বিখ্যাত ভাগৱতী পণ্ডিত আছিল।[১] শ্ৰীশঙ্কৰে, “পূৰ্ব্ব কবি অপ্ৰমাদী মাধৱ কন্দলী” বুলি উল্লেখ কৰা বৈষ্ণৱ মহাকবি জনাও, তেওঁৰ দুই তিনি পুৰুষৰ আগৰ– সম্ভৱতঃ “কদলী ৰাজ্যৰ” আছিল। বেদ বখনা বিজয়শঙ্কৰৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীও এই ৰাজ্যৰেই আছিল। মহাপুৰুষ মাধৱদেৱেও নাৰায়ণপুৰৰ ওচৰৰ পণ্ডিতৰ পৰা শ্ৰুতি-স্মৃতি আদি শাস্ত্ৰৰ জ্ঞান লাভ কৰিছিল। শ্ৰীশঙ্কৰৰ


  1. শ্ৰীমদ্ভাগৱতৰ পাতনি।