জানে তেতিয়াৰ পৰা “শান্তী জান” নাম পায়। শ্ৰীশঙ্কৰে এইদৰে মানৱ মাত্ৰেই ভাই সম্বন্ধ স্থাপন কৰাইছিল। এইবোৰ ঘটনা আলৌকিক বুলি কিছুমানে ভাবিব পাৰে, কিন্তু সাধুৰ কৃপাত অসম্ভৱেই সম্ভৱ হয়। শ্ৰীশঙ্কৰৰ জীৱনত এই নিচিনা ঘটনা বহুতো।
শ্ৰীমন্ত শঙ্কৰৰ মনু নামে এটী কন্যা জন্মে। কন্যাটী জন্মাৰ ৯মাহ পাচতেই প্ৰভুৰ ভাৰ্য্যা স্বৰ্গগামিনী হয়। মনুৰ ১৪ তীৰ্থ পৰ্য্যটন ৭ বছৰ বয়স হলত তেওঁক বিবাহ দি শ্ৰীশঙ্কৰ তীৰ্থ পৰ্য্যটনলৈ ওলায়। এই সময়ত তেওঁৰ বয়স প্ৰায় ৩৯ বছৰ। শ্ৰীমন্ত শঙ্কৰে ৰাম ৰাম গুৰু, কন্দলী, সৰ্ব্বজয়, বলৰাম, হৃষীকেশ, পৰমানন্দ আদি সোতৰ জন সঙ্গী লগত লৈ তীৰ্থ যাত্ৰা কৰিছিল। বটদ্ৰৱাৰপৰা তেওঁ নাৱেঁৰে পোন্ধৰ দিন গৈ সম্ভৱতঃ ৰংপুৰত নাও ছপাই তাৰপৰা পদব্ৰজে যাত্ৰা কৰে। এই যাত্ৰাত তেওঁ নানা লীলা কৰি মাজে সময়ে অমানুষিক কাম কৰি সঙ্গীসকলক আনন্দ দি গৈছিল।
চৰিত্ৰত আছে প্ৰথম দিন পদব্ৰজে গৈ শ্ৰীশঙ্কৰে সশিষ্যে এক পোহাৰীক লগ পায়, পোহাৰীয়ে আগ দিনা ৰাতি সপোনতে শ্ৰীশঙ্কৰক দেখা পাইছিল। তেওঁ শ্ৰীগুৰুক দেখিয়েই ১৪ পোহাৰী বুঢ়ীৰ শৰণ লাভআঠুকাঢ়ি পৰিল আৰু তেওঁৰ সমস্ত ধন-সোণ শ্ৰীশঙ্কৰৰ চৰণত অৰ্পণ কৰিলে। তাৰ পাচত “শঙ্কৰ শঙ্কৰ বুলি দিয়া দীৰ্ঘ উকি,