সাৰথি/তৃতীয় ভাগ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
সাৰথি
লেখক সত্যনাথ বৰা
[ ৪৫ ]

তৃতীয় ভাগ

কৰ্ম্ম

 ওখ ঠাইত উঠিবলৈ যেনে এটা আলম লাগে, উদ্‌গতি কৰিবলৈ তেনে এটা আলম লাগে। কেৱল বিদ্যা বুদ্ধি আৰ্জি লৈ বহি থাকিলে জীৱনত উদ্‌গতি কৰিব নোৱাৰি। বিদ্যা উদ্‌গতিৰ এবিধ আহিলা হয়, কিন্তু আলম নহয়। কৰ্ম্ম হৈছে উদ্‌গতিৰ আলম। মানুহে কৰ্ম্মৰ সহায়ত সামান্য অৱস্থাৰ পৰা ভাল অৱস্থালৈ উঠে। কৰ্ম্ম নহ'লে বিদ্যা বুদ্ধি সকলো নিষ্ফল হয়।

 যেই সেই কৰ্ম্মই যেই সেই মানুহৰ উদ্‌গতিৰ আলম হ'ব নোৱাৰে, মানুহে পতি কৰ্ম্ম বেলেগ বেলেগ হয়। যাৰ যি কৰ্ম্মত ৰাপ সি সেই কৰ্ম্ম বাছি লোৱা উচিত; কিন্তু কৰ্ম্ম বাছনি নিচেই উজু নহয়। কৰ্ম্ম বাছি ল'ব নজনাৰ দোষত কোনো কোনোৱে গোটেইটো জীৱন কৰ্ম্ম কৰিও সংসাৰত উদ্‌গতি কৰিব নোৱাৰে। কৰ্ম্ম বাছনি সম্বন্ধে নিজৰ মনেই মঙ্গল, অৰ্থাৎ যি কামটো নিজৰ মনত ভাল লাগে, তাকে ল'ব লাগে। সচৰাচৰ দেখা যায় যে একোজন মানুহৰ কোনো এটা বিশেষ কামত ৰতি থাকে, সেই কাম সি কৰিবলৈ ভাল পায়, আৰু অপ্ৰয়াসে কৰিব পাৰে, কিন্তু কোনোটো কাম অহোপুৰুষাৰ্থ কৰিও কৰিব নোৱাৰে। পাচে যদি বুজাৰ ভুলত বা আন কোনো কাৰণত সি পোনৰ বিধ এৰি শেষৰ বিধ কামৰ আলম লয়, তেনেহলে সংসাৰত উদ্‌গতি কৰা তাৰ পক্ষে টান হয়। এতেকে যি কামত যাৰ ৰতি থাকে সেই কামহে সি জীৱনত ব্যৱসায় কৰি লোৱা উচিত। যাৰ কৃষিত ৰতি সি কৃষি, যাৰ বেপাৰত ৰতি সি বেপাৰ আৰু যাৰ বিষয়ত ৰতি সি বিষয় গ্ৰহণ কৰা উচিত। কৃষি ভাল পোৱা মানুহে বিষয় বা বিষয় ভাল পোৱা মানুহে কৃষি গ্ৰহণ কৰিলে অসঙ্গত আলমৰ আশ্ৰয় লোৱা হয়। সৰহ লাভৰ আশাত মনে নধৰা বৃত্তি গ্ৰহণ কৰিলে মানুহে কেতিয়াও সংসাৰত উদ্‌গতি কৰিব [ ৪৬ ] নোৱাৰে। ঘুৰণীয়া ফুটাত শিৰ পতা ঠিলা কেতিয়াও খাপ খাই নবহে।

 কাম বাছি লওঁতে আৰু এটা কথালৈ মন কৰা উচিত। কৰ্ম্মীৰ পক্ষে যশস্যা এটা প্ৰৱল উদ্‌গতি। যি কামত মানুহে যশস্যা পায় সেই কামটো কৰিবলৈ তাৰ ধাউতি বাঢ়ে। যশস্যাই মানুহৰ এগুণ উৎসাহ চাৰিগুণ কৰে। কিন্তু সকলো কামৰ যশস্যা সকলোৱে ভাল নাপায়, কোনোৱে বেজালিৰ যশস্যা ভাল নেপায়, কোনোৱে বাঢ়ৈয়ালিৰ যশস্যা ভাল নাপায়, কোনোৱে খনিকৰালিৰ যশস্যা ভাল নাপায। পাচে যদি বেজালিৰ যশস্যা ভাল নোপোৱা মানুহ জনে বেজালি বৃত্তি গ্ৰহণ কৰে, তেন্তে সেই কামত তাৰ ধাউতি হ'ব নোৱাৰে, আৰু ধাউতি নহ'লে কাম ভাল নহয়। এতেকে যি যি কামৰ যশস্যা ভাল পায় সি সেই কামটোহে বৃত্তি কৰি লোৱা উচিত।

 সংসাৰত মানুহ বোলাবলৈ আৰু সুখে সকলমে দিন নিয়াবলৈ মানুহক ধন লাগে। বিনা ধনে সম্পদ লাভ কৰিব নোৱাৰি। যি ধনৰ দুখীয়া সি মান মৰ্য্যাদা সকলোৰে দুখীয়া। সি সংসাৰত ডাঙ্গৰ কাম কৰি নাম জলাওক চাৰি নিজেই অশেষ কষ্টেৰে জীৱন কটায়। সেই দেখি বৃত্তি বাছি লওঁতে ধন হোৱা বৃত্তি লোৱা উচিত। ধন উপাৰ্জ্জন নিজে এটা শিক্ষাৰ বিষয় নহয়, ই বিদ্যা আৰু বৃত্তিৰ লগৰীয়া বস্তু। বিদ্যাৱন্ত মানুহে বুদ্ধিৰে বৃত্তি চলালে ধন হয়।

 বেপাৰ, কৃষি আৰু ৰাজঘৰীয়া বিষয়, এই তিনি শ্ৰেণীৰ ভিতৰত বৃত্তি বিলাক ধন হোৱা আৰু অৰ্থকৰী বৃত্তি। অৰ্থকৰী বৃত্তিবিলাকৰ ভিতৰত কিছুমান সজ আৰু কিছুমান অসজ আছে। অসজ বিধৰ বৃত্তি পৰাপক্ষত গ্ৰহণ কৰা উচিত নহয়। অসজ বৃত্তিয়ে মানুহক অসজ কামলৈ নিয়ে। অসজ কাম কৰি অব্বুৰ্দ অৰ্থ ঘটিলেও সুখ্যাতি বা পুৰুষালি নাই, আৰু মনতো নিভাঁজ সন্তোষ নোপজে। আওবটীয়া ধনতকৈ দৰিদ্ৰতাও ভাল। কোনবোৰ সজ বৃত্তি আৰু কোনবোৰ অসজ বিত্তি তাৰ এটা এটাকৈ লেখ দিয়াৰ সকাম নাই। সজ আৰু অসজ বৃত্তি চিনিবলৈ টান নহয়। যি বৃত্তি চলাওঁতে নীচ বা নিন্দনীয় কাম কৰিব লাগে সেই বৃত্তি অসজ, আৰু যি বৃত্তিত তেনেকুৱা কাম কৰিব নালাগে সেই বৃত্তি সজ। ফটিকাৰ বেপাৰ এটা অসজ বৃত্তি। ফটিকা ব্যৱহাৰ কৰি মানুহ বলিয়া হয়, আৰু অকাম কৰে। এতেকে মানুহক তেনে ফটিকাৰ [ ৪৭ ] যোগান দিয়া এটা ভাল কাম নহয়, সি নীচ কাম, আৰু সেই বৃত্তিও অসজ বৃত্তি। যি বৃত্তি চলালে দেশৰ বা সমাজৰ উপকাৰ হয় সেইবোৰ বৃত্তি সজ। বৃত্তি বাছি লওঁতে তেনে বৃত্তিহে লোৱা উচিত।

 ভাৰতত স্বতন্তৰীয়া বৃত্তিলৈ মানুহৰ শ্ৰদ্ধা নাই। স্বতন্তৰীয়া বৃত্তি চলালে মানুহৰ মান যায় বুলি বিবেচনা কৰে। এতিয়াৰ মানুহে ৰাজঘৰীয়া বিষয়কেই বাছকবনীয়া বৃত্তি বুলি ধৰে। এই নিমিত্তে শিক্ষিত তৰপৰ পৰা এটাইবিলাক মানুহেই ৰাজঘৰীয়া বিষয় বিচাৰে। স্বতন্তৰীয়া বৃত্তি সকলোবোৰ অশিক্ষিত মানুহৰ হাতত পৰিছে। কিন্তু অশিক্ষিত মানুহৰ বুদ্ধি কম। সিহঁতে পুৰণি উপায়ৰ বাজে কোনো কামত নতুন উপায উলিয়াব নোৱাৰে। ভাৰতৰ কমাৰ, কুমাৰ, বাঢ়ৈ, খনিকৰ সকলোৱে অতীজ কালৰ প্ৰণালীৰেই নিজ নিজ বৃত্তি চলাই আছে। সিহঁতৰ পিতৃ পিতামহ সকলে যেনেকুৱা বস্তু গঢ়িছিল, সিহঁতেও তেনেকুৱা বস্তুহে গঢ়িব পাৰে, গঢ় সলাই নতুনকৈ চকুত লগা বস্তু গঢ়িব নোৱাৰে। ভাৰতৰ কৃষি আৰু বেপাৰো অশিক্ষিত মানুহৰ হাতত, সেই দেখি সেই দুই বৃত্তিৰো আজিলৈকে কোনো পৰিবৰ্ত্তন হোৱা নাই। এই বৃত্তিবিলাক সুশিক্ষিত মানুহৰ হাতত পৰা হেঁতেন ইমান দিনে বহুত উন্নত হ'লহেঁতেন। সকলো কামতে বিদ্যা বুদ্ধি লাগে, বিদ্যা বুদ্ধি লগাই কৰিলেহে কামটো ভালকৈ সিজে। স্বতন্তৰীয়া বৃত্তিত বিদ্যা বুদ্ধিৰ বিশেষ প্ৰয়োজন আছে। বিদ্যাৰ সাৰ দিলে বৃত্তিৰ উদ্‌গতি হয়। ইউৰোপত আৰু আমেৰিকাত স্বতন্তৰীয়া বৃত্তি শিক্ষিত মানুহৰ হাতত, সেই দেখি বৃত্তিবোৰ তাত উন্নতি হৈছে। প্ৰত্যেক বিষয়তে ন ন কথা, প্ৰত্যেক বস্তুৰে নানা ৰকম দিনে দিনে ওলাব লাগিছে। স্বতন্তৰীয়া বৃত্তি চলাই মান যশস্যা লাভ কৰিব নোৱাৰি বুলি ভবাও ভুল। ইউৰোপ আমেৰিকাৰ দৃষ্টান্তলৈ চালেই এই ভুল ধৰা পৰে। এই দুই দেশত অনেক মানুহে স্বতন্তৰীয়া বৃত্তিৰ আলম লৈ মান্যৱন্ত, ধনৱন্ত, আৰু যুগযুগান্তলৈ খ্যাতিৱন্ত হৈছে।

 আনে নজনা কোনো নতুন বৃত্তি উলিয়াব পাৰিলে ধন আৰ্জ্জনৰ কাম ঢিলা হয়, কিন্তু তেনে বৃত্তিত একেবাৰে খাস্তাং হ'বৰো আশঙ্কা থাকে; আশয় নোপোৱা বৃত্তি অচিনাকি বাটৰ নিচিনা, তাত মানুহ আঢ্যৱন্তও হ'ব পাৰে, [ ৪৮ ] দৰিদ্ৰও হ'ব পাৰে। প্ৰচলিত বৃত্তিবিলাকত তেনে আশঙ্কা কম,তাৰ সন্ধি সঙ্কট আগৰ পৰা জনা থাকে সেই দেখি আগেয়ে তাৰ উপায় সাজি ল'ব পাৰি। নতুন বৃত্তিত আগ ধৰি উপায় সাজি লোৱা সম্ভৱ নহয় কাৰণ তাত কেতিয়া কি সঙ্কট ওলাব জনা নাথাকে। এই নিমিত্তে নতুন বিত্তিৰ আলম লোৱা কোনো কোনো মানুহ অচিৰে আঢ্যৱন্ত হয়,আৰু কোনো কোনো অচিৰে উপান্ত হোৱা দেখা যায়।

————————
শ্ৰম

 শ্ৰম সিদ্ধিৰ আমোঘ অস্ত্ৰ, ইয়াৰে অসাধ্য সাধন কৰিব পাৰি। ই কৰ্ম্মক্ষেত্ৰত হুতাশন, ইয়াৰ আগত কোনো কামেই টান নহয়। জগতৰ ডাঙ্গৰ সকলো কাম ইয়াৰ বলতেই সিদ্ধ হৈছে। শ্ৰম সম্পদৰ মূল। যি মানুহ শ্ৰমত বিমুখ তাৰ সম্পদৰ আশা মিছা। শ্ৰম নানাবিধ আছে। কোনো শ্ৰম বজা আৰু কোনো শ্ৰম ফলদায়ক। বজা শ্ৰমৰ বিষয়ে আমাৰ ক'বলগীয়া নাই,ইয়াত কেৱল ফলদায়ক শ্ৰমৰ কথাহে আলোচনা কৰা হ'ব। এই বিধ শ্ৰম চালনা কৰোঁতে প্ৰণালী বৰ প্ৰয়োজন, ভাল প্ৰণালীত নচলোৱা বাবে ফলদায়ক শ্ৰমো বজা শ্ৰমত পৰে। এটা ডাঙৰ শিল বগৰাব লাগিলে কোন ফালৰ পৰা ঠেলিলে সি বাগৰ খাব, আগে তাক থিৰ কৰি ল'ব লাগে তেহে সহজে,বগৰাব পাৰি। নোচোৱা নভবাকৈ হুৰামুৰাকৈ ধৰি যি ফালে মন যায় সেই ফালৰ পৰা ঠেলিলে সি সহজে বাগৰ নাখায়। এতেকে সকলো কাম এটা প্ৰণালী বান্ধি লৈ আৰম্ভ কৰিব লাগে, তেনেহলে শ্ৰম কেতিয়াও নিষ্ফল নহয়।

 হাতত লোৱা কাম ভাগ ভাগ কৰি তাৰ কোন ভাগ আগে আৰু কোন ভাগ পাচে কৰিব লাগিব আৰু কোন ভাগ কি দৰে কৰিব লাগিব, পোন প্ৰথমে তাক থিৰ কৰি লোৱা উচিত। ৰাজঘৰীয়া কোনো ডাঙৰ কাম কৰিবলগীয়া [ ৪৯ ] হ'লে এই নিয়ম অনুসৰি প্ৰথমতে কামটোৰ এটা বিস্তৃত বিৱৰণ লিখি লয়, আৰু তাৰ কোন অংশ কেতিয়া, আৰু কেনেকৈ কৰিব লাগিব তাকো ঠিক কৰি লয়, পাচে সেই প্ৰণালীত কাম আৰম্ভ কৰি সুকলমে সমাধা কৰে। পঢ়া ল'ৰাবিলাকৰ ভিতৰত কোনোৱে সোনকালে পাঠ শিকি উঠে আৰু কোনোৱে দিনটো পঢ়িও শিকিব নোৱাৰে। ইয়াৰ কাৰণ এই যে কিছুমান ল'ৰাই প্ৰণালী লগাই পঢ়ে, আৰু কিছুমানে প্ৰণালী লগাব নাজানে। কোনো কোনো ল'ৰা স্বভাৱতে চোকা, আন ল'ৰাতকৈ সিহঁতে সোনকালে পাঠ শিকিব পাৰে। কিন্তু চোকা ল'ৰাৰ ভিতৰতো বহুত প্ৰভেদ আছে, বুধিয়ক চোকা ল'ৰাই সদায় এটা নিয়ম পাতিহে পুথি পাঠ কৰে। গ্ৰন্থকাৰে পুথি লিখোঁতে এটা প্ৰণালী লগাই লিখে। পঢ়োতাই সেই প্ৰণালীৰ আঁত ধৰি পঢ়িলে পুথিৰ কথা সোনকালে শিকিব পাৰি।

