পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩২)

আকৰ্ষণ কৰিবলৈ ধৰিলে৷ শ্ৰীমন্ত শঙ্কৰৰ প্ৰভাৱ দেশত আগতকৈয়ো বাঢ়ি উঠিল, তাকে দেখি কিছুমান বিৰুদ্ধবাদীয়ে হিন্দু-ধৰ্ম্মত শঙ্কৰে নানা ব্যভিচাৰ ঘটোৱা বুলি ৰজাত নানা ভাৱে খল লগালে। বহুতো গণ্য-মান্য বিৰুদ্ধবাদীৰ কথা বজাই এৰাব নোৱাৰি শ্ৰীশঙ্কৰক ধৰি নিবলৈ গৰমলি পঠালে। ৰজাৰ সহোদৰ দেৱান চিলাৰায়ে শ্ৰীশঙ্কৰক ভালদৰে জানিছিল। সেই কাৰণে ৰজাই গৰমালি পঠোৱা সংবাদ পাই তলে তলে পাটবাউসীলৈ দূত পঠাই শ্ৰীগুৰুক কোচবেহাৰলৈ পলুৱাই নিয়ালে৷ দেৱানে শ্ৰীমন্ত শঙ্কৰৰ গুণ-গৰিমাৰ কথা ৰজাৰ আগত বহলাই কলে আৰু এদিন ৰজাৰ ওচৰত নি উপস্থিত কৰিলে৷ ৰাজসভাত শ্ৰীমন্ত শঙ্কৰৰ কাৰ্য্যাৱলীৰ বিচাৰ হ’ল। শ্ৰীশঙ্কৰৰ লগত পণ্ডিতসকলৰ বাদ হল; বাদত শ্ৰীশঙ্কৰে বেদ বখানি পণ্ডিতসকলৰ গৰ্ব্ব চুৰ কৰিলে। শ্ৰীশঙ্কৰৰ সন্মান কমতাত চৰি গল। শ্ৰীমন্ত শঙ্কৰে এই সময়তেই বিখ্যাত গুণমালা পুথি ৰচনা কৰি ভুৰুকাত ভৰাই ৰজাক উপহাৰ দিয়ে। ৰজাই গুণমালাৰ ভিতৰত দশম স্কন্ধ ভাগৱতৰ নাৰ সংগ্ৰহ দেখি আচৰিত হয়। এইদৰে ৰজাই শ্ৰীমন্ত শঙ্কৰৰ পাণ্ডিত্যত মোহ যায়; আৰু এদিন এটা মূল্যৱান পোছাক ঐশঙ্কৰক বঁটা দিয়ে। বঁটা পাই শ্ৰীশঙ্কৰ বিমোৰত পৰে; পাচত ৰাজ-সভাৰপৰা বহালৈ যাওঁতে তোৰচাৰ ঘাটৈক পোছাকটো দিহে শান্তিলাভ কৰে। ইয়াৰ পাচত শ্ৰীশঙ্কৰ পাটবাউসীলৈ ঘূৰি আহে।