পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮)

দিয়াত, শঙ্কৰে—“পঢ়িবোহোঁ শাস্ত্ৰচয় ছাত্ৰশালে থৈয়ো” বুলি উত্তৰ দিলত, পিতামহ জয়ন্ত, মাধৱ, হলায়ুধ তিনিও শ্ৰীশঙ্কৰক লৈ গৈ মহেন্দ্ৰ কন্দলীৰ পঢ়াশালিত থৈ আহে।

 শ্ৰীমন্ত শঙ্কৰে গুৰু গৃহত থাকি “পঢ়িলন্ত নিৰন্তৰে শাস্ত্ৰ সমস্তয়। অপ্ৰমাদী পণ্ডিত ভৈলন্ত মহাশয়॥” পঢ়াকালত৬ গুৰুগৃহত বাস শ্ৰীশঙ্কৰৰ গাত কিছুমান অমানুষিক শক্তি বিকাশ হলত গুৰু আচৰিত হয়। শ্ৰীশঙ্কৰ পাঁচ বছৰ গুৰু গৃহত থাকি গুৰুক দক্ষিণা দি ঘৰলৈ আহে।

 গুৰু গৃহৰপৰা আহি শ্ৰীশঙ্কৰে যোগ অভ্যাস কৰে। শ্ৰীশঙ্কৰে “শৰীৰৰ ছয় চক্ৰ চিন্তন্ত মনক কৰি নিয়ম।” তেওঁ যোগ অভ্যাস কৰোঁতে কুম্ভকত দুই চাৰিদিন পৰ্য্যন্ত বহি থকা হল আৰু কোনো

৭ যোগ অভ্যাস, ভাগৱত চৰ্চ্চা
আৰু বৈকুণ্ঠৰ পট অঙ্কন

কোনো দিন পানীৰ তলত দুই চাৰি পৰ থাকি অদৃশ্যও হোৱা হল। এইদৰে কিছুদিন যোগ কৰি থাকোঁতে “পাচে ভাগৱত শাস্ত্ৰক পাইলন্ত সবাতো কৰি উত্তম।” শ্ৰীশঙ্কৰে যোগ ত্যাগ কৰি পাচত ভাগৱত চৰ্চ্চাতে তন্ময় হৈ থকা হল আৰু মাজে সময়ে লোকক ব্যাখ্যা কৰি শুনোৱা হল। তাকে দেখি পিতামহ জয়ন্ত, মাধৱ আৰু বুঢ়াখাঁ আদি ভূঞা আৰু কৰ্ণপূৰ, চতুৰ্ভুজ পণ্ডিতসকলে “সমস্তে লোকৰ হৰিষ বিস্তৰ বৈকুণ্ঠ দিয়োক গঢ়ি” বুলি অনুৰোধ কৰিলে। হৰি ভকতৰ কল্পতৰু শ্ৰীমন্ত শঙ্কৰেও তেওঁলোকক