 কোনো কামত লৰালৰি কৰা উচিত নহয়, লৰালৰি কৰিলে কামত জোঁট লাগে আৰু দুদণ্ডৰ কামত চাৰি দণ্ড খৰচ হয়। যিমান লৰালৰি সিমান গহৰি, এই সাৰুৱা বচন সকলো দেশত চলিত আছে। খৰকৈ কৰি সোনকালে কামটো শেষ কৰিব খুজিলে আগৰ ভাগ পাচ আৰু পাচৰ ভাগ আগ হয় আৰু কেতিয়াবা কোনো ভাগ এৰাও পৰে। কাম শেষ হ'লে পাচত সেই ভুলবোৰ শুধৰাওঁতে দোৱাডাঁৰ হয়। শেহান্তৰত পলমতো হয়েই, তদুপৰি কামটো ভাল হৈ নুঠে। উচিত সময়তকৈ কম সময়ত কাম কৰি তুলিলে জাগ দি কল পকোৱা যেন হয়। কল পকিবলৈ স্বভাৱতে যিমান সময় লাগে তাতকৈ সোনকালে পকাবলৈ মানুহে কল জাগ দিয়ে কিন্তু জাগ দিয়া কল আৰু আপুনি পকা কল সোৱাদত বহুত বেলেগ।

 নিজৰাৰ সোঁতৰ নিচিনা মানুহৰ শ্ৰম সদায় চলি থাকিব লাগে। কেতিয়াবা এলাহত বহি থকা,আৰু কেতিয়াবা দেহ প্ৰাণ উছৰ্গি কাম কৰা উচিত নহয়। ছেগা-চোৰোকা শ্ৰমতকৈ ৰাহ লগোৱা শ্ৰমৰ গুণ সৰহ। যি বস্তু একোবত ভাঙ্গিব নোৱাৰি, ওপৰা ওপৰিকৈ কোবাই থাকিলে সিও ভাগি যায়। একেৰাহে গৈ থাকিলে দীক্‌ছৌ বাটো লঙ্ঘিব পাৰি। কাম যিমানেই কি ডাঙৰ নহওক সদায় নিয়ম মতে কৰি থাকিলে শেষ হয়। সদায় পৰিশ্ৰম কৰা মানুহে ডাঙ্গৰ কাম দেখি ভয় নাখায়। [ ৫০ ]  উগ্ৰ শ্ৰম উৎকট ব্যাধিৰ নিচিনা, সংসাৰ যাত্ৰীয়ে তাক সততে পৰিহাৰ কৰা উচিত। উগ্ৰ শ্ৰমৰ পৰা শৰীৰ ঘুণীয়া হয়, আৰু ভৱিষ্যতলৈ শ্ৰম কৰিব নোৱাৰা হয়। কোনো শকত-সজীয়া মানুহৰ উগ্ৰ শ্ৰমৰ পৰা ৰোগ নহ'ব পাৰে, কিন্তু সি যে আনতকৈ সৰহ কাম কৰিব পাৰে এনে নহয়। উগ্ৰ শ্ৰমৰ পাচত দীঘল জিৰণি লাগে, যি জিৰণি লওঁতেই আনে বহুত কাম কৰি উঠে। এতেকে এদিন উগ্ৰ শ্ৰম কৰি পাঁচ দিনলৈ জিৰণি লোৱাতকৈ নিতৌ অলপ অলপ শ্ৰম কৰাহে ভাল। উগ্ৰ শ্ৰম এক ৰকমে চালে বানপানীৰ নিচিনা। বানপানীৰ পৰা শস্যৰ বৰ উপকাৰ নহয়, নিয়মিতৰূপে বৰষুণ পালেহে শস্য শ্ৰীমন্ত হয়। কামৰো সেই পটন্তৰ তাকো নিয়মিতৰূপে কৰিলেহে শুৱলা হৈ উঠে।

 পৰিশ্ৰমী মানুহৰ শ্ৰমেই সুখ, সিহঁতে শ্ৰম নকৰি থাকিব নোৱাৰে, সিহঁতৰ পক্ষে শ্ৰম এটা ৰাগীৰ নিচিনা হয়। ৰাগী কৰা মানুহৰ ৰাগী নহ'লে যেনেকৈ গা মন বেয়া লাগে শ্ৰম কৰা মানুহৰো তেনেকৈ শ্ৰম নহ'লে গা মন বেয়া লাগে। শ্ৰমৰ পৰা সুখীয়াৰ সুখ দুগুণ বাঢ়ে আৰু দুখীয়াৰ দুখ কমি যায়। শ্ৰম জীৱ জগতৰ সাধাৰণ ব্যৱস্থা,পশু পক্ষীৰ ভিতৰতো এই ব্যৱস্থাৰ কাৰ্য্য দেখা যায়। কোনো পশু বা কোনো পক্ষীয়ে শ্ৰম নকৰাকৈ আহাৰ নাপায়, নানা ঠাইত নানা ৰকমে পৰুষাৰ্থ কৰিহে সিহঁতে পেট ভৰায়। বাঘে অটব্য বননিত হৰিণা বিচাৰি, আৰু মহে দুৰ্গম পিটনিত ঘাঁহ বিচাৰি নিতৌ হাৰাশাস্তি হয়। শৰীৰ সবল কৰিবলৈ, মনত শান্তিত ৰাখিবলৈ, আৰু সংসাৰত উদ্‌গতি কৰিবলৈ,এই সকলো কামতে পৰিশ্ৰম নহ'লে নহয়।

 শ্ৰম কুচিন্তাৰ পৰম ঔষধ। সদায় শ্ৰমত থকা মানুহে হিংসা কূচ্চুৰ্ট বা আনবিলাক কু-প্ৰবৃত্তিৰ কাম কৰিবলৈ আজৰি নাপায়। কুপ্ৰবৃত্তি এলাহত বাঢ়ে যাৰ এলাহ নাই তাৰ তেনে প্ৰবৃত্তি নাই। শ্ৰমীয়ে দিনদিনটো দুখ কৰি শৰীৰ ভাগৰাই আহে, গধূলি হ'লে পাটীত পৰিলেই টোপনি যায়, এতেকে বেয়া ভাৱ মনত আউটিবলৈ তাৰ সময় নাথাকে। পৃথিৱীত যিমান সজ প্ৰকৃতিৰ খ্যাতিমন্ত মানুহ আছে বা আছিল তেওঁবিলাকৰ জীৱনটো এটা শ্ৰমৰ সোঁত মাথোন।

 শ্ৰম বোলোতে শাৰীৰিক আৰু মানসিক দুয়ো বিধ শ্ৰম ধৰা হৈছে। দুয়ো বিধ শ্ৰমৰ একে ৰকম ব্যৱস্থা। শাৰীৰিক শ্ৰম বেচিকৈ কৰিলে শৰীৰ [ ৫১ ] ৰুগীয়া হয়, আৰু মানসিক শ্ৰম বেচিকৈ কৰিলে মন ৰুগীয়া হয়, কিন্তু শাৰীৰিক শ্ৰমতকৈ মানসিক শ্ৰমৰ দুৰ্গুণ বৰ বেচি। উগ্ৰ শাৰীৰিক শ্ৰমে কেৱল শৰীৰহে ৰুগীয়া কৰে, কিন্তু উগ্ৰ মানসিক শ্ৰমে শৰীৰ মন দুয়োকো ৰুগীয়া কৰে। বৰকৈ চিন্তা কৰিলে মূৰৰ কামোৰণি হয়, খোৱা বস্তু জীণ নাযায় আৰু বায়ু উৰ্দ্ধগামী হৈ টোপনি নহাত পৰে। মনৰ উগ্ৰ শ্ৰমত মগজু তপত হয় আৰু সেই বাবে কেতিয়াবা মানুহে বিবেক হেৰুৱাই বাউল হয়।

--------------------

উৎসাহ

 দণ্ডিত বান্দৰ নাচে, এই কথা সঁচা, কিন্তু নাচন দেখিবলৈ ভাল নহয়। উৎসাহত নাচিলে হাতীৰ নাচনতো লয় ওলায়। সেইদৰে উৎসাহেৰে কৰিলেহে কাম সুসিদ্ধ হয়, চেলেংপেটোকৈ কৰা কাম বান্দৰী নাচনৰ নিচিনা আভঁজা। উৎসাহে টান কাম উজু কৰে, আৰু মানুহৰ বুদ্ধিৰ দুৱাৰ মেলি দিয়ে। উৎসাহ হেঁপাহৰ পৰা ওপজে হেঁপাহৰ দণ্ডিত মানুহে দুৰ্ঘোৰ সঙ্কটক ইতিকিং কৰি সহস্ৰ বিপদ হেলাৰঙ্গে তৰিব পাৰে। বাঘ, মহ, হাতী, গঁড় একোৱে হেঁপেহুৱাৰ বাট ভেঁটিব নোৱাৰে তাৰ উৎসাহৰ অমূৰ্ত্তক সোঁতত হিমালয়ৰ নিচিনা বাধাও তৃণ যেন হৈ উটি যায়। হেঁপাহত উৎসাহ জন্মে, উৎসাহত সাহ জন্মে আৰু সাহত সিদ্ধি বুলি সকলোৱে কয়।

 উৎসাহ হেঁপাহৰ পৰা জন্মিলেও,তাক শকত কৰিবলৈ অন্য আহিলা লাগে, সেই আহিলা আশা। আশা উৎসাহৰ সাৰ, তাৰ নাটনি হ'লে উৎসাহ অনুক্ৰমে জঁই পৰি যায়। আশাৰ কম বেচি অনুসৰি উৎসাহ কম বেচি হয়, অৰ্থাৎ আশা যিমান বাঢ়ে উৎসাহো সিমান বাঢ়ি যায়, আৰু আশা কমিলেই উৎসাহো কমে। যি কৰ্ম্ম সিদ্ধি হ'বৰ সমূলে আশা নাই,তাক কৰিবলৈ মানুহৰ মন কেতিয়াও নুধায়।

 আগত যি হেঁপাহৰ কথা কোৱা হৈছে সি কৰ্ম্মফলৰ হেঁপাহ, অ্ৰথাৎ [ ৫২ ] এটা কাম কৰি তাৰ ফল লাভ কৰিবলৈ মনত যি অভিলাষ ওপজে তাকে হেপাহ বোলা হৈছে। আচলতে উৎসাহৰ গৰাকী কৰ্ম্মফল। যি কৰ্ম্মৰ ফল পাবলৈ মনত বৰ অভিলাষ জন্মে, সেই কৰ্ম্ম কৰিবলৈ উৎসাহো জন্মে। যাৰ মাছৰ নিমিত্তে বৰ অভিলাষ সি জাল পতা, পানী সিচাঁ, বা উজাগৰে থকা আদি মাছ ধৰিবলৈ যিবোৰ কাম কৰিব লাগে সেইবোৰ কাম বৰ উৎসাহেৰে আৰু উলাহেৰে কৰে। যাৰ মাছলৈ অভিলাষ নাই তেনেবোৰ কামত তাৰ উৎসাহো নাই। এতেকে কৰ্ম্মত হাত দিবৰ আগেয়ে তাৰ ফললৈ হেঁপাহ হ'ব লাগে।

 হেঁপাহ জন্মাবৰ ঘাই উপায় ফলৰ চিন্তা। ফল লাভ হ'লে যি সুখ বা সুচল হ'ব তাৰ বিষয়ে মনত চিন্তা কৰিলে ফললৈ হেঁপাহ জন্মে। পৰীক্ষা দিবলৈ ওলোৱা ছাত্ৰবিলাকত ইয়াৰ প্ৰমাণ পোৱা যায়। পৰীক্ষাত উঠিলে মানুহে কেনে প্ৰশংসা কৰিব, জীৱনত কিমান সুবিধা হ'ব ইত্যাদি পৰীক্ষাত উঠাৰ ফলবিলাক মনত পাগুলিবলৈ ধৰিলে সিহঁতলৈ হেঁপাহ হয়, আৰু সেই হেঁপাহৰ গুণত পঢ়িবলৈ মন যায়। কোনো কোনো মানুহক দেখা যায়, সিহঁতে বৰ টান কামো উৎসাহেৰে কৰে, হাজাৰ খোঁচৰ হ'লেও তাত সিহঁতৰ আমনি নালাগে। ইয়াৰ আচল কাৰণ এই যে সেই কামটোৰ ফললৈ সিহঁতৰ বৰ চকু থাকে, কামটো সিদ্ধ হ'লে যি ফল হ'ব তাক সিহঁতে দিনে নিশায় মনত আলচে। এক তৰপ মানুহে এই কথা উলাই কৰে, আৰু কয় ফললৈ বাঞ্ছা নকৰি কৰ্ত্তব্য বিবেচনাৰ পৰাহে কাম কৰা উচিত। আমাৰ বিবেচনাত এনে কথা অসম্ভৱ। ফললৈ চকু নাথাকিলে কোনো কামতে উৎসাহ নহয়,আৰু উৎসাহ নহ'লে কাম সুসিদ্ধ নহয় বুলি আগে কোৱা হৈছে। ফল লাভ কৰাই কামৰ উদ্দেশ্য,সেই ফলৰ আশা মনৰ পৰা আঁতৰত থৈ কাম সাধিব খুজিলে জ্বাল নুমাই দি চাউল সিজাবলৈ চেষ্টা কৰা যেন হয়। 'নিস্বাৰ্থ কাম' এটা কবৰ কথা মাথোন, তাত একো সাৰুৱা যুক্তি নাই। কোনো এবিধ স্বাৰ্থ নাথাকিলে মানুহে কামত হাত নিদিয়ে। ধন, মান, যশস্যা, ক্ষমতা বা আনন্দ এইবিলাকৰ এটা নহয় এটালৈ চকু ৰাখিহে মানুহে কাম আৰম্ভ কৰে। দৰিদ্ৰক দান দিয়া উৰি-আপ্ৰাণীক সহায় কৰা ইত্যাদি কেতবোৰ কামত কৰোঁতাৰ একো স্বাৰ্থ নোহোৱা যেন দেখা যায়, কিন্তু দকৈ গমি চালে সেইবোৰতো স্বাৰ্থৰ ছাট ওলাব। [ ৫৩ ] দৰিদ্ৰক দান দিলে মনত আনন্দ জন্মে আৰু সমাজত যশস্যা বাঢ়ে, এই আনন্দ বা যশস্যাই দাতাৰ উৎসাহৰ কাৰণ হয়। দানৰ পাৰত্ৰিক ফল আমাৰ আলোচনাৰ বিষয় নহয়।

 ওপৰত কোৱা কথাৰ পৰা ঠাৱৰকৈ বুজা যায় যে কামে পতি কৰোতাৰ এটা স্বাৰ্থ থাকে, সেই স্বাৰ্থলৈ উগ্ৰ দৃষ্টি ৰাখি কাম কৰা যুগুত। স্বাৰ্থ কথা আষাৰত অলপ নিন্দাৰ ভাব আছে, স্বাৰ্থ নুবুলি অভিপ্ৰায় বুলিলে তেনে ভাৱ নাথাকিলহেঁতেন, কিন্তু অভিপ্ৰায় কথা আষাৰে আমাৰ মনৰ ভাবটো ষোলকলায় প্ৰকাশ নকৰে, সেই দেখি অভিপ্ৰযাৰ থলত স্বাৰ্থ ব্যৱহাৰ কৰা হৈছে, ইয়াত স্বাৰ্থ শব্দটো আপোনপেটাৰ ভাবত নধৰি অভিপ্ৰায়ৰ ভাবত ধৰিব লাগিব।

 মানুহে স্বভাৱতে উৎসাহী মানুহৰ পাচ ধৰে, উৎসাহীক নায়ক বৰণ কৰিবলৈ আৰু তাৰ কথা মতে চলিবলৈ লাজ নকৰে। এই নিমিত্তে উৎসাহী মানুহ সমাজত মুখিয়াল হয়। কোনো কাম বহুতে গোট খাই কৰিলেও যশস্যা উৎসাহী জনৰহে হয়, আৰু কামত ধন থাকিলে তাৰো ডাঙৰ ভাগ উৎসাহীয়ে পায়। উৎসাহে পৰিশ্ৰমৰ দুখ কমা, আৰু অলপীয়া বিদ্যা বুদ্ধিকো ফলদায়ক কৰে। উৎসাহ সংক্ৰামক, এজনৰ উৎসাহে আন এজন সোঁচৰে। সেই দেখি উৎসাহী মানুহে নিজৰ কামত আনৰ সহায় পায়। নিজে উৎসাহেৰে কামত লাগিলে চাঁওতা বিলাকেও তাত হাত নিদি থাকিব নোৱাৰে। পঢ়াত ল'ৰাৰ উৎসাহ দেখিলে তাক পঢ়াবলৈ মন যায় আৰু এটাই উৎসাহেৰে পঢি়লে আন এটা পুথি লৈ বহে।

