পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৭)

৪।  ঈশ্বৰ জ্ঞান—.

  সমস্ত ভূতৰে হৃদয়ত আছো আমি
  পৰম সুহৃদ মহেশ্বৰ অন্তৰ্য্যামী॥
  হেন বুদ্ধি কৰি সৰ্ব্বদায়ে জানা মোক।
  এতেকে তৰিবা সংসাৰৰ দুখ শোক॥

( ১৪৮ ভক্তি প্ৰদীপ)

 শ্ৰীমন্ত শঙ্কৰদেৱৰ এই উপদেশবোৰ উপলব্ধি কৰিবলৈ নিত্য-প্ৰসঙ্গ কৰা আৰু মাজে সময়ে ভাওনা কৰা নিয়ম বান্ধি দিছিল। তেওঁ প্ৰচাৰ কৰা উপদেশবোৰ, তেওঁ নিজে পালন কৰি আৰু সেৱকসকলৰ হতুৱাই পালন কৰোৱাই জনসাধাৰণক আৰ্হি দেখুৱাইছিল।

 সকলো ধৰ্ম্মৰেই কিছুমান আচাৰ আছে—আচাৰেহে ধৰ্ম্মক ৰক্ষা কৰে। শ্ৰীশঙ্কৰৰ প্ৰচাৰিত সনাতন ভাগৱতী ধৰ্ম্মৰো কিছুমান পালিবলগীয়া আচাৰ আছে। ৩২ আচাৰ এই আচাৰবোৰে স্বাস্থ্যৰক্ষা কৰাৰ উপৰিও মানুহক সংযমী কৰি আত্ম-চিন্তাত সহায় কৰে। কিন্তু আচাৰেই ধৰ্ম্ম নহয়—পৰৱৰ্ত্তী কালত আমাৰ বহুতে আচাৰকে ধৰ্ম্ম হিচাবে লোৱাত আমি বহুতৰো হাঁহিয়াতৰ পাত্ৰ হৈছোঁহক। ধ্যান, ধাৰণা আৰু নিত্য-প্ৰসঙ্গ কৰা মহাপুৰুষীয়াসকলৰ নিত্য কৰ্ত্তব্য। সত্ৰবোৰত নিত্য প্ৰসঙ্গ সমষ্টিভাৱেই কৰাৰ নিয়ম। এই নাম কীৰ্ত্তনৰ ৰাগ আৰু তাল আছে। ইয়াক ৰক্ষা কৰিবলৈ ভক্তসকলে তাল আৰু চাপৰি মাৰে। সকলোৱে তাল