পৃষ্ঠা:সাৰথি (Sarothi).pdf/৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


এই এটা নীতিবচন সকলো মানুহৰ ভিতৰত চলিত আছে। এনে বচন মানুহৰ বহুত কালৰ সঞ্চিত জ্ঞানৰ পৰাহে ওলাইছে। বিদ্যা বুদ্ধিৰ বলত কামৰ প্ৰণালী সোনকালে শিকিব পাৰি, কিন্তু অভ্যাস নকৰিলে তাত পাৰ্গতালি নজন্মে। বিনা অভ্যাসে অকল বুদ্ধিৰ পৰা কোনো কৰ্ম্মৰ ফলোদয় নহয়। বুদ্ধি থাকিলে ৰান্ধনৰ প্ৰণালী একে তিলে শিকিব পাৰি, কিন্তু পাকৈত ৰান্ধনি হ'বলৈ অভ্যাসৰ আলম লাগে। চাঁচ বটালি চলাবৰ নিয়ম বৰ উজু, একে নিমিষতে তাক বুজি ল'ব পাৰি কিন্তু পৈণত বাঢ়ৈ, বহুত দিন অভ্যাস কৰিলেহে হয়। বাৰেমতৰাৰ আওভাও বুজিলেই পাঠৰ ক্ষমতা জন্মে, কিন্তু অভ্যাস নকৰিলে কোনোৱে ভাল পাঠক হ'ব নোৱাৰে। চানেকি বুজিলেই ফুলতী হয়, কিন্তু বহুতদিন অভ্যাস কৰিলেহে ভাল শিপিনী হ'ব পাৰে। ফলকথা চুটিকৈ ক'ব লাগিলে, বুদ্ধিয়ে বাট মোকলাই দিয়ে, অভ্যাসে তাক ফট্‌ফটীয়া কৰে। বুদ্ধিত চকু ফুকায়, অভ্যাসত হাত গজে।

সদায় কৰি থাকিলে কামত অভ্যাস জন্মে, অৰ্থাৎ সেই কামটো অপ্ৰয়াসে কৰিবৰ ক্ষমতা হয়। অভ্যাস জন্মিলে কামত বৰ পুৰুষাৰ্থ নালাগে। অভ্যাস স্বভাৱৰ গুপ্ত নাম, নিতৌ কৰা কাম স্বভাৱত পৰে। ল'ৰাই খোজ লওঁতে বল দিহে ভৰি চলায়, কিন্তু ডাঙৰ হ'লে আপোনা আপুনি খোজৰ পাছত খোজ উঠে, খোজ কাঢ়োঁতাই তাৰ গমেই নাপায়। ছাপা যন্ত্ৰত আখৰ-পাতিবলৈ শিকোঁতে প্ৰত্যেক আখৰক বিচাৰি বিচাৰি আনিব লাগে। কিন্তু অভ্যাস জন্মিলে আখৰটোৰ নাম কোৱা মাত্ৰেই তাত হাত পৰে। বাঁহী বজাবলৈ শিকোতেও কোনটো ফুটাত কেনেকুৱা মাত ওলায় তাক চাই চাই আঙুলি চলাব লাগে, কিন্তু অভ্যাস হৈ পৰিলে সুৰ অনুসৰি আঙুলি আপোনা-আপুনি চলে। এইদৰে আদিতে টান লগা কাম অভ্যাসত ইমান উজু হয় যে তাক কৰোঁতে পাচত মুঠে গুণিবই নালাগে।

অভ্যাসে সময় খৰচ কমায়। প্ৰথম শিকাৰু কাম এটাত যিমান সময় লাগে অভ্যাস থকা মানুহৰ সিমান নালাগে। ন লিখাৰুৱে যিমান সময়ত এপাত লিখে, পৈণত কাকতীয়ে সিমান সময়ত চাৰি পাত লিখে। ন বাঢ়ৈয়ে এচলা তক্তা চিকোনাওঁতে যিমান সময় লাগিব সেই সময়ৰ ভিতৰত এটা সুচক