শাৰীপাতি বহি নাম ধৰা প্ৰণালী পাচত হয়। আমাৰ বৰ্ত্তমান থিয় নাম শ্ৰীশঙ্কৰৰ আৰম্ভন নামৰ অৱশেষ।
এই সময়ত কামৰূপ-কমতাত কোচৰজা প্ৰৱল হৈ উঠিছিল। কোচৰজাই উত্তৰকূলৰ নাৰায়ণপুৰলৈ দেশ অধিকাৰ কৰে। ধূঞাঁহাটা মাজুলীৰ ভিতৰত হলেও আহোম ৰজাৰ প্ৰভাৱৰ ভিতৰত আছিল। কোচ ৰজাৰ২১ শ্ৰীশঙ্কৰৰ পাটবাউসী আগমন বিজয় দেখি আহোম ৰজাৰ শ্ৰীশঙ্কৰৰ ওপৰত সন্দেহ হয়, আৰু হাতী-গড় ৰখা চেলু লৈ তেওঁক ভক্তসকলৰ সৈতে ধৰি আনিবলৈ দূত পঠায়[১]। তাকে দেখি শ্ৰীশঙ্কৰ সশিষ্যে ভটিয়াই গৈ কামৰূপ ৰাজ্যত সোমায়৷ শ্ৰীগুৰুৰ জোঁৱাই হৰি ভূঞা আহোম ৰজাৰ হাতত কটা যায়। শ্ৰীশঙ্কৰে কাপলাত ছমাহ থাকে, তাৰ পাচত পুৰণি বাউসী পৰগণাৰ পৱিত্ৰভূমি চূণপোৰাত[২] কিছুদিন বাস কৰে৷ ইয়াতেই পৰম ভক্ত ভৱানন্দ বা নাৰায়ণ ঠাকুৰে প্ৰভুৰ সঙ্গ লাভ কৰে। চিনপৰাৰপৰা গণককুছি আৰু কুমাৰকুছিত কিছুদিন থাকি পাটবাউসীলৈ গৈ হাটি-বাটি পাতি বাস কৰে। পাটবাউসীৰ টোল সম্বন্ধে শ্ৰীশ্ৰীদামোদৰ চৰিত লিখিছে—
“কীৰ্ত্তন মন্দিৰ আৰো গৃহক নিৰ্ম্মিলা।
শয়ন ভোজন গৃহ সবাকো বান্ধিলা॥