-------------------

অভ্যাস

 'সোণৰ দ্ৰাৱক সুৱগা, কামৰ দ্ৰাৱক অভ্যাস।' সুৱগাৰ গুণত টান সোণ উতলে, অভ্যাসৰ গুণত টান কাম সিজে। হাতীৰ মূৰত খৰ মৰা আৰু ডোলৰ ওপৰত নাচন মৰা অভ্যাসত উজু হয়। 'অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ।' [ ৫৪ ] এই এটা নীতিবচন সকলো মানুহৰ ভিতৰত চলিত আছে। এনে বচন মানুহৰ বহুত কালৰ সঞ্চিত জ্ঞানৰ পৰাহে ওলাইছে। বিদ্যা বুদ্ধিৰ বলত কামৰ প্ৰণালী সোনকালে শিকিব পাৰি, কিন্তু অভ্যাস নকৰিলে তাত পাৰ্গতালি নজন্মে। বিনা অভ্যাসে অকল বুদ্ধিৰ পৰা কোনো কৰ্ম্মৰ ফলোদয় নহয়। বুদ্ধি থাকিলে ৰান্ধনৰ প্ৰণালী একে তিলে শিকিব পাৰি, কিন্তু পাকৈত ৰান্ধনি হ'বলৈ অভ্যাসৰ আলম লাগে। চাঁচ বটালি চলাবৰ নিয়ম বৰ উজু, একে নিমিষতে তাক বুজি ল'ব পাৰি কিন্তু পৈণত বাঢ়ৈ, বহুত দিন অভ্যাস কৰিলেহে হয়। বাৰেমতৰাৰ আওভাও বুজিলেই পাঠৰ ক্ষমতা জন্মে, কিন্তু অভ্যাস নকৰিলে কোনোৱে ভাল পাঠক হ'ব নোৱাৰে। চানেকি বুজিলেই ফুলতী হয়, কিন্তু বহুতদিন অভ্যাস কৰিলেহে ভাল শিপিনী হ'ব পাৰে। ফলকথা চুটিকৈ ক'ব লাগিলে, বুদ্ধিয়ে বাট মোকলাই দিয়ে, অভ্যাসে তাক ফট্‌ফটীয়া কৰে। বুদ্ধিত চকু ফুকায়, অভ্যাসত হাত গজে।

 সদায় কৰি থাকিলে কামত অভ্যাস জন্মে, অৰ্থাৎ সেই কামটো অপ্ৰয়াসে কৰিবৰ ক্ষমতা হয়। অভ্যাস জন্মিলে কামত বৰ পুৰুষাৰ্থ নালাগে। অভ্যাস স্বভাৱৰ গুপ্ত নাম, নিতৌ কৰা কাম স্বভাৱত পৰে। ল'ৰাই খোজ লওঁতে বল দিহে ভৰি চলায়, কিন্তু ডাঙৰ হ'লে আপোনা আপুনি খোজৰ পাছত খোজ উঠে, খোজ কাঢ়োঁতাই তাৰ গমেই নাপায়। ছাপা যন্ত্ৰত আখৰ-পাতিবলৈ শিকোঁতে প্ৰত্যেক আখৰক বিচাৰি বিচাৰি আনিব লাগে। কিন্তু অভ্যাস জন্মিলে আখৰটোৰ নাম কোৱা মাত্ৰেই তাত হাত পৰে। বাঁহী বজাবলৈ শিকোতেও কোনটো ফুটাত কেনেকুৱা মাত ওলায় তাক চাই চাই আঙুলি চলাব লাগে, কিন্তু অভ্যাস হৈ পৰিলে সুৰ অনুসৰি আঙুলি আপোনা-আপুনি চলে। এইদৰে আদিতে টান লগা কাম অভ্যাসত ইমান উজু হয় যে তাক কৰোঁতে পাচত মুঠে গুণিবই নালাগে।

 অভ্যাসে সময় খৰচ কমায়। প্ৰথম শিকাৰু কাম এটাত যিমান সময় লাগে অভ্যাস থকা মানুহৰ সিমান নালাগে। ন লিখাৰুৱে যিমান সময়ত এপাত লিখে, পৈণত কাকতীয়ে সিমান সময়ত চাৰি পাত লিখে। ন বাঢ়ৈয়ে এচলা তক্তা চিকোনাওঁতে যিমান সময় লাগিব সেই সময়ৰ ভিতৰত এটা সুচক [ ৫৫ ] বাঢ়ৈয়ে চাৰি চলা চিকোনাই দিব। অভ্যাসৰ গুণত মানুহৰ হাত খৰ হয়, আৰু কাম কৰোঁতে একো গুণা গঁথাও কৰিব নালাগে, সেই দেখি সময় বহুত ৰক্ষা পৰে।

 কোনো কাম অভ্যাস কৰিব লাগিলে তাক আগে ভাগ ভাগকৈ ল'ব লাগে, তাৰ পাচত প্ৰত্যেক ভাগকে বেলেগ অভ্যাস কৰিব লাগে। চিত্ৰত পোন আৰু বেঁকা দুয়ো বিধ আঁক থাকে, সেই দেখি চিত্ৰ আঁকিবলৈ শিকাওঁতে প্ৰথমে পোন আৰু বেঁকা আঁক আঁকিবলৈ শিকায়, পাচে আঁকত অলপ পাৰ্গতালি জন্মিলে নানা ৰকম ক্ষেত্ৰ আঁকিবলৈ শিকায়। আঁক অঁকাত আৰু ক্ষেত্ৰ অঁকাত ভালকৈ অভ্যাস জন্মিলেহে পাচত চিত্ৰ আঁকিবলৈ দিয়ে। শিকাৰুৱে এই নিয়মত নচলিলে আগলৈ সি ভাল খনিকৰ হ'ব নোৱাৰে। যেনে তেনে ৰকমে শিকা খনিকৰৰ চিত্ৰ শুৱনি নহয়। সিহঁতে লিখা চিত্ৰৰ হাত যদি ভাল হয়, ভৰিত এটা খুঁত ওলায়, ভৰি যদি ভাল হয়, চকুত এটা খুঁত ওলায়। প্ৰতিমা সাজোঁতেও শিকাৰুৱে এই নিয়মত চলে। প্ৰথমে সিহঁতে খেৰ বান্ধিবলৈ শিকে, খেৰ বন্ধাত পাৰ্গত হ'লে মাটি লগাবলৈ শিকে। খেৰ বন্ধাত বা মাটি লগোৱাত প্ৰতিমাৰ অবয়ব ল-নি নহ'লে সি দেখিবলৈ ভাল নহয়। এইদৰে প্ৰত্যেক কামৰে অংশবিলাক বেলেগ বেলেগকৈ শিকিলে আৰু অভ্যাস কৰিলে শিকাৰুৱে শেষত কামটো নিখুঁতকৈ কৰিব পৰা হয়।

 শিকিবলৈ আৰম্ভ কৰোঁতেই কাম অভ্যাস কৰা যুগুত নাইবা তাৰ আচল নিয়মটো পাহৰি শিকাৰুৱে নিজৰ মনে গঢ়া অশুদ্ধ নিয়ম মতে কাম কৰিবলৈ বাধ্য হয়। আখৰ লিখিবলৈ শিকোঁতে কোনটো আখৰ কোন ফালৰ পৰা জুৰিব লাগে তাক শিকিবৰ সময়তে সহজ কৰি হাত বহাই লোৱা ভাল। সুৱলা নিয়মত লিখিব নাজানিলে কেৱল যে আখৰ বেয়া হয় এনে নহয়, লিখাৰুৰ হাতো আগলৈ লেহেম হয়। প আখৰ লিখোঁতে কোনোৱে আগে নব নিচিনা এটা চিন কৰি লয়, পাচত পৰ মুখ লগাই দিয়ে, আকৌ খ লিখোঁতেও কোনোৱে আগে থৰ নিচিনা এটা চিন কৰে, পাচত খৰ ঠোঁট লগাই দিয়ে। এনেকুৱা ওভতা প্ৰণালীত কৰিলে কামত গহৰি নহৈ থাকিব নোৱাৰে। [ ৫৬ ]

ছেগ

 সকলো কামৰ এটা সুচল বা ছেগ আছে। সেই ছেগত কৰিলে কাম সুকলমে সিদ্ধ হয়,আৰু তাৰ অনুৰূপ ফল পোৱা যায়। ছেগ উকলি গ'লে কাম নিষ্ফল হয়। বেপাৰত এই কথাৰ ভাল পটন্তৰ দেখা যায়। কেতিয়াবা কোনো এবিধ বস্তুৰ কাটন বৰ বাঢ়ে ,আৰু সেই বাবে বজাৰত তাৰ ভাও উঠে। সেই সময়, সেই বস্তু সৰহকৈ উলিয়াই দিব পাৰিলে সৰহকৈ আয় হয়। যি মানুহে তেনে ছেগ আওহেলা কৰে সি বেপাৰত লাভ কৰিব নোৱাৰে। আচল কথা,কোন বেহানিৰ ভাও কেতিয়া বাঢ়িব তাৰ উহ লৈ ফুৰাই বেপাৰী মানুহৰ এটা ঘাই কাম। সুচল বেপাৰীয়ে সকলো ঠাইত থকা বেহানিৰ বুজ-বাজ লৈ, আৰু বজাৰৰ আওভাও বুজি কোন বেহানিৰ ভাও কেতিয়া চৰিব আৰু কোন বেহানিৰ ভাও কেতিয়া পৰিব তাক ঠাৱৰাব পাৰে। এইদৰে বস্তুৰ ভৱিষ্যতে ভাও ঠাৱৰায় লৈ সিঁহতে সেই সময়লৈ তেনে বস্তু গোটাই ৰাখে আৰু সময়ত তাক বজাৰত উলিয়াই দি বহুত লাভ কৰে।

 বেপাৰৰ বাদে আন কামতো ছেগৰ গুণাগুণ দেখা যায়। ছেগ চাই কৰিলে যি কামত এশ ৰূপ লাগিব ছেগ উকলি যোৱাত কৰিলে তাত চাৰি শ ৰূপ লাগিব। এক সময়ত চাঁওতালৰ পৰা বহুত আকলুৱা মানুহ অসমলৈ আহিছিল। সিহঁত মাটি কটাত বৰ পৈণত আৰু অলপ ধনতেই সন্তোষ হয়। এই ছেগ পাই বহুত অসমীয়া মানুহে নিজ নিজ ঘৰত বৰ বৰ নাদ আৰু বৰ বৰ পুখুৰী খনাই ল'লে। আন সময়ত তেনে নাদ আৰু তেনে পুখুৰী খানোতে যিমান ধন ভগন হ'লহেঁতেন তেতিয়া তাৰ আধাতে সেইবোৰ কাম হৈ উঠিল।

 কিছুমান মানুহে ৰাজঘৰীয়া বিষয় পালে, বিষয় থকা কালটোক ধন গোটাবৰ ছেগ বুলি বিবেচনা কৰে। বিষয় পালে মাগন, এই বচন বহুত দিনৰ পৰা অসমত চলিত আছে। ইয়াৰ পৰা বুজা যায় যে আগৰ অসমীয়া [ ৫৭ ] বিষয়াবিলাকে ধনৰ নিমিত্তে সাধাৰণ ৰায়তৰ ওপৰত অত্যাচাৰ কৰিছিল। সাধাৰণ তৰপৰ মানুহে বিষয়াক সদায় ভয় কৰে, তেনে মানুহে মাগন পেলালে কোনেও নিদি থাকিব নোৱাৰে। কেতিয়াবা ঠেকত পালে পোটক তোলে বুলি ভয়ত ঘৰত ধন নাথাকিলেও আনৰ পৰা ধাৰ ঋণে আনি সিঁহতে বিষয়াক সন্তুষ্ট কৰে। ইয়াক ধন আৰ্জিবৰ ছেগ বুলিব নোৱাৰি। ভয় দেখুৱাই নিৰ্ব্বলীৰ পৰা ধন ল'লে তাক ডকা দিয়া বোলে, আৰু ফান্দত পেলাই ধন ল'লে ঠগ কৰা হয়। বেপাৰৰ অৰিয়া অৰিত বা ঘটনা সূত্ৰত যি সুচল ওলায় তাকেহে আচল ছেগ বোলে।

 ওপৰত কোৱা কথাৰ পৰা বুজা যায় যে মানুহে ইচ্ছা কৰি সুচল আনিব নোৱাৰে, ঘটনাৰ ফেৰত সময় মতে সুচল আপোনা-আপুনি ওলায়। মানুহে বুদ্ধি বিবেচনাৰ বলত সেই সুচল কেতিয়া মিলিব তাকে মাথোন ঠিক কৰিব পাৰে। কিন্তু মাজে সময়ে কৰ্ম্মইও সুচল মিলোৱা দেখা যায়, দীপশলা উলিয়াই দিয়া মাত্ৰেই জগতত তাৰ আদৰ হ'ল আৰু উলিয়াওঁতাৰ ধন ঘটিবৰ ছেগ মিলিল। আগে দীপশলা কেনে বস্তু কোনেও নাজানিছিল, উলিয়াই দিলত সকলোৱে তাৰ মোল বুজি পালে, আৰু ঘৰ নিৰন্তৰে তাক ব্যৱহাৰ চলিল। এতেকে ইয়াত কৰ্ম্মইহে ধন ঘটিবৰ ছেগ মিলালে।

 সুচল বা ছেগৰ পৰিমাণ অনুসৰি সংসাৰত মানুহৰ উদ্‌গতি বা অধোগতি হয়। যি মানুহে জীৱনত সৰহ ছেগ পায় সি সংসাৰত উদ্‌গতি কৰে,যি নাপায় তাৰ অধোগতি হয়। ছেগ পোৱা সম্বন্ধে দুই পক্ষৰ দুই মত শুনা যায়। এক পক্ষৰ পণ্ডিতবিলাকে কয় যে সময়েই মানুহৰ সৌভাগ্যৰ নায়ক অ্ৰৰ্থাৎ সময়হে মানৱ ভাগ্যৰ ভাল বেয়াৰ গৰাকী। সময়ৰ সোঁত পৰি কোন বা আঢ্যৱন্ত হয়, কোন বা দৰিদ্ৰ হয়। সময়ে কাৰো জীৱনত বহুত ছেগ মিলাই দিয়ে,আৰু কাৰো জীৱনত সমুলি নিদিয়ে। এই শ্ৰেণীৰ পণ্ডিত বিলাকক সাধাৰণ কথাত অদৃষ্টবাদী বোলে। তেওঁলোকৰ বিবেচনাত কপালৰ লিখন অনুসাৰে মানুহ সুভগীয়া বা দুৰ্ভগীয়া হয়। বিপৰীত পক্ষৰ পণ্ডিতবিলাকৰ মন ভিন। তেওঁলোকৰ মতে মানুহে নিজৰ সুদিন দুৰ্দ্দিন নিজে গঢ়ি পিটি লয়। এই দুই [ ৫৮ ] মতৰ কোনটো ঠিক অলপ গমি চালেই তাক বুজিব পাৰি। অদৃষ্টবাদীবিলাকৰ মতেও বিনা পুৰুষাৰ্থে কপালত থাকিলেও একো সিদ্ধ নহয়। তেনেহলে কপালক নধৰি অকল পুৰুষাৰ্থক ধৰিলেই হয়। ছেগ চাই পুৰুষাৰ্থ কৰিলে কাম নিশ্চয় সুসিদ্ধ হয়, ই ধুৰূপ কথা।

 সময়ৰ লগত আগুৱাই যোৱা মানুহে তাৰ কৰ্ম্মৰ জোখাৰে ফল পায়, পাচ পৰা বা আগবঢ়াবিলাকে নাপায়। সময়ৰ অনুৰূপ কাম কৰাই উদ্‌গতিৰ ঘাই উপায়। যেতিয়া যি বস্তুৰ আদৰ নাই তাত প্ৰৰিশ্ৰম কৰিলে বজা দুখ কৰা হয়। একৰকমকালি অসমত চকঢাৰিৰ বৰ আদৰ আছিল, তেতিয়া যি সৰহকৈ চকঢাৰি কৰিব পাৰিছিল সি লাভ কৰিছিল। বৰ্ত্তমান কালত মানুহৰ ৰুচি লৰিছে, এতিয়া আগৰ দৰে চকঢাৰিৰ চল নাই। যদি কোনোৱে আজি কালি চকঢাৰি ববলৈ শিকে আৰু তাৰ বেপাৰ কৰে, তেনেহলে তাৰ ভাত মিলাই টান হ'ব। এনেকুৱা মানুহক সময়ৰ পাচ পৰা বুলিব পাৰি। এইদৰে যদি আজিকালি কোনোৱে উলৰ ফুল বা পাখিৰ টুপি ববলৈ শিকে,আৰু অসমত তাৰ বেপাৰ পাতে তেনেহলে তাৰো শ্ৰম বজা হ'ব ,কিয়নো অসমত আজিলৈকে সেইবোৰ বস্তুৰ চল হোৱা নাই। এতেকে উলৰ ফুল বা পাখিৰ টুপি কৰা মানুহক এতিয়া সময়ৰ আগ বঢ়া বুলি লাগিব। এক সময়ত ইংলণ্ডৰ এজন পণ্ডিতে এখন পুথি লিখিছিল। সেই পুথি যেতিয়া প্ৰকাশিত হ'ল, তেতিয়া মানুহে তাৰ মোল বুজিব নোৱাৰিলে, গতিকে দেশত পুথিৰ আদৰ নহ'ল, আৰু লিখকেও তেওঁৰ শ্ৰমৰ বেচ নাপালে। পাচে এশমান বছৰ হৈ গ'লত, মানুহে পুথিখনৰ মোল বুজিলে,তেতিয়া তাৰ আদৰ বাঢ়িল,আৰু হাজাৰে হাজাৰে পুথি বেচা গ'ল। এই লিখক জন সময়ৰ আগবাঢ়িছিল, সেইবাবে তেঁও পুথি লিখি নিজৰ জীৱনত একো উদ্‌গতি সাধিব নোৱাৰিলে।

