সমললৈ যাওক

পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৩)

কৃপাত, হৰি-কীৰ্ত্তন হৈ থাকোঁতেই শেষ ৰাতি এটা ভয়ঙ্কৰ শব্দ হয় আৰু তাৰ লগে লগে ওচৰৰ বটবৃক্ষ এজোপা পোট গৈ অৰ্দ্ধচন্দ্ৰাকৃতিৰ এটা কুণ্ড হয়। তেতিয়াৰপৰা এই ঠাইৰ নাম টেম্বুৱানি গুচি বটদ্ৰৱা বা বৰদোৱা হয় আৰু সেই কুণ্ডৰ নাম আকাশী গঙ্গা হয়। এই সময়ত শ্ৰীশঙ্কৰ গুৰুৰ বয়স একৈশ বছৰ ৷

 শ্ৰীশঙ্কৰে ধৰ্ম্ম চৰ্চ্চাতে একান্তমনে লগা দেখি বুঢ়ীমাক আৰু পিতামহসকলে সূৰ্য্যৱতী আইৰ লগত তেওঁৰ বিবাহ পাতে। শ্ৰীশঙ্কৰে বাধ্য হৈ এই সময়তেই ১২ দাৰ পৰিগ্ৰহ ১ম বাৰ দাৰ পৰিগ্ৰহ কৰিবলগীয়া হয়। ইয়াৰ পাচতেই পিতৃ কুসুম্বৰৰ শিৰোমণি ভূঞা বিষয়ো তেওঁৰ গাত পৰেহি। শ্ৰীশঙ্কৰে পৈত্ৰিক বিষয় বুলি তাকো অনাদৰ নকৰি গ্ৰহণ কৰিবলগীয়া হয়; কিন্তু, “শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ কল্পতৰু” হৈ পৰমগুৰু হিচাবে “নিৰ্গুণ কৃষ্ণৰ গুণ” শ্ৰৱণ-কীৰ্ত্তন ধৰ্ম্ম প্ৰচাৰতহে’ বেচিকৈ মন দিলে। শ্ৰীশঙ্কৰে দুপৰীয়া ভোজনৰ পাচত, দোপদোৰত বহি ৰাজ্যচৰ্চ্চা কৰে, আবেলি কেতিয়াবা গাওঁ পৰিদৰ্শন কৰে, আৰু বাকীখিনি সময় ধৰ্ম্ম চৰ্চ্চাতে কটায়। তেওঁ নিশা ভোজনৰ পাচত কীৰ্ত্তনঘৰৰ দুৱাৰ বন্ধ কৰি শাস্ত্ৰ ৰচনাত ডুব গৈ থকাও চৰিত্ৰত পোৱা যায়। এই সময়ত এদিন আবেলি গাওঁ ফুৰোঁতে বহুত মানুহক ঘাইল কৰা এটা দুষ্ট ষাড়ক মৰ্দ

কৰা কথাও চৰিতত উল্লেখ আছে।