পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১)

জগতক, তাৰিলা সংসাৰ সিন্ধু।” আৰু লগে লগে হৰি নভক্তিৰ জগত জুৰি হাট পাতিবলৈ ধৰিলে।

 হৰি নামৰ পেৰা ভাগৱত শাস্ত্ৰ সংস্কৃত ভাষাত আছিল; শ্ৰীমন্ত শঙ্কৰে ইয়াৰ সুমধুৰ পদ প্ৰাদেশিক ভাষাত গীতি ছন্দত কৰি দিলত, সকলোৱে সানন্দে নাম কীৰ্ত্তন কৰি আনন্দ কৰিবলৈ ধৰিলে।[১] ইয়াৰ ফলত বৈকুণ্ঠ প্ৰকাশ কৰি থকা হৰিনামৰ প্ৰেমৰ নদী সংসাৰত বৈ যোৱাৰ দৰে হল। এই সময়ৰ পৰাই দেশৰ লোকৰ সৰহ ভাগেই বৰ্ণাশ্ৰম ধৰ্ম্ম—বিধিৰ কিঙ্কৰ নানা সাধন এৰি, বিধিৰ ঈশ্বৰ—ভাগৱত ধৰ্ম্ম ধৰি, ধৰ্ম্ম পথত স্বাধীন হয়; আৰু তাৰ ফলত তেওঁলোকে ব্যক্তি স্বাধীনতা লাভ কৰি নতুন উত্সাহে জীৱন নিৰ্ব্বাহ কৰিবলৈ ধৰে। শ্ৰীশঙ্কৰৰ সাহিত্যই সাম্য-মৈত্ৰী বাণী বুকত লৈ সাধু সনম্তৰপৰা গৰখীয়ালৈকে সকলো শ্ৰেণীৰ লোকৰ মুখে মুখে চলিবলৈ ধৰিলে।

 এই সময়ত আলীপুখুৰীৰ ওচৰত ৭টা বনৰীয়া হাতীয়ে খেতি নষ্ট কৰিছিল; ৰাইজে ডেকাগিৰীৰ আগত কলত তেওঁ অকলে গৈ একদঁতাল হাতী এটাৰ শুঁৰত ধৰি, “হেম্পচা


  1. হৰিনাম প্ৰেমৰসে  অমৃত নিৰিক বান্ধি
     গুপ্ত কুৰি থৈলা দেৱগণে।
    দয়ালু শঙ্কৰে পাই  তুলি মুদ ভাঙ্গি দিলা
     সুখে পান কৰা সৰ্ব্বজনে॥১০১ (নামঘোষা)