পৃষ্ঠা:সাৰথি (Sarothi).pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
সাৰথি

নহয়। ধনী মানুহ দুখত পৰিলে তাক পুতৌ কৰে, কিন্তু অৱস্থা লুকাই ভৰক মাৰি ফুৰিলে, সি পুতৌ নাপায়। এতেকে অৱস্থা হীন হ'লে বাজৰ ভৰক বাজৰ চাক-চিকুণালি এৰি দি খৰচ কমোৱা উচিত। ইয়াকে কৰিব নোৱাৰি বহুত মানুহ অথাই বিপদত পৰে। খৰচ কমাব বুদ্ধি দিলে এই বিলাক মানুহে কয় যে আগৰ চলন সিহঁতৰ স্বভাৱত বহি গৈছে তাক এৰিব নোৱাৰে। ইহঁত দুৰৱস্থাত পৰিলেও খাবলৈ ভাল বস্তু পিন্ধিবলৈ ভাল কাপোৰ বিচাৰে, দোলা-দুৰ্গোৎসৱ আদি যি বাপতীয়া বাৰ্ষিক থাকে তাকো আগৰ আড়ম্বৰেৰে চলায়। বৰ সবাহ, বৰভজ, দৌল-দুৰ্গোৎসৱ আদি বাৰ্ষিকে কিমান মানুহক দুখত পেলাইছে তাৰ লেখ দিব নোৱাৰি। এই বিলাক মানুহে জনা উচিত যে উৎসৱ আড়ম্বৰ আঢ্যৱন্ত বস্তু, দৰিদ্ৰক সি কেতিয়াও নুশুজে।

 আৰ্জ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়। ঋণক মানুহে পাপৰ লগত ৰিজায় আৰু কওঁতে ঋণ পাপ বুলি কয়, কাৰণ পপীয়া মানুহৰ দৰে ঋণী মানুহেও বহুত লাঞ্ছনা ভোগ কৰে। ঋণী মানুহে সমাজত গৰিহণা খায়, মান মৰ্য্যদা হেৰুৱায়, আৰু সিহঁতৰ মনৰ সুখ শান্তি নাইকিয়া হয়। ঋণক ব্যাধিৰ লগত ৰিজায়, কাৰণ ব্যাধিৰ লগত ঋণৰ বহুত মিল আছে। ব্যাধিয়ে মানুহৰ কাজ মাংস ক্ষয় কৰে, ঋণ অৱস্থা ক্ষয় কৰে অৰ্থাৎ অনুক্ৰমে অৱস্থাহীন কৰি নিয়ে। ব্যাধি এবাৰ হ'লে গুচাবলৈ টান। ব্যাধি অনুক্ৰমে বাঢ়ি যায়, ঋণো অনুক্ৰমে বাঢ়ি যায়। ব্যাধি থাকিলে শৰীৰৰ উদ্‌গতি নহয়, ঋণ থাকিলে অৱস্থাৰ উদ্‌গতি নহয়। এনেকুৱা ঋণ - ব্যাধি পৰাপক্ষত চপাই ল'ব নালাগে।

 ঋণে মানুহক খৰচী কৰে, কাৰণ দুখৰ ধন খৰচ কৰোঁতে মনত যেনে চিন্তা হয়, ঋণৰ ধন খৰচ কৰোঁতে তেনে চিন্তা নহয়। ধন আৰ্জ্জনৰ বহুত দুখ আৰু সেই দুখ আৰ্জ্জোতাৰ মনত সদায় থাকে, খৰচ কৰিবৰ সময়তো সেই দুখ মনত পৰে গতিকে দুখৰ ধনৰ অবাবত একড়া গ'লেও মন চেংচেঙ্গায়। কিন্তু ঋণ কৰি গোটোৱা ধন তেনে নহয়, সেইদৰে ধন গোটাওঁতে একো কষ্ট নাই, এনেকুৱা ধন বাটত পোৱা ধনৰ নিচিনা, এতেকে তাৰ দোপোণ ছকড়া অথলত গ'লেও মনত চেঙ্গা নালাগে। ধাৰ কৰি অনা ধন মানুহে ওৱাদানিকৈ