[ ৫৯ ]

হামাহি

 কালিলৈ কৰিম এইকথা বহুত অনৰ্থক মূল। নকৰো বুলি বহি থকা এক কথা আৰু পাচত কৰিম বুলি কাম সাঁচি থৈ দিয়া এক কথা। প্ৰথমটো এটা সমস্যাৰ সিদ্ধান্ত, তাৰ পৰা এটা বিষয়ৰ ওচৰলৈ অহা হয়, আন এটা বিষয়ত হাত দিবলৈ আজৰি পোৱা যায়। দ্বিতীয়টো ঢুলনিৰ ডোল, তাৰ অহা যোৱাৰ ওৰ খয় নাই। কালিলৈ কৰিম বোলা মানুহে নিতৌ কামত ধৰে আৰু নিতৌ কালিলৈ থয়। তাৰ মনটো এবাৰ আগুৱায়, এবাৰ পাচুৱায়, এবাৰ কামৰ ওচৰ চাপে, এবাৰ কাম দেখি কোঁচ খাই আহে। এইদৰে ঢুলনি খেলাঁওতেই তাৰ দিন যায়, কাম কৰা নহয়। কৰিব লগীয়া কাম নকৰিলে মানুহৰ মনত এটা খুদুৱনি লাগে সেই খুদুৱনি গুচাবলৈ কিছুমানে পাচে কৰিম, কালিলৈ কৰিম এই বুলি মনক বোধাই থয়। দীৰ্ঘসূত্ৰতা এলাহৰ ফল, মনত এলাহ ৰাখি তাক ঢাকিবলৈ দীৰ্ঘসূত্ৰীয়ে মুখেৰে নানা আসোঁৱাহ দেখুৱায়; কোনো এবিধ সম্ভাৰৰ নাটনি দীৰ্ঘসূত্ৰীৰ সাধাৰণ ওজৰ, এই ওজৰৰ ঘৰ নাথাকিলে গা বেয়া মন বেয়া লাগিছে বুলি কাম নকৰে। কিন্তু খৰচীয়া মাৰি ওজৰবোৰ বিচাৰি নিলে গুৰিত গৈ এলাহহে পোৱা যায়। এইদৰে মিছায় সঁচায় ওজৰ উলিয়াই হাতত লোৱা কাম পাচুৱাই নিলে সেই কামটোতো নহয়েই তদুপৰি কামটো কৰিম বুলি ৰাখি থোৱা বাবে আন কামতো হাত দিব নোৱাৰি।

 সময়ৰ মূল্য নুবুজা মানুহ দীৰ্ঘসূত্ৰী হয়। এক মূহুৰ্তকৰ ভিতৰত সংসাৰ লয়খয় হ'ব পাৰে, এই কথাৰ বোধ যাৰ আছে সি কেতিয়াও ভৱিষ্যৎ নিধিয়ায়, কেতিয়াও কালিলৈ কৰিব বুলি কাম থৈ নিদিয়ে। আলচা কৰ্ম্ম নহয় সিদ্ধি, বাটত আছে কমা বিধি, এই বচন মানুহ নিৰন্তৰে গায়, আৰু ইবাৰ অৰ্থও সকলোৱে বুজে তেও যে কিছুমান মানুহে আলচা কাম পাচলৈ সাঁচি থয়, ই বৰ আচৰিত কথা। ইয়াৰ কাৰণ অৱশ্যে এলাহ। এলাহৰ দণ্ডিত মানুহে কৰিব লগীয়া কাম সুচল পাইও নকৰি আগলৈ থৈ দিয়ে। কিন্তু সকলো কামত [ ৬০ ] এলাহে বাধা দিব নোৱাৰে। যি কাম নকৰিলে গা নৰয় তাত মানুহে এলাহ নকৰে। নামাগিলে মগনীয়াৰ গা নৰয়, সেই দেখি মাগনত মগনীয়াৰ এলাহ নাই। ই অৱশ্যে অন্নজলৰ কথা, উদ্‌গতিৰ কথাতো তেনেকুৱা নাটনি বোধ হ'লে হামাহিৰ বা দীৰ্ঘসূত্ৰতাৰ মূৰ মৰে। দীৰ্ঘসূত্ৰীৰ মনত সদায় অশান্তি, হাতত লোৱা কাম নকৰা বাবে তাৰ মনত সদায় উগুল থুগুল লাগি থাকে। দীৰ্ঘসূত্ৰতা সঞ্চিত ব্যাধিৰ নিচিনা, দিনে নিশায় সি মানুহক দুখ দিয়ে, এতেকে কৰিবলগীয়া কাম ততালিকে কৰি তাৰ হাতৰ পৰা মুক্ত হোৱা শ্ৰেয়স।

 দীৰ্ঘসূত্ৰীয়ে তাৰ কামৰ জোখাৰে ফল নাপায়। যি কামটো আগলৈ কৰিম বুলি আলচি থাকোঁতেই আন এজনে তাক কৰি উলিয়ায় আৰু তাৰ বাবে ধন যশস্যা যি পাব লাগে সি পায়। সংসাৰত আগত যোৱাই ডাঙৰ ভাগ পায়। যেনে কি কাম নহওক সবাতকৈ আগে কৰিব পাৰিলে, সৰহ লাভ কৰিব পাৰি। লোৱৰ কাপ ওলাবৰ আগে দুইজন মানুহে কথাটো আলচি আছিল। এজন দীৰ্ঘসূত্ৰী; সি আঁলচোঁতে থাকিল, আন এজনে কাপ উলিয়াই দি অচিৰে আঢ্যৱন্ত হ'ল। কৰ্ম্ম ক্ষেত্ৰত অৰিয়া-অৰি বৰ ডাঙৰ, তাত আগবাঢ়িব নোৱাৰিলে উদ্‌গতি নহয়। নতুন কামত যেনে, পুৰণি প্ৰচলিত কামটো তেনে পটন্তৰ। দীৰ্ঘসূত্ৰীয়ে ছেগাচোৰোকাকৈ কৰি বহুত দিনৰ মূৰত এটা কাম শেষ কৰে। আনে সেই সময়ৰ ভিতৰত কেইবাটাও কৰি অঁতায় আৰু সেই পৰিমাণে ফল লাভ কৰে।

 দীৰ্ঘসূত্ৰীয়ে কালৰ ছেগ হেৰুৱায়। হাঁয়। আগে নকৰিলোঁ কিয়? এই অনুতাপ বচন সকলো দীৰ্ঘসূত্ৰীৰ মুখত শুনা যায়। এনে অনুতাপ যেন কৰিব লগীয়া নহয়, তাৰ কাৰবাৰ সকলোৱে কৰা যুগুত। এলাহ এৰি ছেগ মতে কাম কৰিলে তেনে হুমুনিয়াহৰ কাৰণ নাথাকে। ছেগ পৰিবৰ আগন্তুক দেখিলে তালৈ কাম সাঁচি থোৱা বেয়া নহয়, তাক দীৰ্ঘসূত্ৰতা বুলিব নোৱাৰি। ছেগলৈ কাম সাঁচি থোৱা এক কথা আৰু এলাহত পেলাই থোৱা এক কথা প্ৰথমটোৱে মানুহৰ চতুৰালিৰ চিনাকি দিয়ে, দ্বিতীয়টোৱে সৰপালিৰ চিনাকি দিয়ে।

 দীৰ্ঘসূত্ৰীয়ে কামত সময়ৰ নিয়ম ৰাখিব নোৱাৰে। সি এটা কামৰ [ ৬১ ] এভাগ কৰি বাকি ভাগ পেলাই থয়, পাচে যেতিয়া আকৌ ধৰে, তেতিয়া দেখে যে কৰি থোৱা ভাগো বেয়া হৈ আছে। ফলত এবাৰৰ কাম দুবাৰ কৰিব লগীয়া হয়। দীৰ্ঘসূত্ৰীয়ে ঘৰ সাজিবলৈ সজুলি গোটাই থয়, পাচে সাজিম বুলি আলচি থাকোঁতে ঘুণে বা ৰদে বৰষুণে তাক আধানাৰ্জ্জি কৰে। কোনোৱে খুটা চতি থিয় কৰি বাকী কাম আলচি থাকোঁতেই খুটা চতি নষ্ট হৈ যায়।

 দীৰ্ঘকাল জীয়াই থাকিলে মানুহক দীৰ্ঘজীবী বোলে, কিন্তু দৰাচলতে তেনে মানুহক দীৰ্ঘজীবী নুবুলি, যি সংসাৰত সৰহ কাম কৰে তাৰেহে দীৰ্ঘজীবী বোলা উচিত। সময় জীৱনৰ জোখ নহয়, জীৱনৰ আচল জোখ কাম, এশ বছৰৰ কাম যদি কোনোৱে কুৰি বছৰত কৰি থৈ মৰে, তেনেহ'লে তাক এশ বছৰ জীয়াই থকা বুলি ধৰিব পাৰি। কিন্তু এশ বছৰ জীয়াই থাকিলেও দীৰ্ঘসূত্ৰীক দীৰ্ঘজীবী বুলিব নোৱাৰি, কিয়নো সি এশ বছৰেও কুৰি বছৰৰ কাম কৰিব নোৱাৰে কামে জীৱন সাম্ফল কৰে। যি কাম নকৰে সি জীয়াই থকা নথকা সমান কথা।

---------------------

প্ৰতিজ্ঞা

 মূল্য অনুসৰি কাম উজু বা টান হয়, অৰ্থাৎ অলপ মূল্যৰ কাম উজু, আৰু সৰহ মূল্যৰ কাম টান। অলপ মূল্যৰ কাম হেলাৰঙ্গে কৰিব পাৰি, সৰহ মূল্যৰ কামত বহুত যত্ন আৰু শ্ৰম লাগে। কিন্তু যত্ন আৰু শ্ৰম দুয়ো কষ্টদায়ক, সেই দেখি বিদ্যা বুদ্ধি থকা মানুহেও কষ্টৰ ভয়ত সৰহ মূল্যৰ কামত হাত দিবলৈ মান্তি নহয়। কষ্টৰ ভয় মনৰ পৰা গুচাব নোৱাৰিলে সংসাৰত উদ্‌গতি কৰিব নোৱাৰি, এতেকে সংসাৰ যাত্ৰীয়ে ইয়াক গুচাবলৈ চেষ্টা কৰা উচিত। প্ৰতিজ্ঞা এই ভয়ৰ পৰম ঔষধ। প্ৰতিজ্ঞা কৰি কামত লাগিলে শ্ৰমৰ ভয় কেনিবা যায়। আনৰ লগত আৰি মাৰি মানুহে টান কাম সহজে কৰে, আৰিত জিকিবলৈ একাণপতিয়াকৈ লাগে, দুখ কষ্টলৈ সি একেবাৰে আওকণীয়া হয়। আৰিত [ ৬২ ] প্ৰতিজ্ঞা আছে, সেই প্ৰতিজ্ঞাৰ আগত শ্ৰমৰ ভয় খন্তেকো তিষ্ঠিব নোৱাৰে। এইদৰে আৰি মাৰি, অৰ্থাৎ প্ৰতিজ্ঞা কৰি কামত নালাগিলে ডাঙৰ কাম সিদ্ধ নহয়। জীউ উছৰ্গি কাম কৰিবা, তেহে তাৰ ফল লভিবা, এই বচন দৃঢ় প্ৰতিজ্ঞাৰ পটন্তৰ।

 সিদ্ধি নহ'লে কাম এৰি দিয়া চঞ্চল মানুহৰ ৰীতি। চঞ্চল মানুহে কৰিম বুলি কাম এটা হাতত লয় আৰু জয়জয়তে তাক বৰ উদ্যোগেৰে কৰে, পাচে যদি সেই উদ্যোগত কামটো সিদ্ধ নহ'ল, তেনেহ'লে এৰি পেলায়, দুনাই আৰু সেই কামত হাত নিদিয়ে। ঘনেপতি চেষ্টা কৰা প্ৰতিজ্ঞাত বন্দী হোৱা মানুহৰহে ৰীতি। প্ৰতিজ্ঞা কৰি ধৰা মানুহে আধৰুৱাকৈ কাম এৰিব নোৱাৰে, সিহঁতে এবাৰত নহয় দুবাৰ, দুবাৰত নহয় তিনিবাৰ কৰিও কাম শেষ কৰে। আৰম্ভ কৰা কাম এবাৰত নিসিজিলে পুনৰায় চেষ্টা কৰাকে অধ্যৱসায় বোলে। অধ্যৱসায় মনত লুকাই থকা প্ৰতিজ্ঞাৰ ফল, মনত প্ৰতিজ্ঞা থাকিলে কামত অধ্যৱসায় জন্মে।

 এবাৰত নোৱাৰা কাম অসাধ্য বুলি ভবা উচিত নহয়। যি বুদ্ধি প্ৰথম চেষ্টাত নোলায়, সেই বুদ্ধি দ্বিতীয় বা তৃতীয় চেষ্টাত ওলাব পাৰে। পৃথিৱীৰ ডাঙৰ কাম কোনোটোৱেই এক বা দুই উদ্যোগত হোৱা নাই, বহু বাৰ চেষ্টা কৰাতহে সিদ্ধ হৈছে। এবাৰ নোৱাৰি আকৌ ধৰিলে, সেইবাৰ কামটো অন্য বুদ্ধিৰে কৰিবলৈ চেষ্টা হয়। এইদৰে বাৰে বাৰে ন বুদ্ধি বিচাৰোতে এবাৰ আচল বুদ্ধি ওলাব পাৰে, আৰু কামটোও সেই বাৰ সিদ্ধ হয়। প্ৰতিজ্ঞাৰ উজ্জ্বল পটন্তৰ অমাত জন্তুৰ ভিতৰত সততে দেখিবলৈ পোৱা যায়। বাহ সজাত চৰাইয়ে, বা জাল পতাত মকৰাই এশ বাৰ নোৱাৰিলেও চেষ্টা নেৰে। চৰাইৰ আধৰুৱা বাহ ভাঙ্গি দিলে আকৌ সাজি লয় শ বাৰ ভাঙ্গিলেও শ বাৰ সাজে। অমাত জন্তুৰ প্ৰতিজ্ঞা সম্বন্ধে এটি সৰু আখ্যান আছে। কোনো এক সময়ত এখন দেশক আন এখন দেশৰ ৰজাই আক্ৰমণ কৰে। ইখন দেশৰ ৰজাই দুই তিনি বাৰ যুঁজ দিও শত্ৰু পক্ষক দেশৰ পৰা খেদিব নোৱাৰিলে। অৱশেষত তেওঁ বিবুদ্ধি হৈ শোৱনী ঘৰৰ পাটীত পৰি ওপৰলৈ চাই গুণা গঁথা কৰি আছে, এনেতে দেখিলে যে এটা মকৰাই ঘৰৰ মুধত জাল পাতিব [ ৬৩ ] লাগিছে। সি প্ৰথম সূতা গছ এমূৰে এটা চতিত লগাই লৈ সিটো মূৰ আন এটা চতিত লগাবলৈ চেষ্টা কৰিছে, এবাৰ লগাই আহিল, এৰি পৰিল, আকৌ গৈ লগাই দিলে আকৌ এৰি পৰিল। এইদৰে ছয় সাত বাৰ মকৰাটোৱে সূতা গছ পাতিবলৈ চেষ্টা কৰি পাতিব পৰা নাই, কিন্তু চেষ্টাও এৰি দিয়া নাই, যিমান বাৰ এৰি পৰিছে সিমান বাৰ গৈ লগাই দিছে। পাচে বহুত বাৰ পুৰুষাৰ্থ কৰাত এবাৰ সূতা গছ লাগি পৰিল, আৰু মকৰাটোৱে সেই সূতা গছক আশ্ৰয় কৰি জাল সাজিবলৈ ধৰিলে। এই কথা দেখি ৰজাই চিন্তা ভাবনা ঠেলি থৈ, সেনা সামন্ত লগত লৈ আকৌ যুজলৈ ওলাল, সেইবাৰ তেওঁ বৰ বিক্ৰমেৰে যুজ দি শত্ৰু পক্ষক হেৰুৱাই নিজৰ ৰাজ্য ৰক্ষা কৰিলে। এতিয়া চোৱা, মকৰাৰ পটন্তৰৰ পৰা ৰজাজনৰ কিমানখিনি উপকাৰ হ'ল। জাল সাজি বাস কৰা মকৰাৰ স্বাভাৱিক ধৰ্ম্ম কোনো উপায়েৰে জাল সাজিবই লাগিব, এই তাৰ অন্তৰৰ বোধ গতিকে সেই কামত তাৰ স্বাভাৱিক প্ৰতিজ্ঞা আছে। মকৰাৰ এনেকুৱা প্ৰতিজ্ঞা দেখি ৰজাৰ মনত মনত প্ৰতিজ্ঞা জন্মিল, আৰু সেই প্ৰতিজ্ঞাৰ উৎকট বলেৰে তেওঁ শত্ৰুৰ লগত ৰণ কৰি জয় লাভ কৰিলে। সকলো কামতে এনেকুৱা প্ৰতিজ্ঞা থাকিলে সিদ্ধি লাভৰ সন্দেহ নাথাকে।

