পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৪)

শ্ৰীমন্ত শঙ্কৰদেৱৰ আজ্ঞাঃ—

“বৈকুণ্ঠ সমান সিটো পাটবাউসী ভৈলা।
শঙ্কৰ মাধৱ দামোদৰ তিনি ৰৈলা॥
দামোদৰে ভাগৱত কহিয়া থাকন্ত৷
এক দিনা শঙ্কৰে পাচে তাঙ্ক বুলিলন্ত॥
ব্ৰাহ্মণ সজ্জন লোক যতেক আছয়।
ভজায়ো সবাকে তুমি নাহিকে সংশয়।

(২৭১ নীলকণ্ঠ)

ৰামচৰণ ঠাকুৰে এই সম্বন্ধে শঙ্কৰ চৰিতত লিখিছেঃ—

“গুৰু বোলে আত কিছু নকৰা সন্দেহ।
মোৰ দামোদৰে ভিন্ন নাহি মাত্ৰ লেশ॥”
(৩০৩৫)

শ্ৰীশ্ৰীদামোদৰ চৰিতত নীলকণ্ঠে শ্ৰীশঙ্কৰৰ হতুৱাই কোৱাইছে—

দামোদৰ পাৱে লোক ভজিবে অপাৰ।
যত মেধি ভক্ত হুইবে সকলে আমাৰ॥”৩১৫

এই জনা গ্ৰন্থকাৰে গুৰু বন্দনা কৰোঁতে লিখিছেঃ—

“শঙ্কৰ মাধৱ দামোদৰ একে কায়।
তিনিও মূৰ্ত্তিৰ একো ভিন পৰ নাই॥”

 শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰয়াণ কৰা সময়ত ভক্তসকলক উপদেশ দিওঁতে—ৰামানন্দ ঠাকুৰক কৈছেঃ—