পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪০ )

জ্ঞান-বিজ্ঞানেৰে নিজক অলঙ্কৃত কৰোঁ আহক; আৰু গুৰুৰ শিক্ষামতে হিয়াত হৰিক লৈ হাতে কাম কৰি কৃষি-শিল্প বাণিজ্যেৰে নিজ জন্মভূমিক পৃথিবীত চিনাকি দিওঁ আহক। গুৰুসকল,আজি শ্ৰীমন্ত শঙ্কৰ নাই— কিন্তু তেওঁৰ প্ৰত্যেক গ্ৰন্থৰ প্ৰতি স্তম্ভত আছে— তেওঁৰ প্ৰেমৰ বাতৰি, অহিংসাৰ বাণী, সত্যৰ সংবাদ, কৰ্ত্তব্য-সাধনৰ জ্বলন্ত পথৰ সন্ধান। তেওঁ যিদৰে মানুহ মাত্ৰেই ভাই বুলি সাৱটি ধৰি সত্যক বুকত লৈ ৰজা, প্ৰজা সকলোতে সত্যৰ বিজয় ঘোষণা কৰিছিল—হিংসা-দ্বেষক দৈত্য-দানৱ বুলি দেশৰপৰা নিকাল কৰিছিল আৰু নিজতকৈ দেশবাসীৰ ঐহিক-পাৰত্ৰিক সুখ-সুবিধাৰ ব্যৱস্থা কৰাৰ অৰ্থেহে চেষ্টা কৰিছিল, আমি যদি তেওঁৰ প্ৰদৰ্শিত এই নীতিবোৰ ধৰি চলিবলৈ চেষ্টা কৰোঁ, তেন্তে তেওঁ আমাৰ সকলোৰে হৃদয়ে হৃদয়ে আজি জিলিকি উঠিব।

 আহক গুৰুসকল, “কেশৱ-চৰণ-সৰোৰুহ-কিঙ্কৰ” জাতিৰ পিতা শঙ্কৰত শৰণ লৈ প্ৰাৰ্থনা কৰোঁ—তেওঁৰ অমূল্য বাণীবোৰৰ সুলভ সংস্কৰণ জগতৰ নানা ভাষাত প্ৰচাৰ হওক, তেওঁৰ প্ৰচাৰিত মতবাদত পৰা মলিবোৰ অচিৰে দূৰ হওক—সাম্য-মৈত্ৰীৰ ভাৱ জগতত পুনৰ জিলিকি উঠক। “জয় গুৰু শঙ্কৰ”।


 মন্তব্যআমাৰ সংগৃহীত ৰচনাৰ মাজে মাজে অনুল্লিখিত চৰিত পুথিৰ এশাৰী দুশাৰী পদ দিয়া হৈছে, সেইবোৰ ৰামচৰণ ঠাকুৰৰ ‘‘গুৰু চৰিত”ৰ পৰা সংগ্ৰহ কৰা।

—:( সমাপ্ত ):—