---------------------

কৰ্ত্তব্য জ্ঞান

 কামত আভূৱা ভাৰি গা এৰাব খোজা বহুত মানুহৰ স্বভাৱ। এই বিলাক মানুহে ভাবে যে কথমপি এপাহ মাৰি কাম দেখুৱাব পাৰিলেই হয়, তাত পাৰ্গতালি দেখুৱাবৰ সকাম নাই, এনে বিবেচনা বহুত মানুহৰ অধোগতিৰ কাৰণ হয়। যি এনে ভাব মনত লৈ কামত ধৰে, তাৰ কাম কেতিয়াও ভাল নহয়। ধন লৈ লোকৰ কাম কৰা মানুহৰ ভিতৰত এনেকুৱা ভাব বৰকৈ দেখা যায়। ই এটা ছলাহি ভাব। ইয়াৰ দুটা কাৰণ হ'ব পাৰে। কোনোৱে নিজৰ [ ৬৪ ] গাত দুখ নিদিয়াকৈ ধন ঘটিব খোজে, কোনোৱে অল্প সময়ৰ ভিতৰত সৰহ কাম দেখুৱাই সৰহকৈ ধন ঘটিব খোজে, কিন্তু সিহঁতৰ এটা অভিপ্ৰায়ো সিদ্ধ নহয়। যি গাত দুখ নিদিয়াকৈ কাম কৰিব খোজে সি ভবা উচিত যে ভালকৈ কাম কৰিলেও সেই দুখ হয়। বগলীৰ পাখি যেন নিকা কৰি কাপোৰ ধোওঁতে ধোবাৰ যিমান দুখ হয়, মলি ৰাখি ধুলেও সিমান দুখেই হয়। শকত মেজ এখন কৰোঁতে বাঢ়ৈৰ যিমান দুখ হয়, হেলেক্‌লেকীয় এখন কৰোঁতেও সিমানেই দুখ হয়। তেনেহলে ধোবা আৰু বাঢ়ৈৰ দুখ ক'ত কমিল? সেইদৰে যি অলপ সময়ৰ ভিতৰতে সৰহ কাম কৰি সৰহ ধন ল'বৰ মনেৰে আভুৱা ভাঁৰি কাম কৰে, তাৰ বুদ্ধি বিপৰ্য্যয়ৰ। সিও ভাবি চোৱা উচিত যে ভাল কামৰ মূল্য সৰহ, এপাহ মৰা কামত কোনেও সৰহ ধন নাভাঙ্গে। এপাহ মাৰি থোৱা কুৰিটা কামৰ বেচ ভালকৈ কৰা দুটা কামতেই পোৱা যায়। মুঠতে ক'ব লাগিলে, এপাহ মাৰি কাম কৰিলে কোনো সুফল নফলে, কিন্তু কুফল হ'লে নিশ্চয় ফলে। যিবিলাক মানুহে লোকৰ ঘৰত চাকৰ খাটি জীৱিকা চলায়, সিহঁতে যদি এপাহ মাৰি কাম কৰে, তেনেহলে অচিৰে সিহঁতৰ চাকৰী যায়। এনেকুৱা মানুহে অৱশেষত চাকৰী বিচাৰি নাপায়, বা পালেও অানৰ সমান ধন ঘটিব নোৱাৰে। গৃহস্থালিৰ কাম কৰা চাকৰৰ যি পটন্তৰ, ৰাজঘৰীয়া ডাঙৰ বিষয়াৰো সেই পটন্তৰ; আভুৱা ভঁৰা কুৰ্ব্বুধিত চলিলে সিহঁতৰ অধোগতি হয়। সদায় আভুৱা ভাঁৰি কাম কৰিলে পদত উধাওক চাৰি হাতৰ পদ ৰাখিবলৈ টান হয়। এইবোৰ অপকাৰৰ বাজেও আভুৱা ভঁৰা দোষৰ আৰু অপকাৰ আছে। লোকৰ কাম আভুৱা ভাঁৰি কৰোতে সেই দোষ অনুক্ৰমে স্বভাৱত খাৰি বান্ধে অৰ্থা তেনে মানুহে পাচত নিজৰ কামো ভালকৈ কৰিব নোৱাৰা হয়। এতেকে নিজৰেই হওক বা লোকৰেই হওঁক কাম সততে ভালকৈ কৰা যুগুত। কৰ্তব্যবোধ থকা মানুহে কামত কেতিয়াও আপোন পৰ নিবিচাৰে, লোকৰ কামকো নিজৰ যেন ভাবি ভালকৈ কৰে। সিহঁতে এটা কাম কৰিম বুলি গাত ল'লেই এটা জগৰ লগোৱা যেন পায়, আৰু যেনে তেনে প্ৰকাৰে কামটো কৰিলেই তাৰ আপদাৰ [ ৬৫ ] এৰাল বুলি নাভাবে। এই শ্ৰেণীৰ মানুহবিলাক সকলোৰেই মৰম আৰু বিশ্বাসৰ পাত্ৰ হয় আৰু সৰহ বিদ্যা বুদ্ধিৰ গৰাকী নহ'লেও সংসাৰত উদ্‌গতি কৰিব পাৰে।

 আগৰ কালত যি বিলাক মানুহে সংসাৰত উদ্‌গতি সাধন কৰি কীৰ্তি থৈ গৈছে তেওঁলোকে সকলোৱেই কৰ্ত্তব্য জ্ঞানত চহকী আছিল, তেওঁলোকে কৰ্ত্তব্য সাধনৰ নিমিত্তে প্ৰাণকো উৰ্চগা কৰিব পাৰিছিল। বৰ্তমান কালতো কৰ্ত্তব্য কামৰ তুলনাত প্ৰাণক তুচ্ছ দেখা মানুহ বহুত আছে। প্ৰত্যেক ডাঙৰ কামত এনেকুৱা এজন মানুহ নায়ক ন‍হ'লে কাম কেতিয়াও সুসিদ্ধ নহয়। এজনৰ কৰ্তব্যবোধৰ গুণত সহস্ৰ মানুহৰ প্ৰাণ ৰক্ষা পৰা, এজনৰ কৰ্তব্যবোধৰ গুণত অসাধ্যসাধন হোৱা, এজনৰ কৰ্তব্যবোধৰ গুণত অসাধ্য কাম সাধন হোৱা বুৰঞ্জীত বহুত পোৱা যায়। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত এবাৰ বিদ্ৰোহী চিপাহী বিলাকৰ কলাই খাৰৰ নাটনি হৈছিল। সেই সময়ত কাউনপুৰ অঞ্চলত এটা ইংৰাজ গভৰ্ণমেন্টৰ খাৰ ভঁৰাল আছিল, ভঁৰাল কলাই খাৰৰে ভৰপূৰ। বিদ্ৰোহী চিপাহীবিলাকে সেই ভঁৰালৰ ৰখীয়া বিষয়াজনক বুহুমূলীয়া ভেটিও যাচিছিল, কিন্তু ৰখীয়া বিদ্ৰোহীৰ চহনিত ভোল নহ'ল, তেওঁ ভঁৰালটো কোনোমতেই এৰি নিদিলে। অৱশেষত আন উপায় নেদেখি চিপাহীবিলাকে ভঁৰাল লবলৈ যুঁজ পাতিলে। ৰখীয়া বিষয়াজনৰ লগত ৰণুৱা অলপ মাথোন আছিল, বিদ্ৰোহীৰ চিপাহীৰ সংখ্যা সৰহ, গতিকে তেওঁ চিপাহীৰ ৰণত জিকিব নোৱাৰিলে। পাচত তেওঁ দেখিলে যে ভঁৰাল ৰাখিবৰ আৰু উপায় নাই, সি নিশ্চয় বিদ্ৰোহীৰ হাতত পৰিব, সেই দেখি তেওঁ তাক পুৰি পেলোৱা উচিত বিবেচনা কৰিলে। কিন্তু ভঁৰালত জুই দিলে তেওঁৰ প্ৰাণ ৰক্ষা নপৰে, তাৰ লগতে পুৰি মৰিব লাগিব। এইটো বৰ টান কথা, কিন্তু বিষয়া জনে ইয়াক টান যেন নাভাবিলে, তেওঁ নিৰ্ভয়ে গৈ ভঁৰালত জুই লগাই দিলে। খাৰৰ ভঁৰাল জুইৰ গোন্ধ পোৱা মাত্ৰই ভয়ঙ্কৰ শব্দ কৰি ছাৰখাৰ হ'ল, আৰু বিষয়াজনেও তাৰ লগতে প্ৰাণ এৰিলে। এইদৰে ভঁৰাল নষ্ট নকৰাহেঁতেন তাৰ বলত বিদ্ৰোহীবিলাকে দেশত আৰু বহুত উপদ্ৰব কৰিলেহেঁতেন। বিষয়াজনৰ কৰ্ম্মৰ গুণত ইমান এটা ভয়ঙ্কৰ বিপদ নিবাৰণ হ'ল। এই বিষয়া জনৰ কৰ্ত্তব্যবোধ [ ৬৬ ] শলাগিব লগীয়া। যেতিয়া যুঁজত হাৰিল, তেতিয়া তেওঁ ভাঁৰল এৰি দি প্ৰাণ লৈ গুচি যাব পাৰিলেহেঁতেন, তাৰ পৰা তেওঁৰ কোনো অখ্যাতি বা অপৰাধ নহ'লহেঁতেন, তথাপি যে তেওঁ জুইত জাহ দিলে, ই কেৱল তীক্ষ্ণ কৰ্ত্তব্যবোধৰ গুণ। চীন জাপানৰ ভিতৰত যি যুঁজ হৈ গৈছে, তাতো কৰ্ত্তব্যবোধৰ পটন্তৰ বহুত পোৱা যায়। এখন সমুদ্ৰ-যুঁজত এজন জাপানী চিপাহীয়ে জাহাজত থকা খাৰ ভঁৰালৰ ৰখীয়াৰ বাব পাইছিল। এদিন যেতিয়া দুই পক্ষৰ ভিতৰত তয়াময়া যুঁজ, তেতিয়া পানীৰ সোঁতৰ কাৰণেই হওক বা আন কোনো কাৰণতেই হওক খাৰ থকা জাহাজখন ঘুৰিলে আৰু খাৰ ভঁৰালটো শত্ৰু পক্ষৰ ফালে পৰিল। এই সুচল পাই সেই সেনাবিলাকে তাৰ ওপৰত ধাৰাসাৰে গুলি বৰষিবলৈ ধৰিলে। ৰখীয়াজনে দেখিলে যে খাৰত গুলি পৰিলে জুই লাগি প্ৰমাদ মিলিব, সেই দেখি ভঁৰাল ঢাকিবলৈ সি দুৱাৰ মুখত থিয় হ'ল, খেহৰ গুলি তাৰ গাত পৰিব ধৰিলে কিন্তু খাৰ ঢুকি নাপালেগৈ, যদিও দুই এট তাৰ গা সৰকি গৈ খাৰত পৰিছিল, বাটত জুৰাই যোৱাত খাৰত জুই নালাগিল। সেইদিনৰ যুঁজ শেষ হ'লত জাপানী সেনা সকলোৱে নিজ নিজ ঠাইত জিৰণি ল'বলৈ গ'ল, কিন্তু খাৰ ৰখীয়াজন ভঁৰালৰ দুৱাৰতে থিয় হৈ থাকিল। ইয়াৰ কাৰণ বুজিব নোৱাৰি জনচেৰেক মানুহ চাবলৈ গ'ল, গৈ দেখিলে যে তাৰ জীৱ নাই, মৰিছে, আৰু শটো ঠেৰেঙ্গা মাৰি থিয় হৈ আছে, তাৰ গাতে একুৰী আঠোটা গুলিৰ ফুটাও আছে। এইটো কৰ্ত্তব্যবোধৰ এটা উগ্ৰ দৃষ্টান্ত। এইবোৰৰ বাদে আজি কালিৰ দিনত জাহাজ চলাওঁতা আৰু ৰেইল গাড়ী চলাওঁতা বিষয়াবিলাকে নিজৰ প্ৰাণ দি যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা মাজে সময়ে শুনা যায়। এনেকুৱা অটল কৰ্ত্তব্য জ্ঞান থাকিলে কৰ্ম্ম সিদ্ধি নহৈ থাকিব নোৱাৰে। কৰ্ত্তব্য জ্ঞানে কৰ্ম্মলৈ উৎসাহ আৰু প্ৰতিজ্ঞা জন্মায়।

------------------------
[ ৬৭ ]

ধনৰ ব্যৱহাৰ

 ধনৰ সকাম আৰু উপাৰ্জ্জনৰ বিষয়ে আগত আলোচনা কৰা হৈছে, কিন্তু তাৰ ব্যৱহাৰৰ বিষয়ে কোনো কথা কোৱা হোৱা নাই। ধন উচিত ৰূপে ব্যৱহাৰ কৰিব নাজানিলে তাৰ সুফল ফলাব নোৱাৰি। পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে। এইবিলাক মানুহক সাধাৰণ কথাত কৰাইচ, কট্‌কিনা বা কৃপণ বোলে। কৃপণক নিধনী বুলিলে অযুগুত নহয়। চকুৰে দৰ্শন আৰু ভৰিৰে বুলন কাম নকৰিলে তেনে মানুহৰ তেনে মানুহৰ সেই দুই চভিয়া নাই বুলি ধৰিব পাৰি। সেইদৰে যি মানুহে ধন থাকোতে ধনৰ কাৰ্য্য নকৰে তাক নিধনী বুলিলে যুক্তিৰ দোষ নহয়। আচল মতে কৃপণৰ ধন, ধন নহয়, লৰাই ওমলা খোলাকটি।

 ধনৰ দুইৰকম ব্যৱহাৰ হ'ব পাৰে, প্ৰথম ধনেৰে সুখ সম্পদৰ আহিলা পাতি গোটাই ল'ব পাৰি। ভোজনৰ ভাল বস্তু, পিন্ধনৰ ভাল কাপোৰ, বাসৰ ভাল ঘৰ আৰু হাতী, ঘোঁৰা, গাড়ী, দোলা, বান্দী, বেটী আদি কৰি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ'লে গোটাই আনি উপভোগ কৰিব পাৰি। দ্বিতীয়, ধনৰে আনৰ উপকাৰ সাধিব পাৰি; ভাত নোহোৱাৰ ভাত, কাপোৰ নোহোৱাৰ কাপোৰ ধনৰে যতোৱা যায়, মানুহ বিপদত পৰিলে ধনেৰে উদ্ধাৰ কৰিব পাৰি, আৰু বিদ্যালয়, চিকিৎসালয় আদি থাপন কৰি সৰ্ব্বসাধাৰণৰ উপকাৰ কৰিব পাৰি। কৃপণৰ ধন এই কাৰ্য্যবোৰৰ কোনোটোত নালাগে। ভোগৰ নিমিত্তে ধন, এই কথা কৃপণে নুবুজে। লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্ত্তোৱা, এই দুইত বাজে আন কামত ধন ভঙ্গা কৃপণক ধৰ্ম নহয়। তাৰ বিবেচনাত উত্তম ভোজন খঁক, উত্তম পিন্ধন গপ, আৰু দান-দক্ষিণা ধনৰ অপব্যয় মাথোন। লোকৰ উপকাৰৰ অৰ্থে ধন খৰচ কৰিলে সি অত্যাচাৰ কৰা যেন বোধ কৰে। উৎসৱত ধন ভাঙ্গিলে তাৰ বিবেচনাত উদ্ভণ্ডালি কৰা বা ওভতগোৰে নচা হয়। ল'ৰা-তিৰোতা কৃপণৰ মানত ধনতকৈ হীন। সি নিজে যেনে খৰচৰ ভয়ত ধন বান্ধি থৈ দুখ ভোগ কৰে তাৰ ল'ৰা-ছোৱালীকো সেইদৰে খাৱন পিন্ধনত দুখ [ ৬৮ ] দিয়ে। নীতিবচন আছে যে কৃপণক উপাসা কৰাৰ নিচিনা আৰু দুখ নাই যি কৃপণৰ ভাতলৈ আশা কৰে, তাৰ জীৱন কুকুৰ জীৱন।

