হে কৃপাৰ সাগৰ দামােদৰ ভযু গুণ গীতামৃতক কথাবন্ধে
ৰচিতে ইছা কৰাে, যদি কৃপাৰ এক লেশ কৰা তেবে পাৰি।
তােমাৰ চৰণপদ্মত কায়বাক্যমনে শৰণ পশিলে।
যদ্যপি আমি শ্ৰীকৃষ্ণৰ প্ৰসাদে শ্ৰীধৰী শাঙ্কৰী দামােদৰী
ভাস্কৰী চাৰিয়াে টীকা বিচাৰ কৰিছি, তথাপি প্রায় শ্ৰীধৰী টীকাৰ
মতে কথা নিবন্ধিবাে; তাহাৰ যুক্তি শুনা। শাঙ্কৰী টীকা জ্ঞানক
প্রধান কৰি ব্যাখ্যা কৰে, ভাষ্কৰী কৰ্ম্মক প্রধান কৰে, শ্ৰীধৰী
ভক্তি মাত্ৰ নিৰূপণ কৰে, দামোদৰী তিনিয়াে যােগ সমে কহে।
এতেকে বৈষ্ণৱসৰ প্ৰীতিৰ তাৰ্থে ভক্তিপ্রধান টীকাৰ মতকে
প্রায় লিখিবো; ভক্তিৰ অনুকূল দেখি কিছছা কিছছ তাৰাৰ
মতকো নিবন্ধিবো। জ্ঞান কৰ্ম্ম ৰাখিতেসে শাঙ্কৰী ভাৰীৰ
বিবাদ, ভক্তিত কিছাে বিবাদ নকৰিছে; এতেকে ভক্তিপন্থ
সবাৰৰ সম্মত।
প্রথমে ধৰস্বামী আপুনাৰ ইষ্ট দেৱতাক প্রণাম
কৰস্ত। যি ভগৱন্তে অনন্তৰ অনন্ত মুখৰ ব্যাখ্যা চাতুর্য্যক
একে মুখে ধৰা, হেন অদ্ভুত পৰমানন্দ মাধৱক বন্দো।
এতেকে হৰিহৰ মূৰ্তিক অভেদে প্রণাম কৰি কাৰ্য্যৰ নির্ণয়
কৰন্ত। লক্ষীৰ পতি জগদীশক উমাপতি বিশ্বনাথক আদৰে
প্রণাম কৰি, সাধুসবৰ ভক্তিত বশ হুয়া, গীতাৰ ব্যাখ্যা সুবােধিনী
নাম টীকা কৰিবা, ভাষ্যকাৰ শঙ্কৰৰ মতক মতি অনুসাৰে
বিচাৰিয়া তাৰ ব্যাখ্যাৰূপ আনন্দগিৰিৰ বচনকো মতি অনুসাৰে
বিচাৰিয়া গীতা ব্যাখ্যাক আৰম্ভিবাে; যাৰ পাঠ মাত্রে গীতাক
পৃষ্ঠা:কথা-গীতা.djvu/৫৬
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
