পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৮)

ৰাখি যেতিয়া ঠিক একে সময়তেই ঘোষা গাব ধৰে, তাত এক গুৰু গম্ভীৰ ধ্বনি হয়।

 শ্ৰীমন্ত শঙ্কৰৰ গীতবোৰ বেলেগ বেলেগ সময়ৰ বাবে বিভিন্ন ৰাগত ৰচিত হৈছিল। পদ পুথিবোৰো বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ৰাগত পাঠ কৰা হয়। এই ৰাগবোৰৰ চৰ্চ্চা শ্ৰীশঙ্কৰে পোনতে এই দেশতে কৰিছিল। ১ম বাৰ তীৰ্থ- যাত্ৰাৰপৰা ঘূৰি অহাৰ পাচত বোধকৰোঁ আৰু কিছুমান ৰাগ ইয়ালৈ আমদানি হৈছিল। ৰাগত অভিজ্ঞসকলে ইয়াৰ শক্তিৰ কথা ভালদৰে জানে।

 শ্ৰীশঙ্কৰে ধৰ্ম্মাচাৰ্য্য পতা ক্ৰিয়াক “ধোপদিয়া” বা “নিৰ্ম্মালি দিয়া” নাম দিছিল; ই এক প্ৰকাৰ ৰাজ-অভিষেকৰ দৰে। কাকো ধৰ্ম্মাচাৰ্য্য পাতিব লগা হলে, সমূহ ভক্তসকলৰ মাজত শীৰ্ষস্থানীয় গুৰুসকলে নিৰ্ম্মালি, শাস্ত্ৰ আৰু বস্ত্ৰ দি :শুদ্ধ-সত্য- ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ আদেশ দিয়ে। এই ক্ৰিয়াত নিজ সম্প্ৰদায়ৰ ব্ৰাহ্মণ ধৰ্ম্মাচাৰ্য্যকো ব্ৰাহ্মণেতৰ ধৰ্ম্মচাৰ্য্যে নিৰ্ম্মালি দি অধিকাৰ পাতে। এই দস্তুৰ এতিয়ালৈকে উজনীত দেখিবলৈ পোৱা যায়।

 গুৰুচৰিত সম্বন্ধে কবলগীয়া কথা ইয়াতে আমাৰ শেষ হল। কেৱল বৈষ্ণৱ ধৰ্ম্ম সম্বন্ধে এষাৰ মাত্ৰ ইয়াতে উল্লেখ ৩৩ বৈষ্ণৱ ধৰ্ম্মৰ শক্তি কৰিলোঁ। কিছুমানে ভাগৱতী বা বৈষ্ণৱ ধৰ্ম্মক দুৰ্ব্বলৰ ধৰ্ম্ম বুলি কব খোজে; আচলতে কিন্তু—প্ৰকৃত বৈষ্ণৱসকলে বিষ্ণুচক্ৰৰ মহিমাত