 কৃপণৰ বিবেচনাত ধনৰ মূল্য সৰহ, কামৰ মূল্য অলপ, গতিকে সি সৰহ কামত অলপ ধন যাচে বা মুঠে নিদিবলৈ ফাঁকটি কৰে। আন মানুহে ধন খৰচ কৰিলেও কৃপণে সহিব নোৱাৰে। কোনো মানুহে ডাঙ্গৰ সকাম পাতি সৰহকৈ ধন ভাঙ্গিবলৈ ওলালে, সি তাত বিধি পথালি কৰে আৰু অনেক আসোঁৱাহ দেখুৱায়। এইবিলাক উপায়েৰে কামত বাধা দিব নোৱাৰিলে, এটা মিছা কথা উলিয়াই তাৰ কুচ্ছা ৰটনা কৰে। এই শ্ৰেণী কৃপণৰ সজ অসজ দুয়ো বিধ বৃত্তিৰ বল কমি যায়, কিয়নো অলপ অচৰপ ধন খৰচ নকৰিলে সজ অসজ কোনো বৃত্তিকে চৰিতাৰ্থ কৰিব নোৱাৰি। দয়া বৃত্তি ফলাব লাগিলেও অলপ ধন লাগে, আৰু অহঙ্কাৰ বা লোভ ফলাব লাগিলেও অলপ ধন লাগে।

 কৃপণ আৰু এক শ্ৰেণীৰ আছে। সিহঁতৰ সজ বৃত্তিবোৰৰ তেজ কমি গ'লেও অসজ বৃত্তিবোৰ প্ৰবল থাকে, আৰু সেই অসজ বৃত্তিবোৰ সিহঁতে আনৰ খৰচত সন্তুষ্ট কৰিবলৈ সদায় যত্ন কৰে। ভাল বস্তু খাবলৈ সিহঁত বৰ অভিলাষ কিন্তু নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত সিহঁতৰ সদায় শাক ভাতৰ ব্যৱস্থা, কিন্তু লোকৰ ঘৰত উপাদেয় বস্তু নহ'লে ভোজন নকৰে, নিজৰ ঘৰত সদায় এখন আঞ্জা, লোকৰ ঘৰত পাঁচ খন বিচাৰে, নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাট যায়। লোকৰ কামত বাহন নহ'লে এখোজো নলৰে। মুঠ কথা, লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায় ভালৰো ভাল পিন্ধে, কিন্তু নিজৰ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খাই আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। খাৱন পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাঙ্কোপ মৰা কথা। সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থাৰ কথা কেতিয়াও সদৰী হ'ব নিদিয়ে, কাৰণ তেনেহ'লে আনৰ ঘৰত ডাঙ্কোপ মাৰিবলৈ বা দম্ভালি কৰিবলৈ বাট নৰয়। ঘৰত খাৰণিৰে ভাত খাই বাজত ঘিঁউৰ ব্যাখ্যা কৰা মানুহ পৃথিৱীত বহুত আছে। সিহঁতৰ বাজৰ ফাল বিতোপন, কিন্তু ভিতৰৰ ফাল কুন্ধচ। বাজত বৰ চুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ এই ফঁকৰাটো যদিও মানুহে অকল ভৰকাল দৰিদ্ৰত খটায়, ই কৃপণতো ভালকৈ খাটে। ফুল [ ৬৯ ] বচা চৰাঘৰ, স্বৰগ দেখা বৰ ঘৰ, এনেকুৱা গৃহস্থালি বহুত কৃপণৰ দেখা যায়। ই কৃপণালিৰ ঢাকন। এই শ্ৰেণীৰ কৃপণে সামান্য বস্তুক ভৰকীয়া নাম দিয়ে, ভগা খাটক পালং, ভগা কাঁহীক মাইহাং আৰু ফটা কঁথাক নিহালী বুলিহে ব্যাখ্যা কৰে।

 কিহৰ পৰা মানুহৰ কৃপণালি জন্মে তাক ঠাৱৰকৈ কোৱা টান। কৃপণবিলাকৰ জীৱন বৃত্তান্ত ভালকৈ গমি চালে দেখা যায় যে সিহঁতৰ কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালি কৰে আৰু কিছুমান সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ মনেৰে কৃপণালি কৰে। এই দুই শ্ৰেণীৰ কৃপণে কিমান ধন হ’লে সিহঁতৰ অভিপ্ৰায় সিদ্ধ হ’ব ক’ব নোৱাৰে, গতিকে সিহঁতৰ গোটেইটো জীৱন কৃপণালি কৰি ধন গোটাওঁতেই যায়। আৰু এক শ্ৰেণীৰ কৃপণ আছে, সিহঁতে কেৱল ধনৰ নিমিত্তেই ধন গোটায়, আন একো সিহঁতৰ অভিপ্ৰায় নাই, ধনৰ পৰিমাণ বাঢ়িলেই সিহঁতৰ আনন্দৰ পৰিমান বাঢ়ে। সিহঁতৰ নামত ধন সুখ ভোগৰ উপায় নহয় স্বয়ং ধনেই সুখ। ধনৰ নামত সিহঁত উদ্বাউল হয়, ধনৰ আন ব্যৱহাৰ সিহঁতে নাজানে, ধন চকুৰে চাই থকাই সিহঁতৰ পৰম সুখ। ল’ৰা-ছোৱালী বা আন কোনো পৰিয়াল নোহোৱা মানুহৰ পক্ষে কৃপণালি কৰি ধন সাঁচিবৰ কোনো কাৰণ দেখা নাযায়, কিন্তু তেনেকুৱা মানুহৰ ভিতৰত কৃপণৰ সংখ্যা সৰহ। ৰজাৰ আক্ৰোহ আৰু বজাৰ আক্ৰোহ সমান, এটা বচন আছে। ৰজাই আক্ৰোহ কৰি ধন সাঁচে প্ৰজাৰ অৰ্থে খৰচ কৰিবলৈ, কিন্তু বজাই আক্ৰোহ কৰি ধন সাঁচে চাই থাকিবলৈ। এই বিলাক কৃপণৰ বাদে আৰু এক শ্ৰেণীৰ কৃপণ আছে। ইঁহতে কোনো এটা সঙ্কল্প কৰি থোৱা ডাঙ্গৰ কামত খৰচ কৰিবলৈ কট্‌কিনালি কৰি ধন গোটায় আৰু কামৰ জোখাৰে ধন গোট খালে তেতিয়া তাক মুকলি হাতে খৰচ কৰে। আচল মতে ইহঁতক কৃপণ বুলিব নোৱাৰি। খৰচত হাত টান হ’লে মানুহক কট্‌কিনা বা কৃপণ বোলে। ইহঁতৰ হাত টান নহয়, কেৱল আগলৈ খৰচ কৰিবৰ মনেৰে সঞ্চয় কালত কট্‌কিনালি কৰে।

 খৰচৰ হাত টান হ’লে যেনেকৈ কৃপণ নাম পায়, ওচ মোচ নিবিচাৰি সৰহকৈ খৰচ কৰিলেও ধুঁৱাখুলীয়া নাম পায়। কৃপণ হোৱা যেনে [ ৭০ ] নিন্দাৰ কথা, ধুঁৱাখুলীয়া হোৱাও তেনে নিন্দাৰ কথা। কৃপণেও ধনৰ উচিত ব্যৱহাৰ নাজানে, ধুঁৱাখুলীয়াইও ধনৰ উচিত ব্যৱহাৰ নাজানে। এজন কেৱল সঞ্চয় কৰাত উত্ৰাৱল, এজন ক্ষয়ঙ্কাৰ কৰাত উত্ৰাৱল। খৰচীৰ পক্ষে ধন এটা অসহনীয় বোজা এটা বিষম আহুকাল, তাক খৰচ কৰি অন্ত নকৰে মানে তাৰ মনত সন্তোষ নাই। খৰচৰ কোনো সকাম নাথাকিলেও সি এটা সকাম গঢ়ি লয়। এনে বিধৰ মানুহ এদিন ধনী আৰু এদিন দৰিদ্ৰ হয়, এদিন নানা ভোগ উপভোগ কৰে, এদিন লোণে ভাতে পেট ভৰায়, এদিন লোকক বৰ ভোজ দিয়ে, এদিন লোকৰ দুৱাৰত নিজে আঁচল পাতে। খৰচী মানুহে ধন গোট কৰি কোনো ডাঙৰ কাম দূৰৈৰ কথা নিজে বিপদত তৰিবলৈ তাৰ সমৰ্থ নাইকীয়া হয়। খৰচী মানুহে তাৰ অভাৱৰ উমান নাপায়, সেই দেখি সি সকামত কৈ সৰহ বস্তু আসাদন কৰে, অৰ্থাত এসেৰৰ সকামত দহ সেৰ কিনি একড়াৰ ঠাইত এপোন খৰচ কৰে। ইহঁতে ভৱিষ্যৎ নাভাবে, এশ বাৰ ধনৰ নাটনিত পৰি কক্‌বকাই ফুৰিলেও শিকনি নলয়। ইহঁত আমঠ, ইহঁতৰ স্বভাৱ শুধৰণিৰ বাজ।

 কৃপণালিৰ কাৰণ যেনে ঠাৱৰকৈ ক’ব নোৱাৰি, ধুঁৱাখুলীয়ালিৰো কাৰণ তেনে ঠাৱৰকৈ ক’ব নোৱাৰি। ভালকৈ গমি চালে ইয়াক দেখা যায় যে কেৱল খিতাপ দেখুৱাবলৈহে মানুহ ধুঁৱাখুলীয়া হয়। কিন্তু জনা বুজা মানুহে ধুঁৱাখুলীয়ালিক খিতাপ বুলি নধৰে কেৱল চহা দুখীয়া তৰপৰ মানুহে তাক খিতাপ কৰা বোলে। অশিক্ষিত দুখীয়া মানুহে ধুমধামকৈ খৰচ কৰা দেখিলে বিস্ময় মানে, আৰু যি তেনেকৈ খৰচ কৰে তাক বৰলোক বুলি বিৱেচনা কৰে। চোৰেও চুৰ কৰা ধন খৰচ কৰি সিহঁতৰ চকুত চমক লগাব পাৰে। অশিক্ষিত সামান্য মানুহৰ মানত ধন খৰচ কৰা এটা মহতালিৰ কৰ্ম্ম। সিহঁতে ধনীক ঈশ্বৰ যেন দেখে, ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে, কুকামক ধেমালি বোলে আৰু ধনীৰ মাৰ কিলক আদৰ বুলি ভাবে। সিহঁতৰ ভাল বেয়া বোধ নাই, মান অপমানৰ জ্ঞান নাই। এনেকুৱা নিৰ্ব্বোধ মানুহৰ প্ৰশংসা পাবলৈ যি [ ৭১ ] নিজৰ হিতাহিত জ্ঞানক ঠেলি ঠেলি থৈ অযুগুত খৰচ কৰি দুখ মাতি আনে সি যে আও নিৰ্ব্বোধ তাত এক ধনিষ্টাও সন্দেহ নাই।

 ধন ঘটিবলৈ উজু, কিন্তু ৰাখিবলৈ টান, এই কথা নিৰন্তৰে কয় আৰু কথা আষাৰত যে সাৰ নাই, এনেও নহয়। জগতৰ সকলো মানুহে ধন আৰ্জে, কিন্তু দুই চাৰি জনহে ধনৱন্ত হয়। বহুতে বিবেচনা কৰে যে যাৰ সৰহ আৰ্জ্জন তাৰ পক্ষে ধনৱন্ত হোৱা টান নহয়। কিন্তু পৃথিৱীত দৃষ্টান্তলৈ চালে এই কথাৰ মিছা ধৰা পৰে। উপাৰ্জ্জন কৰিও অন্তত ঋণৰ বোজা মুৰত লৈ প্ৰাণ এৰা মানুহ জগতত বহুত আছে। এতেকে অৰ্জ্জনৰ কম বেচিত মানুহে ছহকী বা দুখীয়া নহয়, ধনৰ সজ বা অসজ ব্যৱহাৰৰ পৰাহে হয়।

 আয় অনুসৰি খৰচ কৰাই অৰ্থ ব্যৱহাৰৰ মুল মন্ত্ৰ। আয়ৰ জোখেই খৰচৰ জোখ হোবা উচিত। আয় অলপ, খৰচ সৰহ সেয়েই দৰিদ্ৰ হ’বৰ চিন। যি মানুহে ধনৰ নাটনি এৰাব খোজে সি তাৰ আয়ৰ পূৰা আধা সাঁচিব লাগে। এজন পণ্ডিতে কৈছে যে উৎপন্নৰ আধা সাঁচিলে মানুহ ধনী হ’ব পাৰে আৰু তেহাঁই সাঁচিলে নিধৰুৱা হৈ সুখেৰে খাই লৈ থাকিব পাৰে, এই কথা সৰহ আৰ্জ্জন আৰু অলপ আৰ্জ্জন দুয়োতে খাটে।

 সলাব বা কমাব নোৱাৰা কৰি খৰচৰ নিৰিখ বান্ধি লোৱা উচিত নহয়। আয় টুটি আহিলে সেই নিৰিখে খৰচো কমাই অনা উচিত, আনৰ নিন্দা ভয় কৰি আয় কমি গ’লেও খৰচ অটুট ৰখা অযুগুত। খৰচ সমন্ধে কেতিয়াও চকুলাজ ৰখা উচিত নহয়। তোমাৰ ভিতৰুৱা অৱস্থা তুমি মাথোন ভালকৈ জনা আনে নাজানে এতেকে নজনা মানুহৰ কথাত উতলা হৈ ভৰক ৰাখি থকা অনুচিত। দুখীয়া মানুহ ধনৱন্ত হ’লে, সি যেন ভৰক দেখুৱাবলৈ লাজ নকৰে, সেইদৰে ধনৱন্ত মানুহেও দুখৰ দিনত ভৰক এৰিবলৈ লাজ কৰিব নালাগে। বহুত মানুহে সিহঁতৰ ভিতৰুৱা অবস্থা ঢাকিবলৈ বাজৰ ভৰক সমানে ৰাখে, এই কথা অযুগুত। নিজৰ বেয়া অৱস্থা ৰিঙ্গিয়াই কৈ ফুৰা উচিত নহলেও তাক জোৰা তাপলি দি উপৰুৱা ঢাকনিৰে ঢাকি থোৱাও উচিত [ ৭২ ] নহয়। ধনী মানুহ দুখত পৰিলে তাক পুতৌ কৰে, কিন্তু অৱস্থা লুকাই ভৰক মাৰি ফুৰিলে, সি পুতৌ নাপায়। এতেকে অৱস্থা হীন হ'লে বাজৰ ভৰক বাজৰ চাক-চিকুণালি এৰি দি খৰচ কমোৱা উচিত। ইয়াকে কৰিব নোৱাৰি বহুত মানুহ অথাই বিপদত পৰে। খৰচ কমাব বুদ্ধি দিলে এই বিলাক মানুহে কয় যে আগৰ চলন সিহঁতৰ স্বভাৱত বহি গৈছে তাক এৰিব নোৱাৰে। ইহঁত দুৰৱস্থাত পৰিলেও খাবলৈ ভাল বস্তু পিন্ধিবলৈ ভাল কাপোৰ বিচাৰে, দোলা-দুৰ্গোৎসৱ আদি যি বাপতীয়া বাৰ্ষিক থাকে তাকো আগৰ আড়ম্বৰেৰে চলায়। বৰ সবাহ, বৰভজ, দৌল-দুৰ্গোৎসৱ আদি বাৰ্ষিকে কিমান মানুহক দুখত পেলাইছে তাৰ লেখ দিব নোৱাৰি। এই বিলাক মানুহে জনা উচিত যে উৎসৱ আড়ম্বৰ আঢ্যৱন্ত বস্তু, দৰিদ্ৰক সি কেতিয়াও নুশুজে।

