পৃষ্ঠা:কথা-গীতা.djvu/৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ব্যাখ্যা কৰা যাই, সেই সুবোধিনী টীকাক বুদ্ধিমন্তসবে চিন্তন কৰোক; আবে সবটীকাৰ অনুসাৰে গীত কথনৰ কাৰণ কহে। ভগৱন্ত পুৰুষোত্তমে জীৱক কৃপায়ে চৌবিশ তত্ত্বে ব্ৰহ্মাণ্ড সুজি তাতে ব্ৰহ্মাক উদ্ভৱ কৰাইল; ব্ৰহ্মাৰ পুত্ৰ মৰীচ্যাদিৰ মুখে প্ৰবৃত্তি মাৰ্গ প্ৰৱৰ্তাইলা ,. সনকাদিৰ মুখে নিবৃত্তি পন্থ দেখাইলা; সেই নিবৃত্তি মাৰ্গে বহুলোক নিস্তৰিবাৰ নেদেখি, পৰম কৃপায়ে পৰিপূৰ্ণৰূপে, দৈৱকীৰ উদৰে উদয় হয় বহুবিধ লীলা কৰিলা, নিজ ঘশ প্ৰকাশিলা; যাৰ শ্ৰবণ কৰ্ত্তিন স্মৰণে, মহাপাপী সংসাৰ তৰে; তাক গুৰুশিষ্য মতে প্ৰৱৰ্তাইবে লাগি, নৰ অবতাৰ হুয়া সকল গুণমন্দিৰ সৰ্বজনপ্ৰবোধসঞ্চাৰ- শক্তিযুক্ত অৰ্জুনক সখী কৰিলা। যেন তৈল বিন্দুমাত্ৰো জল এক প্ৰদেশত পৰিলে সকল জলক ব্যাপয়, ধূলীত পৰিলে পুনু সেহি মতে ৰহে, তেমনে বিশিষ্ট জনত উত্তম কথা অল্প কহিলে, সকল লোকতে প্ৰৱৰ্তে; এই অৰ্থে অৰ্জুনৰ যুদ্ধ সমুখত তত্ত্বৰ অজ্ঞানে শোক মোহ বঢ়াই, জ্ঞান দূৰ কৰি নিজ ধৰ্ম ত্যাগ, পৰধৰ্ম্মত অভিসন্ধি কৰি, শোক মোহ সাগৰত মগ্ন কৰিলা; তেবে ভগৱন্ত কৃষ্ণে ধৰ্ম্মজ্ঞান ভক্তিৰ উপদেশে শোক মোহ সাগৰৰ উদ্ধাৰ কৰিলা। সেই ভগৱন্তৰ উপদিষ্ট অৰ্থক বেদব্যাসে সাতশ শ্লোকে নিবন্ধন কৰিলা। প্ৰায় কৃষ্ণ মুখ নিসৃত শ্লোককে লিখিলা; কততাসব তাৰ সঙ্গতিৰ অৰ্থে আপুনিয়ে কৰিলা। আক স্কন্দপুৰাণত গীতামাহাত্মত