উঠিছিল।[১] এই সময়ত প্ৰায় গোটেই ভাৰতত আৰু ইউৰোপতো ধৰ্ম্মৰ গ্লানি হৈছিল; আৰু তাৰ ফলত ভাৰতৰ উত্তৰে হৰিব্যাস, দক্ষিণে ৰামানন্দ, পূবে শ্ৰীশঙ্কৰ আৰু চৈতন্যদেৱৰ আবিৰ্ভাৱ হয়। জাৰ্ম্মাণিতো মাৰ্টিন লুথাৰে উগ্ৰ কেথেলিক পোপৰ বিৰুদ্ধে থিয় দি গীৰ্জ্জাৰ কঠোৰ বান্ধোনৰপৰা মানুহক মুক্ত কৰে।
নানা ঘাত-প্ৰতিঘাতত অতিষ্ঠ হোৱা পূৰ্ব ভাৰতীয় সমাজে পৰিবৰ্ত্তনৰ আশা কৰি থাকোঁতেই, ভগৱৎ মূৰ্ত্তি স্বৰূপ শ্ৰীশঙ্কৰৰ আবিৰ্ভাৱ হয়, আৰু তেওঁৰ মধুৰ বীণাৰ ঝঙ্কাৰত দেশবাশীৰ অন্তৰ ভগৱমুখী হয়। শ্ৰীশঙ্কৰৰ নাম দহটা—ডেকাগিৰী, শঙ্কৰ, গদাধৰ, মহাপুৰুষ, আচাৰ্য্য, সন্ত, মহন্ত, আতা, গোমস্তা আৰু জগন্নাথ।
শ্ৰীমন্ত শঙ্কৰৰ শৈশৱ কালতেই পিতৃ কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাতৃ সত্যসন্ধ্যা আইৰ লোকান্তৰ ঘটে। পিতৃ ৫ শিশুলীলাশিৰোমণি ভূঞাৰ কাম, পিতামহ জয়ন্ত আৰু মাধৱে চলায় আৰু পিতামহী খেৰস্তুতী আয়ে শ্ৰীশঙ্কৰক লালন পালন কৰে। শ্ৰীশঙ্কৰে বাৰ বছৰ বয়সলৈকে উমলি কটায়। তেওঁ লগৰীয়া ৰামৰাম গুৰু আদিৰ সৈতে
- ↑
পৰম অমূল্য ৰত্ন হৰি নামৰ পেৰা
আতি গুপ্ত স্বৰূপে আছিল।
লোকক কৃপায়ে হৰি শঙ্কৰ স্বৰূপে আসি
মুদ ভাঙ্গি সমস্তকে দিল॥১৭০ (নামঘোষা)