 আৰ্জ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়। ঋণক মানুহে পাপৰ লগত ৰিজায় আৰু কওঁতে ঋণ পাপ বুলি কয়, কাৰণ পপীয়া মানুহৰ দৰে ঋণী মানুহেও বহুত লাঞ্ছনা ভোগ কৰে। ঋণী মানুহে সমাজত গৰিহণা খায়, মান মৰ্য্যদা হেৰুৱায়, আৰু সিহঁতৰ মনৰ সুখ শান্তি নাইকিয়া হয়। ঋণক ব্যাধিৰ লগত ৰিজায়, কাৰণ ব্যাধিৰ লগত ঋণৰ বহুত মিল আছে। ব্যাধিয়ে মানুহৰ কাজ মাংস ক্ষয় কৰে, ঋণ অৱস্থা ক্ষয় কৰে অৰ্থাৎ অনুক্ৰমে অৱস্থাহীন কৰি নিয়ে। ব্যাধি এবাৰ হ'লে গুচাবলৈ টান। ব্যাধি অনুক্ৰমে বাঢ়ি যায়, ঋণো অনুক্ৰমে বাঢ়ি যায়। ব্যাধি থাকিলে শৰীৰৰ উদ্‌গতি নহয়, ঋণ থাকিলে অৱস্থাৰ উদ্‌গতি নহয়। এনেকুৱা ঋণ - ব্যাধি পৰাপক্ষত চপাই ল'ব নালাগে।

 ঋণে মানুহক খৰচী কৰে, কাৰণ দুখৰ ধন খৰচ কৰোঁতে মনত যেনে চিন্তা হয়, ঋণৰ ধন খৰচ কৰোঁতে তেনে চিন্তা নহয়। ধন আৰ্জ্জনৰ বহুত দুখ আৰু সেই দুখ আৰ্জ্জোতাৰ মনত সদায় থাকে, খৰচ কৰিবৰ সময়তো সেই দুখ মনত পৰে গতিকে দুখৰ ধনৰ অবাবত একড়া গ'লেও মন চেংচেঙ্গায়। কিন্তু ঋণ কৰি গোটোৱা ধন তেনে নহয়, সেইদৰে ধন গোটাওঁতে একো কষ্ট নাই, এনেকুৱা ধন বাটত পোৱা ধনৰ নিচিনা, এতেকে তাৰ দোপোণ ছকড়া অথলত গ'লেও মনত চেঙ্গা নালাগে। ধাৰ কৰি অনা ধন মানুহে ওৱাদানিকৈ [ ৭৩ ] খৰচ কৰে। এতেকে যি সদায় ধাৰত তলা সি অচিৰে ধুঁৱাখুলীয়া হয়।

 ধাৰ কৰি ধন আনি হাতত লৈ খৰচা কৰা জহতহ, কিন্তু দোকানৰ উঠনা খোৱা বৰ ধ্বংসীয়া কথা। সি নামত যেনে উঠনা কামতো তেনে উঠনা অৰ্থাৎ সি কেৱল উঠিহে যায় নামিব নাজানে।এনেকুৱা ব্যৱস্থাই গৃহস্থালি খাস্তাং কৰে। হাতত লৈ ধন ভাঙ্গিলে ভগনৰ পৰিমাণ চকুৰে দেখা যায় আৰু সৰহ ভগন হ'লে মন বেয়া লাগে। কিন্তু উঠানৰ ভগন চকুৰে নেদেখি, সি কেৱল দোকানীৰ কাকততহে থাকে সেই দেখি উঠনাত বহুত গ'লেও মন নেচেঙ্গায়। বিশেষত নগদ ধনৰে কিনিব লাগিলে মানুহে সৰু অভাৱলৈ মন নকৰে, তেনেকুৱা বহুত অভাৱ আওকান কৰি সংসাৰ চলায়। কিন্তু উঠানত চলা মানুহে এটা অভাৱো সহিব নোখোজে। এটা সামান্য বস্তুৰ নাটনি হ'লেই সিহঁত অস্থিৰ হয়, আৰু তৎক্ষণাৎ তাক কাঁলিয়নে পূৰণ কৰে।

 ধাৰ কৰি ধন গোটাবলৈ বৰ উজু, সেই দেখি অলপ কিহবাৰ নাটনি পৰিলেই মানুহে ধাৰলৈ মন মেলে। ই বৰ অযুগুত কথা। ধাৰ নিজেই এটা আপদ। সামান্য নাটনিত তালৈ, হাত মেলা উচিত নহয়। ডাঙ্গৰ আপদত তৰিবলৈ কেতিয়াবা ধাৰ কৰিবৰ সকাম হয়। কিন্তু তেতিয়াও শুজিবৰ উপায় কৰিবে ধাৰ কৰা উচিত। শুজিবৰ উপায় নথকাতো ধাৰ কৰিলে মানুহক ছল কৰা হয়।

 আয় কমাৰ লগা লগে খৰচ কমাই আনিলে ধাৰ কৰিবৰ সকাম নহয়, এই কথা সকলোৱে স্বীকাৰ কৰে, আৰু ভৱিষ্যৎ গুণা মানুহে সেই নিয়মত চলে। কিন্তু কিছুমান মানুহে খৰচ কমাবলৈ দিহা নাপায়, সিহঁতে নকমাব লগীয়া খৰচ কমায়, কমাব লগীয়া খৰচ নকমায়, ফলত বহুত চেষ্টা কৰিও মুঠে খৰচ কমাব নোৱাৰে। খৰচ কমাব লাগিলে এদিনীয়া ডাঙৰ খৰচত হাত নিদি প্ৰথমতে নিতৌ কৰা সৰু সৰু খৰচত হাত দিয়া উচিত। এদিন এটা ডাঙ্গৰ খৰচ কৰিলে মানুহ দুখত নপৰে, কিন্তু সৰু সৰু খৰচ সৰহকৈ কৰিলে অনুক্ৰমে দুখীয়া হৈ যায়। খুচুৰীয়া খৰচৰ চোৰাং গতি, সি বেগতে চকুত নপৰে কিন্তু বছেৰেকৰ খুচুৰীয়া খৰচ গোট কৰিলে ডাঙৰ খৰচতকৈ ডাঙৰ হয়। বেজীৰ জলঙ্গা মনে, কুঠাৰৰ জলঙ্গা নমনে এই বচনটো সকলো ঠাইতে চলিত [ ৭৪ ] আছে। এটকাৰ পাচ এৰি একড়ালৈ হামৰাও কাঢ়িলে মানুহে এই পটন্তৰ দিয়ে। কিন্তু দৰাচল পক্ষত এদিনীয়া এটকা এৰি খুচৰীয়া খৰচৰ একড়াতো বৰকৈ চকু ৰখা উচিত। খুচৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা, সি গম নোপোৱাকৈ মানুহৰ অনিষ্ট কৰে। খৰচ কমাব লাগিলে বাজৰ ভৰক একেবাৰে এৰি দিব লাগে। হাতী, ঘোঁৰা, বন্দী, বেটী দুৰৱস্থাত পৰা মানুহৰ পক্ষে নহয়। দুৰ্দিনত দান দক্ষিণাও অযুগুত।

--------------------

ৰাগীয়াল বস্তু

 সজ কথাতকৈ অসজ কথাত মানুহৰ ৰাপ বেচি। অৱাচ্য কথা কৈ ধেমালি আৰু অসজ কাম কৰি আনন্দ কৰিবলৈ সৰহ মানুহে ভাল পায়। সজ কথা উলিয়ালে শুনোতা পাবলৈ টান, কিন্তু অসজ কথা উলিয়ালে মানুহে জুমুৰি দি ধৰে। সেই দেখি ৰং ধেমালিত অসজ কাম কৰিবলৈ বা অবাচ্য কথা ক’বলৈ মানুহৰ ইচ্ছা হয়। স্বাভাৱিক অৱস্থাত মানুহে তেনেকৈ চলিব নোৱাৰে কাৰণ, তেতিয়া সিহঁতক সজ অসজৰ বিবেচনাই আবৰি থাকে। এই বিবেচনা অসজ ইচ্ছাৰ এক ৰকম ডাকুৰ। ডাকু ছাগলীৰ উপদ্ৰৱ কমাবলৈ মানুহে তাইক ডাকুৰ পিন্ধায়। ডাকুৰ দিয়া ছাগলীয়ে যলৈকে মন তলৈকে যাব নোৱাৰে। সেইদৰে সজ অসজ বিবেচনা থকা মানুহেও যি মন তাকে কৰিব নোৱাৰে, লাজৰ ভয়ত অবাচ্য মাতি ধেমালি কৰিব নোৱাৰে, নিন্দাৰ ভয়ত অকাম কৰি আনন্দ কৰিব নোৱাৰে। ইয়াৰ বাজেও সমাজৰ কিছুমান প্ৰচলিত ৰীতি আছে, মানুহ মাত্ৰেই সেইবোৰ ৰীতিৰ অধীন, নিচেই নিৰ্গত হ’লেও সিহঁতে সেই ৰীতিবোৰ উলঙঘন কৰিব নোৱাৰে। অবাচ্য মাত মতা, বা অবাবত নচা ইত্যাদি কিছুমান কথা এইবোৰ ৰীতিৰ বিপৰীত, গতিকে তাক কৰিবলৈ ওলালে ৰীতিবোৰে আৰু সজ অসজ বিবেচনাই ডাকুৰৰ নিচিনা হৈ হেঙ্গাৰ দি ধৰে। ৰাগীয়ে মানুহৰ এই ডাকুৰ গুচাই দিয়ে, ৰাগীৰ জালত সিহঁতৰ সমাজ ৰীতিৰ ভয় আৰু সজ অসজ বোধ নাইকিয়া হয়। তেতিয়া [ ৭৫ ] সিহঁতে মুকলিমূৰীয়া ছাগলীৰ দৰে যি মন তাকে কৰিব পাৰে। বহুত মানুহৰ পক্ষে ৰাগীয়াল বস্তুত মুখ দিয়াৰ এইটো আদি কাৰণ।

 ৰাগীয়াল বস্তুত মুখ দিয়াৰ আৰু এটা কাৰণ আছে। কোনো কোনো মানুহৰ গৃহস্থলিৰ খোৱা লোৱা কামৰ বাজে আন কাম নাই। সেই কাম কৰি সিহঁতে দিনৰ এটা ভাগ কটায়, কিন্তু বাকি ভাগটো কটাবলৈ কোনো উপায় নেদেখে। দিনৰ বাকি ডোখৰ সিহঁতৰ পক্ষে কলগ্ৰহ যেন হয়। তেতিয়া এইবিলাক মানুহৰ কিছুমানে মিছাতে ইঘৰ সিঘৰ কৰি লোকৰ পদুলি সুঙ্গি ফুৰে, কিছুমানে আনৰ টোটক লগাই ফুৰে, আৰু কিছুমানে ভাং, কানি বা মদ ফটিকাৰ ৰাগী লগাই মৌজ কৰি সময় কটায়। আৰু এক শ্ৰেণীৰ মানুহ আছে, সিহঁতে ৰাগীয়াল বস্তু বিলাক ভোগৰ বস্তু যেন বিবেচনা কৰে, সেই দেখি তাক নানা ৰকমে জুতি লগাই খায়, মদত গোলাপ জল মিহলাই কায়, আফিঙ্গত খীৰ মিহলাই খায়, ভাঙ্গত আতৰ মিহলাই খায়। ধনৱন্ত কানীয়াৰ আৰু ধনৱন্ত ভাঙ্গুৱাৰ কানী ভাং খোৱাৰ জুতি আৰু আয়ম দেখিলে বিস্ময় মানিব লাগে। কেতবিলাক মানুহে ভাৱে গাত ৰাগী লগাই খালে খোৱা বস্তু বেচি সোৱাদ লাগে, সেই দেখি সিহঁতে খাবৰ আগে অলপ ৰাগী কৰি লয়। মনৰ দুঃখ গুচাবলৈও কোনো কোনো মানুহক ৰাগী কৰা দেখা যায়, কিন্তু তাৰ পৰা দুখ গুচক ছাৰি এগুণ দুখ দুগুণ হয়। শোক কমাবলৈ মদ খাই পাচত মানুহে ইনাইবিনায় কান্দে। স্বাভাৱিক অৱস্থাত জ্ঞানৰ বলেৰে শোক সন্তাপৰ বেগ দমন কৰিব পাৰি, কিন্তু ৰাগী লাগিলে মানুহৰ জ্ঞান নাথাকে, গতিকে তেতিয়া শোকে মানুহক একেবাৰে বাউল কৰিব পাৰে।

 যি অভিপ্ৰায়েৰে মানুহে ৰাগী কৰে সেই অভিপ্ৰায় এটাইবিলাক বেয়া বুলিব নোৱাৰি। মুখৰ বান্ধ কটাবলৈ বা চকুৰ লাজ গুচাবলৈ বা সময় নিয়াবলৈ ৰাগীয়াল বস্তু ব্যৱহাৰ কৰা উচিত নহ'লেও, আনন্দ বা ভোজনৰ সুখ বঢ়াবলৈ ব্যৱহাৰ কৰা একেবাৰে অনুচিত বুলিব নোৱাৰি। ৰাগীৰ গুণত যদি খোৱা বস্তু বেচি সোৱাদ লাগে, তেনেহলে তাক ৰাগী লগাই খোৱাই উচিত। আঞ্জা সোৱাদ কৰিবলৈ মানুহে লং এলাচি আদি বাখৰ ব্যৱহাৰ কৰে, সেইদৰে ৰাগীও আঞ্জাৰ এবিধ বাখৰ মাথোন হয়। কিন্তু ৰাগীয়াল বস্তুবোৰৰ কেইটামান লগত [ ৭৬ ] ওপজা দোষ আছে, সেই দোষবোৰৰ নিমিত্তে সিহঁতৰ ইমান নিন্দা। প্ৰথম দোষ ৰাগীয়ে ৰাগীলৈ হেঁপাহ জন্মাই, এদিন ৰাগী কৰিলে, দুনাই কৰিবলৈ মন যায়, আৰু দুই চাৰি দিন কৰিলেই তাক এৰিবলৈ টান হয় অন্য কাম সহজ কৰোঁতে বহুত দিন লাগে কিন্তু ৰাগী অলপতে সহজ হয়। ৰোগত দৰব স্বৰূপে কানি খাই চিৰকাললৈ কানীয়া হোৱা মানুহ বহুত আছে। ৰাগী অভ্যাস হ'লে সি এক ৰকম ভোক যেন হয়। খোৱা বস্তু জীণ গ'লে যেনেকৈ ভোক লাগে ৰাগী এৰিলেও তেনেকৈ ভোক লাগে, অৰ্থাৎ আকৌ কোনো ৰাগীয়াল বস্তু খাবলৈ মন যায়। সময়ৰ মূৰত নকৈ ৰাগী নকৰিলে ৰাগী কৰা মানুহ থাকিব নোৱাৰে, তাৰ কোনো অঙ্গৰ সাৰ নাইকীয়া হয়, কোনো অঙ্গৰ কঁপনি উঠে আৰু হামি হেঁকটি আহে। কোনো উৎকট ৰোগত পৰিলে মানুহে যেনে আচৰণ কৰে, ৰাগী কৰা মানুহে ৰাগী এৰা সময়ত তেনে আচৰণ কৰে। মুঠ কথা, ৰাগী কৰা মানুহৰ এবিধ ৰাগীয়াল বস্তু জীৱনৰ লগৰীয়া হয়, খোৱা লোৱা আন আন বস্তুৰ দৰে তাকো নহ'লে সিহঁতৰ দিন নাযায়।

 ৰাগীয়ে মানুহৰ গাত এটা চিৰৰুগীয়া চিন দিয়ে, সেই দেখি কানীয়াক কানীয়া ভঙ্গুৱাক ভঙ্গুৱা বুলি দেখিলেই চিনিব পাৰি। ৰাগীয়া পৰা মানুহৰ স্বভাৱ প্ৰকৃতিও লৰে, খৰ্‌তকীয়া মানুহ ঢিমা হয় তজ্‌বজীয়া মানুহ সৰপা হয়, জুৰ মানুহ খঙ্গাল হয়, শান্ত মানুহ দুষ্ট হয়, সৰল মানুহ ছলাহী হয়। এইদৰে কিমান মানুহ যে ৰাগীৰ প্ৰভাৱত সজ বাটৰ পৰা পিছলি গৈ অসজ বাটত পৰি সংসাৰত জিয়াতু ভোগ কৰিছে, আৰু কৰিব লাগিছে তাৰ লেখ দিব নোৱাৰি। বহুত দিন ৰাগী কৰিলে গাত যেনে এটা চিন বহে, স্বভাৱতো তেনে এটা চিন বহি যায়। কানীয়া মানুহৰ চলন ফুৰণ দেখিলেই তাক কানীয়া বুলি চিনিব পাৰি, দুৰ্ঘোৰ তেবাহি কানীয়াৰ মুখ নেদেখিলেও হয়, কথা শুনিলেই তাক কানীয়া বুলি জনা যায়।

