পৃষ্ঠা:সাৰথি (Sarothi).pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
সাৰথি

এৰাল বুলি নাভাবে। এই শ্ৰেণীৰ মানুহবিলাক সকলোৰেই মৰম আৰু বিশ্বাসৰ পাত্ৰ হয় আৰু সৰহ বিদ্যা বুদ্ধিৰ গৰাকী নহ'লেও সংসাৰত উদ্‌গতি কৰিব পাৰে।

 আগৰ কালত যি বিলাক মানুহে সংসাৰত উদ্‌গতি সাধন কৰি কীৰ্তি থৈ গৈছে তেওঁলোকে সকলোৱেই কৰ্ত্তব্য জ্ঞানত চহকী আছিল, তেওঁলোকে কৰ্ত্তব্য সাধনৰ নিমিত্তে প্ৰাণকো উৰ্চগা কৰিব পাৰিছিল। বৰ্তমান কালতো কৰ্ত্তব্য কামৰ তুলনাত প্ৰাণক তুচ্ছ দেখা মানুহ বহুত আছে। প্ৰত্যেক ডাঙৰ কামত এনেকুৱা এজন মানুহ নায়ক ন‍হ'লে কাম কেতিয়াও সুসিদ্ধ নহয়। এজনৰ কৰ্তব্যবোধৰ গুণত সহস্ৰ মানুহৰ প্ৰাণ ৰক্ষা পৰা, এজনৰ কৰ্তব্যবোধৰ গুণত অসাধ্যসাধন হোৱা, এজনৰ কৰ্তব্যবোধৰ গুণত অসাধ্য কাম সাধন হোৱা বুৰঞ্জীত বহুত পোৱা যায়। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত এবাৰ বিদ্ৰোহী চিপাহী বিলাকৰ কলাই খাৰৰ নাটনি হৈছিল। সেই সময়ত কাউনপুৰ অঞ্চলত এটা ইংৰাজ গভৰ্ণমেন্টৰ খাৰ ভঁৰাল আছিল, ভঁৰাল কলাই খাৰৰে ভৰপূৰ। বিদ্ৰোহী চিপাহীবিলাকে সেই ভঁৰালৰ ৰখীয়া বিষয়াজনক বুহুমূলীয়া ভেটিও যাচিছিল, কিন্তু ৰখীয়া বিদ্ৰোহীৰ চহনিত ভোল নহ'ল, তেওঁ ভঁৰালটো কোনোমতেই এৰি নিদিলে। অৱশেষত আন উপায় নেদেখি চিপাহীবিলাকে ভঁৰাল লবলৈ যুঁজ পাতিলে। ৰখীয়া বিষয়াজনৰ লগত ৰণুৱা অলপ মাথোন আছিল, বিদ্ৰোহীৰ চিপাহীৰ সংখ্যা সৰহ, গতিকে তেওঁ চিপাহীৰ ৰণত জিকিব নোৱাৰিলে। পাচত তেওঁ দেখিলে যে ভঁৰাল ৰাখিবৰ আৰু উপায় নাই, সি নিশ্চয় বিদ্ৰোহীৰ হাতত পৰিব, সেই দেখি তেওঁ তাক পুৰি পেলোৱা উচিত বিবেচনা কৰিলে। কিন্তু ভঁৰালত জুই দিলে তেওঁৰ প্ৰাণ ৰক্ষা নপৰে, তাৰ লগতে পুৰি মৰিব লাগিব। এইটো বৰ টান কথা, কিন্তু বিষয়া জনে ইয়াক টান যেন নাভাবিলে, তেওঁ নিৰ্ভয়ে গৈ ভঁৰালত জুই লগাই দিলে। খাৰৰ ভঁৰাল জুইৰ গোন্ধ পোৱা মাত্ৰই ভয়ঙ্কৰ শব্দ কৰি ছাৰখাৰ হ'ল, আৰু বিষয়াজনেও তাৰ লগতে প্ৰাণ এৰিলে। এইদৰে ভঁৰাল নষ্ট নকৰাহেঁতেন তাৰ বলত বিদ্ৰোহীবিলাকে দেশত আৰু বহুত উপদ্ৰব কৰিলেহেঁতেন। বিষয়াজনৰ কৰ্ম্মৰ গুণত ইমান এটা ভয়ঙ্কৰ বিপদ নিবাৰণ হ'ল। এই বিষয়া জনৰ কৰ্ত্তব্যবোধ