 ৰাগীয়ে কেতিয়াও মানুহৰ হিত নকৰে। ৰাগী বিষাক্ত বস্তুৰ এটা গুণ মাথোন। পৃথিৱীত যিমান বিধ বিহ আছে তাৰ এটাইবোৰেই ৰাগী জন্মাব পাৰে। সাপৰ বিহৰ ৰাগী আছে। বিহ সৰহকৈ খালে মৰণ হয়, অলপকৈ খালে ৰাগী হয়। মানুহৰ ব্যৱহাৰত থকা সকলোবোৰ ৰাগীয়াল বস্তু একোবিধ [ ৭৭ ] বিহ মাথোন, তাকো অলপকৈ খালে ৰাগী হয়, সৰহকৈ খালে মৰণ হয়। সৰহ কৰি আফিং খাই অলেখ মানুহ আত্মঘাতী হৈছে। এই ঘাতুক বিহ বোৰৰ পৰা কেতিয়াও অমৃত ফলৰ আশা কৰিব নোৱাৰি, বিহে বিহৰ বাজে অমৃত নফলায়। বিহৰ ব্যৱহাৰ কেৱল ৰোগত মাথোন হয়। শৰীৰত যেতিয়া কোনো এবিধ বিহ সোমাই তাক ৰুগীয়া কৰে, তেতিয়া মানুহে আন বিহ ব্যৱহাৰ কৰি সেই বিহ নষ্ট কৰে। হুলেৰ মানুহে হুল কাঢ়ে। বিহেই বিহৰ ঔষধ। সেই দেখি জ্ঞানীবিলাকে ঔষধত ৰাগীয়াল বস্তু ব্যৱহাৰ কৰিবলৈ বিধান দিছে।

 পৰিমিত ৰূপে ব্যৱহাৰ কৰিলে মাদকতা দোষ নাই, এই কথা বহুত মানুহে কয়, কিন্তু পৰিমিত ব্যৱহাৰ কেনে তাক কোনেও মোৰ ভাঙ্গি কোৱা নাই। যদি ৰাগী নোহোৱাকৈ মাদক ব্যৱহাৰ কৰিলে পৰিমিত ব্যৱহাৰ কৰা হয়, তেনেহলে তেওঁলোকৰ কথা মানি ল'ব পৰা যায়। ৰাগী নহ'লে ৰাগীয়াল বস্তুৰে একো অপকাৰ কৰিব নোৱাৰে, ই কেৱল ঔষধৰ ব্যৱহাৰ। আমি ইয়াত তেনেকুৱা ব্যৱহাৰৰ কথা আলচ কৰা নাই, আমাৰ আলোচনাৰ বিষয় ৰাগী, ৰাগী হোৱাকৈ ৰাগীয়াল বস্তু ব্যৱহাৰ কৰিলে তাৰ পৰা বেয়াৰ বাজে কেতিয়াও ভাল নহয়।

 কোনো কোনো মানুহে কয় যে ৰাগীয়াল বস্তুৱে জীৰ্ণ শক্তি বঢ়ায় আৰু বেচিকৈ ভোক লগায়। ইও এটা সাৰ নোহোৱা কথা। ন শিকাৰুৰ দুদিন মানলৈ ভোক বেচি হ'ব পাৰে, কিন্তু সেই ভোক বিজাতৰীয়া, আচল ভোক নহয়, তেনে ভোকত খালে কেৱল অতি ভোজনৰ ফল ধৰে। জীৰ্ণ শক্তি বঢ়োৱাৰ সম্বন্ধেও সেই কথা। আদিতে ৰাগীয়ে উদৰাগ্নি বৃদ্ধি কৰে, পাচে যেতিয়া সি শৰীৰ পীড়ি লয় তেতিয়া আৰু জীৰ্ণ শক্তি নাথাকে, কোনো কানীয়া ভঙ্গুৱা মানুহক ভোজনত পৈণত দেখা যায়। আচল কথা, আদিতে ৰাগীয়াল বস্তুৰ দোষবোৰ এটাও দেখা নিদিয়ে, কেৱল গুণবোৰ অৰ্থাৎ ঔষধৰ দৰে ব্যৱহাৰ কৰিলে তাৰ যি গুণ ধৰে, সেইবোৰ বেচি পৰিমাণে দেখা দিয়ে, পাচে শেষত দোষবোৰ এটা এটাকৈ ওলাবলৈ ধৰে।

 ৰাগীয়ে শৰীৰৰ যন্ত্ৰ আৰু তেজৰ গতি খৰ কৰে, অৰ্থাৎ স্বাভাৱিক অৱস্থাত সিহঁত যিমান বেগত চলে ৰাগীৰ প্ৰভাৱত তাতকৈ বেচি বেগত চলিবলৈ [ ৭৮ ] ধৰে। মঙ্গহ আৰু তেজৰ গতি সম্বন্ধে মানুহে পতি একোটা বন্ধা নিৰিখ আছে, স্বাভাবিক অৱস্থাত সিহঁতে সেই নিৰিখ মতে গতি কৰে, কিন্তু ৰাগী কৰিলে নিৰিখ ৰাখিব নোৱাৰে, তাক পাৰ হৈ দুনা বেগত চলে এইদৰে উগ্ৰ বেগত চলালে যন্ত্ৰত আঁৰ লাগে বা তাৰ সঁজুলিবোৰ লৰচৰ হয়। উগ্ৰ মদপাবিলাকৰ ভিতৰত বহুতৰ শেষ কালত হাত ভৰিৰ কঁপনি হয়, সিহঁতে শৰীৰৰ কোনোটো অঙ্গ ইচ্ছা মতে থিৰ কৰি ৰাখিব নোৱাৰে। ইয়াৰ কাৰণ এই যে মদৰ ৰাগীত গাৰ শিৰবোৰ সদায় টনটনীয়া হৈ থাকে আৰু এইদৰে বহুত দিন টন্‌টনীয়া হৈ থকাত, পাচত গৈ ঢিলা পৰে। ৰবৰৰ নতুন ডোল টানিলে দীঘল হয় আৰু এৰি দিলে কোঁচ খাই আগৰ সমান হয়, কিন্তু সদায় এইদৰে টানি থাকিলে পাচত আৰু কোঁচ নোখোৱাত পৰে। গাৰ শিৰৰো লক্ষণ তেনেকুৱা, আদিতে সিহঁত ৰীতি মতে আঁট খাই থাকে, পাটত ৰাগীৰ গুণত সততে টান খাই খাই শেষত লোলা হয়। শৰীৰৰ যন্ত্ৰবোৰ এইদৰে ৰাগীৰ প্ৰভাৱত কোনোটো ক্ষয় যায়, কোনোটো দুৰ্ব্বল হয়, কোনোটো বা অচল হয়। যেতিয়া শৰীৰ এই অৱস্থাত পৰে তেতিয়া আগৰ ভোক আগৰ তজবজনি একো নাথাকে। মানুহটো জুৰুলা হয় আৰু জীৱনৰ বাকি দিন কেইটা সি কেৱল লালট ভুঞ্জে।

 অসম দেশত তিনি বিধ ৰাগীয়াল বস্তুৰ চল আছে, ইয়াৰে ভিতৰত কানি আৰু ভাং আজিকালি প্ৰায় অশিক্ষিত সামান্য মানুহৰ ভিতৰতহে চলে, শিক্ষিত তৰপে ইহঁতক ঘিন কৰে। মদ বা ফটিকাও এবিধ ৰাগীয়াল বস্তু, অসমত ইয়াৰো চল আছে। আগেয়ে ই অসমত দাঁতিকাষৰীয়া গাৰো, কচাৰি, নগা, ডফলা ইত্যাদি অসভ্য জাতিৰ ভিতৰত চলিছিল কিন্তু আজি কালি সুসভ্য শিক্ষিত অসমীয়াৰ ভিতৰতো ইয়াৰ আদৰ হৈছে। ৰাগীয়াল বস্তু বোৰৰ ভিতৰত যে মদৰ কিবা এটা বিশেষ গুণ আছে এনে নহয়, কেৱল সভ্য জাতিৰ ভিতৰত ইয়াৰ প্ৰতুল চল দেখি অসমৰ শিক্ষিত তৰপেও তাক ব্যৱহাৰ কৰিবলৈ ধৰিছে। মদ ব্যৱহাৰ কৰা বেয়া বুলিলে তেওঁলোকে চাহাববিলাকৰ পাটন দি কয় যে, মদ বেয়া বস্তু হ'লে জনা বুজা সুসভ্য চাহাববিলাকে তাক কিয় ব্যৱহাৰ কৰিব? এনেকুৱা ভাৱ মনত লৈ অসমৰ বহুত মানুহ মদ খাই নষ্ট [ ৭৯ ] হৈছে, কোনোৱে অকালত প্ৰাণ হেৰুৱাইছে, কোনোৱে মদত মতলীয়া হৈ অকামত হাত দি সমাজৰ গৰিহনা খাইছে, কোনোৱে বাপতীয়া সাহোন নিৰ্ম্মূল কৰি দৰিদ্ৰ হৈছে। এইবিলাক মানুহে এবাৰ গমি নাচায় যে এজনৰ অমৃত আন এজনৰ পক্ষে বিহ হয়। চাহাববিলাকৰ পক্ষে মদ এটা নিতৌ খোৱা বস্তু, তাক সিহঁতে পুৰুষানুক্ৰমে আদিৰ পৰা ব্যৱহাৰ কৰি আহিছে, সিহঁতৰ দেশত বৰ জাৰ, জাৰৰ গুণত পানীও ছমাহ গোট মাৰি থাকে, পিয়াহ লাগিলে মাৰিবলৈ একো নাই, আৰু ইমান জাৰত তেজ তপতে ৰাখিব পাৰিলে শৰীৰলৈও ভাল, এই নানা কাৰণে সেইবিলাক দেশত মদৰ চল হৈছে। তেনেবিলাক কাৰণ ভাৰতত বা অসমত নাই, গতিকে ইয়াত মদ ব্যৱহাৰ কৰিলে অপকাৰৰ বাজে উপকাৰ নহয়। আজি কালি চাহাববিলাকৰ ভিতৰতো মদ ব্যৱহাৰ নকৰা মানুহ বহুত ওলাইছে। তেওঁলোকে সেই দেশতো মদৰ চল কমাবলৈ পুৰুষাৰ্থ কৰিব লাগিছ। ইয়াৰ পৰা বুজা যায় যে মদ এটা মহা অপকাৰী বস্তু।

 মদৰ ৰাগী বৰ ভয়ঙ্কৰ, সি টান হ'লে মানুহে ভাল বেয়াৰ বিবেচনা একেবাৰে পাহৰে। মদপীয়ে মদৰ ৰাগী লোকক দেখুৱাবলৈ ভাল পায়, সেই দেখি ৰাগী লাগিলে সি ঘৰত থাকিব নোৱাৰে, বাটলৈ যায় আৰু সকলোৰে আগত ঢলং পলং কৰি ফুৰে। সেইদৰে ফুৰাটো তাৰ মনত তেতিয়া মহতালি যেন লাগে। ৰাগী লগা মদপীয়ে নিজৰ আৰু আনৰ গুপ্ত কথা ব্যক্ত কৰে, আৰু অসময়ত বৰ কথা কৈ বিপদত পৰে। সি অবাবত খং আৰু অবাবত ৰং কৰে, অবাবত হাঁহে আৰু অবাবত কান্দে, পাচত ৰাগী এৰিলে যি কৰিছিল সকলো পাহৰে। মদৰ ৰাগীয়ে মানুহৰ কুপ্ৰবৃত্তিবোৰ উজাৰি দিয়ে। মদ খালে খঙ্গালৰ খং বাঢ়ে, কূৰ্চ্চুটিয়াৰ কূৰ্চ্চুট বাঢ়ে আৰু চোৰৰ চুৰ কৰিবলৈ মন যায়। মদৰ ৰাগীয়ে ভিতৰুৱা যন্ত্ৰৰ বেগ বৰকৈ বঢ়াই দিয়াত মদপীৰ থিৰ হৈ থাকিব নোৱাৰে, মূৰ কটা পঠাৰ দৰে চটফটাই দেও পাৰি ফুৰে আৰু কেতিয়াবা হাউত কৰে বঁতিয়াই দিয়ে। মদপীয়ে তাৰ ভৰি থিৰকৈ ৰাখিব নোৱাৰে, সেই দেখি হুলে জোঙে ঢাঁচ্‌ ঢাঁচ্‌ কৰি পৰি ফুৰে, কিছুমানে ল'ৰা-তিৰোতাৰ ওপৰত উদ্ভণ্ডালি কৰে।

 ভাঙ্গৰ ৰাগী মদৰ ৰাগীৰ নিচিনা নহয়। মদৰ উত্তেজক গুণ আছে, ভাঙৰ নাই। ভাঙে মানুহৰ মগজু আক্ৰমণ কৰে সেই দেখি ভাঙুৱাৰ কথায় [ ৮০ ] কথায় ভুল হয়। ভাঙৰ ৰাগীত মানুহৰ হাঁহিবলৈ মন যায় আৰু সৰু কথাও ডাঙৰ যেন লাগে। ভঙুৱাৰ ভয়ো ডাঙৰ, সামান্য বিপদতে তাৰ সুৰ্ত্তি হেৰায়। ভঙুৱাৰ অতপালি নাই, ৰাগী টান হ'লে সি শুই থাকে। মদৰ নিচিনা ভাঙ্গেও মানুহৰ অসজ বৃত্তিবোৰ সজাগ কৰে। ভাং খোৱা মানুহৰ বিৰাগীয়া অৱস্থাতো ভুল ভ্ৰান্তি সৰহ, ইয়াৰ পৰা জনা যায় যে ভাঙ্গে মগজুৰ সজা লৰাই দিয়ে। ভাঙৰ ব্যৱহাৰৰ পৰা দুই এজন মানুহ একেবাৰে বলিয়া হোৱাও দেখা যায়।

 কানিৰ ৰাগীও সৰ্ব্বাংশে ভাঙৰ ৰাগীৰ নিচিনা, কেৱল কানিৰ চোক বেচি। কানিৰ ৰাগীয়ে হাঁহি নোতোলে। কানীয়া কামত আলাবাদু, কিন্তু তাৰ মতি গতি ধীৰ। কানিয়ে গাৰ খজুৱতি তোলে আৰু তেজ মঙ্গহ কলা কৰে। বহুত দিন ব্যৱহাৰ কৰিলে কানি গাত ফুটি ওলায়। অনেক মানুহে বিৱেচনা কৰে যে কানিয়ে টোপনি বঢ়ায়, সেই নিমিত্তে কানীয়াই চকু মুদি পৰি থাকে, আচল মতে তাৰ টোপনি নাহে। আন ৰাগীয়াল বস্তুৰ ৰাগী এৰিলে মানুহ সুস্থ হৈ আগৰ দৰে হয়, কিন্তু কানিৰ ৰাগী এৰিলে তেনে নহয়। কানীয়াই ৰাগী থকা কি নথকাত একেদৰে চলে, তাৰ ৰাগী আছে নে এৰিছে চিনিবলৈ টান।

 মদৰেই হওক বা কানিৰেই হওক ৰাগী মাত্ৰেৰে আৰু এটা দোষ আছে। ৰাগী লগাই মতলীয়ালি কৰিলে, তাক শলাগিবলৈ দুই চাৰিজন মানুহ লাগে নাইবা মতলীয়ালিত একো আমোদ নহয়। এজনে তাল নধৰিলে গায়নৰ গা নুঠে। সেইদৰে এজনে নশলাগিলে কানীয়া বা মদপীৰ গা নুঠে। কিন্তু নিমতলীয়া মানুহে মতলীয়া কথা নশলাগে, মতলীয়াইহে মতলীয়াৰ কথাত ৰস পায়। সেই দেখি কানীয়া, ভঙুৱা, মদপী সকলোৱে লগ বিচাৰে। সিহঁতৰ লগৰীয়াৰ প্ৰয়োজন বৰ ডাঙ্গৰ, সেই সম্বন্ধে সিহঁতে বেয়া, ভাল, ভদ্ৰ, অভদ্ৰ, একো নিবিচাৰে। এজন ভদ্ৰ বংশৰ মানুহো এজন সামান্য মানুহৰ লগত হৰিল গৰিল হয় আৰু বুঢ়াও ল'ৰাৰ লগত সমানে চলে। লগৰীয়াৰ সংখ্যা বঢ়াবলৈ সিহঁতে ৰাগী নকৰা মানুহকো ৰাগী কৰিবলৈ শিকায়।

--------------------------

<<পূৰ্বৱৰ্তী পৃষ্ঠা

পৰৱৰ্তী পৃষ্ঠা>>